চেন্নাইৰ বিৰুদ্ধে ১৩জন খেলুৱৈ ব্যৱহাৰ কৰি বিতর্কত মুম্বাই ইণ্ডিয়ানছ
ডিজিটেল ডেস্ক, ২৫ এপ্রিল : চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে বৃহস্পতিবাৰে খেলা আইপিএলৰ মেচখনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ মেচখনত হার্দিক পাণ্ডিয়া বাহিনীয়ে ১৩জন খেলুৱৈক খেলপথাৰত প্রৱেশ কৰাইছিল৷ বিশ্বাস কৰিব নোৱাৰা যেন লাগিলেও এয়াই সত্য৷ ইয়াৰ পিছতো মুম্বাই বাহিনীয়ে সুযোগ ল’ব নোৱাৰিলে৷
মেচখনত চিএছকেৰ হাতত ১০৩ ৰানত পৰাস্ত হয় মুম্বাই বাহিনী৷ মেচখনত মুম্বায়ে ১৩জন ক্রিকেটাৰক ব্যৱহাৰ কৰিছিল৷ মহম্মদ গাজানফৰৰ সলনি ইমপেক্ট প্লেয়াৰ হিচাপে আহিছিল ডেনিছ মালেৱাৰ৷ ফিল্ডিঙৰ সময়ত কেচ আয়ত্ত কৰাৰ সময়ত আঘাতপ্রাপ্ত হয় মিচেল ছাণ্টনাৰ৷ তেওঁৰ স্থানত শ্বার্দুল ঠাকুৰে কনকাছন ৰিপ্লেছমেণ্ট হিচাপে বেটিং কৰিবলৈ আহে৷ তথাপি মুম্বায়ে অতিৰিক্ত খেলুৱৈ ব্যৱহাৰ কৰিও কোনো সুবিধা ল’ব নোৱাৰিলে৷
আইচিচিৰ নিয়ম অনুসৰি কোনো খেলুৱৈৰ মূৰত আঘাত পালেহে আন কাৰোবাক কনকাছন ছাব হিচাপে খেলাব পাৰি৷ কিন্তু কান্ধত আঘাত পোৱা ছাণ্টনাৰৰ ঠাইত শ্বার্দুলে কেনেকৈ বেটিং কৰিবলৈ আহিল তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ আম্পায়াৰৰ সিদ্ধান্তক লৈও প্রশ্ণ উত্থাপন হৈছে৷ অৱশ্যে খেলৰ অন্তত মুম্বাইৰ প্রশিক্ষক মাহেলা জয়াৱর্ধনে কোনো নিয়ম উলংঘা হোৱা নাই বুলি দাবী কৰে৷
প্রশিক্ষকগৰাকীয়ে কয় যে ছাণ্টনাৰে কান্ধত আঘাত পাইছিল৷ কিন্তু তাৰ আগতে তেওঁ মূৰ আৰু ডিঙিত আঘাত পাইছিল৷ ইপিনে, ছাণ্টনাৰ এজন বাঁওহতীয়া স্পীনাৰ আৰু শ্বার্দুল এজন সোঁহতীয়া বেগী বলাৰ৷ গতিকে শ্বার্দুলক কেনেকৈ বেটিং কৰিবলৈ আমন্ত্রণ জনোৱা হ’ল সেই সন্দর্ভত জয়াৱর্ধনেই কয় যে আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাছিলোঁ৷ আমি নিশ্চিতভাৱে ছাণ্টনাৰৰ অৱস্থাৰ বিষয়ে অৱগত কৰি কনকাছন ছাবৰ বাবে আবেদন কৰিছিলোঁ৷ সিদ্ধান্ত মেচ ৰেফাৰী আৰু আম্পায়াৰসকলে লৈছিল৷ তেওঁলোকেই শ্বার্দুলক ড্রপ কৰিবলৈ দিছিল৷