নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিত মোদী জোৱাৰঃ ষড়যন্ত্রকাৰী দলক ক্ষমা নকৰিবলৈ ৰাজ্যবাসীক প্রধানমন্ত্রীৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ অসমৰ মান–সন্মান জড়িত চাহক ধ্বংস কৰাৰ ষড়যন্ত্রত নামিছে কংগ্রেছ৷ এনে ষড়যন্ত্র কৰাৰ পাছতো কংগ্রেছে এতিয়া ভোট খুজিবলৈ লাজ কৰা নাই৷ এনে ষড়যন্ত্রকাৰীক ক্ষমা নকৰিব৷ –শনিবাৰে এইদৰে তিনিচুকীয়া জিলাৰ চাবুৱাত সৰৱ হৈ পৰিল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷

অগপ প্রার্থী পোনাকণ বৰুৱাৰ লগতে বিজেপিৰ প্রার্থীসকলৰ সমর্থনত চাবুৱাৰ জানমুখ খেলপথাৰত আয়োজিত এখন বিশাল নির্বাচনী সভাত ভাষণ প্রদান কৰি প্রধানমন্ত্রী মোদীৰ মন্তব্য– দেশৰ সবাতোকৈ পুৰণি দল, যিয়ে ৫০–৫৫ বছৰ দেশ শাসন কৰিছে, সেই দলটোৱে আজি অসমৰ চাহক ধ্বংস কৰাত নামি পৰিছে৷ এনে এটা দলক ক্ষমা কৰিব পাৰিনে? চাহ ধ্বংস কৰিব খোজা কংগ্রেছে শাস্তি পাব লাগে৷ ৰাজনৈতিক অস্তিত্ব বচাবলৈ কংগ্রেছে ইমান তললৈ নামিব পাৰিব বুলি দেশবাসীয়ে ভবা নাছিল৷ কংগ্রেছে এতিয়া অসমৰ সুৰক্ষাৰ কথা ক’লে স্পষ্ট হৈ পৰে তেওঁলোকৰ ফোঁপোলা স্বৰূপ৷ তিনিচুকীয়া, ডিব্রুগড়, চাবুৱা, লাহোৱাল, মৰাণ, শিৱসাগৰ, দুলীয়াজান, নাহৰকটীয়া, টিংখাং, ডিগবৈ, মার্ঘেৰিটা সমষ্টিৰ পৰা অহা লক্ষাধিক জনতাক সম্বোধি প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত কয়– কংগ্রেছ এতিয়া অসমৰ ৰাইজৰ পৰা বহু দূৰত৷ এই কংগ্রেছে অসমৰ চাহক বদনাম কৰিবলৈ শ্রীলংকাৰ ফটো লগাইছে৷ কিছুদিন পূর্বে তেওঁলোকে টাইৱানৰ চাহ বাগিচাক অসমৰ চাহ বাগিচা বুলি কৈ প্রতিষ্ঠা কৰিব বিচাৰিছিল৷ যি ভুল বাৰম্বাৰ কৰে, সেয়া ভুল নহয়, সেয়া স্বভাৱ বুলি কয় মোদীয়ে৷ কংগ্রেছৰ এই স্বভাৱ অসমৰ ৰাইজৰ বাবে অপমান৷ অসমৰ চাহ শ্রমিকৰ সন্মান তথা চাহ জনগোষ্ঠীৰ সৈতে খেলা কৰা কংগ্রেছক কোনেও ক্ষমা নকৰে৷

