নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈৰ প্রস্তাৱক সমর্থন কংগ্রেছ নেতা দেৱব্রত শইকীয়াৰ

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ সমাগত বিধানসভা নির্বাচনত বিজেপিক উৎখাতৰ স্বার্থত প্রতিটো সমষ্টিতে বিৰোধীয়ে উমৈহতীয়াভাৱে এগৰাকী প্রার্থী প্রক্ষেপ কৰাব লাগে বুলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দিয়া প্রস্তাৱক সমর্থন জনাইছে কংগ্রেছৰ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই৷ আজি সংবাদ মাধ্যমৰ আগত এই সম্পর্কত শইকীয়াই কয় যে বিৰোধীয়ে উমৈহতীয়া প্রার্থী প্রক্ষেপ কৰিব লাগে বুলি অখিল গগৈয়ে দিয়া প্রস্তাৱক তেওঁ সমর্থন কৰে৷ বিজেপিক মূল শত্রু হিচাপে লৈ সকলো বিৰোধী একলগ হ’ব লাগে বুলি তেওঁ ভাবে৷ অৱশ্যে অখিল গগৈৰ সেই পৰামর্শ সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাইহে মন্তব্য দিব পাৰিব৷

একে সময়তে এআইইউডিএফ সম্পর্কত অখিল গগৈয়ে যি মন্তব্য কৰিছে, সেই সন্দর্ভত এআইইউডিএফৰ প্রতিনিধিয়েহে মন্তব্য দিব পাৰিব বুলি তেওঁ কয়৷ কিন্তু ব্যক্তিগতভাৱে তেওঁ সকলো বিৰোধী ঐক্যবদ্ধ হোৱাটো বিচাৰে৷ আত্মসন্মানৰ কথা নাভাবি সকলো বিৰোধী একলগ হোৱা উচিত৷ নির্বাচনত টিকট দিয়াৰ ক্ষেত্রতো যিগৰাকী যোগ্য, তেওঁকেই টিকট দিয়া উচিত, লাগিলে তেওঁ যি দলৰেই নহওক৷ এইক্ষেত্রত দলবোৰে আত্মসন্মান হিচাপে ল’লে মূল লক্ষ্যৰ পৰা আঁতৰি যোৱাহে হ’ব৷ দলৰ স্বার্থৰ পৰিৱর্তে ৰাইজৰ স্বার্থক দলসমূহে গুৰুত্ব দিয়া উচিত৷ সেইদৰে এআইইউডিএফক বিজেপিৰ দৰে সাম্প্রদায়িক বুলি অখিল গগৈয়ে কৰা মন্তব্য সম্পর্কত বিজেপি নাইকিয়া হ’লে তেওঁলোকে সাম্প্রদায়িক বুলি ভবা এআইইউডিএফ দলো নোহোৱা হৈ যাব বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷

You might also like