মোদীয়ে পুনৰ কয়– শেহতীয়াকৈ টুলকিটত অসমৰ চাহক আৰু ঋষি–মুনিসকলে দিয়া যোগক ধ্বংস কৰাৰ বাবে এক পৰিকল্পনা ৰচনা হৈছিল৷ এই পৰিকল্পনা কৰাসকলক কংগ্রেছে এতিয়া সহযোগ কৰে৷ অসমৰ চাহ বাগিচাসমূহ যাতে লোকচানৰ সন্মুখীন হয়, সেই লক্ষ্যৰে টুলকিট বনোৱাসকলে পৰিকল্পনা কৰিছিল৷ এই ষড়যন্ত্রকাৰীসকল এতিয়া কংগ্রেছৰ আপোন৷ কংগ্রেছে অসমৰ কলা–সংস্কৃতি, পৰম্পৰাক সম্পূর্ণৰূপে পাহৰি গৈছে৷ মই যেতিয়া অসম তথা উত্তৰ–পূবৰ বিভিন্ন অঞ্চললৈ যাওঁ, তাৰ পৰম্পৰাক আদৰি লওঁ৷ অসমৰ গামোচাখনক লৈ মই গর্ব কৰোঁ, সন্মান কৰোঁ৷ অসমীয়াতে ভাষণ আৰম্ভ কৰা প্রধানমন্ত্রীয়ে সকলোকে ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰি স্বর্গদেউ চাওলুং চুকাফা, মটক ৰজা সর্বানন্দ সিংহ, বীৰ ৰাঘৱ মৰাণ, চাইমন সিং হৰ’, সন্তোষ তপ্পক সুঁৱৰি কয়– এনে একাধিক মহান নেতাৰ অৱদানেৰে উজ্জীৱিত এই পৱিত্র ভূমিত থিয় হ’বলৈ পাই মই গৌৰৱান্বিত৷ চাবুৱাৰ চাহৰ সুগন্ধি সমগ্র দেশতে বিয়পি আছে৷ সমগ্র বিশ্বক এই সুগন্ধি বিলোৱা তথা চাহ শিল্পৰ সৈতে জড়িতসকলক নিঃশেষ কৰাৰ বাবে কংগ্রেছে কৰা ষড়যন্ত্রই মোক দুখ দিয়ে৷ ৰাইজেই এই ষড়যন্ত্রকাৰীসকল উচিত শিক্ষা দিব লাগিব৷ এই পৱিত্র ভূমিৰ চাহ শিল্পক তুলি ধৰাৰ বাবে যিসকল ভাই–ভনীয়ে তেজ–ঘাম একাকাৰ কৰিছে, সেইসকল ভাই–ভনীক লৈ আজি কংগ্রেছে ৰাজনীতি কৰে৷ এজন চাহৱালা হৈ মই এইসকল ভাই–ভনীৰ মর্মবেদনা সঠিকভাৱে উপলব্ধি কৰিব পাৰোঁ৷ অসমৰ চাহ বাগিচা তথা চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে কেন্দ্রীয় বাজেটত এহেজাৰ কোটি টকা ধার্য কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে শ্রমিকৰ মজুৰি বৃদ্ধিৰ বিষয়টো আদালতৰ মজিয়াত থকা বাবে বিজেপি চৰকাৰে মজুৰি বৃদ্ধি কৰিব নোৱাৰিলে৷

আনহাতে, ক্ষমতাৰ গাদী দখলৰ লক্ষ্যত কংগ্রেছে অসমৰ সভ্যতা–সংস্কৃতি বিনষ্টকাৰী শক্তিৰে মিত্রতা কৰিছে বুলি অভিযোগ তুলি প্রধানমন্ত্রীয়ে কয়– অসমৰ পৰম্পৰা, সভ্যতা–সংস্কৃতিৰ ধ্বংসকাৰীৰ সৈতে মিত্রতা কৰা কংগ্রেছক পুলিয়ে–পোখাই উভালিব লাগিব৷ অসমত ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে অসমৰ কৃষকৰ বাবে, চাহ বাগিচাৰ শ্রমিকৰ বাবে বিজেপি চৰকাৰে বহু আঁচনি গ্রহণ কৰিছে৷ এন ডি এ চৰকাৰে অসমৰ যুৱক–যুৱতীৰ কর্মসংস্থাপনৰ বিষয়টো গভীৰভাৱে গ্রহণ কৰি এইক্ষেত্রত যাৱতীয় পদক্ষেপ গ্রহণ কৰিছে৷ ভাষণ প্রসংগত ৰাজ্যৰ যাতায়াত ব্যৱস্থাৰ দ্রুত উন্নয়ন হোৱা বুলি মন্তব্য কৰি তেওঁ বগীবিল, ধলা–শদিয়া দলঙৰ কথা উল্লেখ কৰে৷

অসমৰ জৈৱিক খেতিয়ে সমগ্র মধ্যপ্রাচ্যত সমাদৰ লাভ কৰিছে বুলি কৈ মোদীয়ে কয়– উত্তৰ–পূব জৈৱিক খেতিৰ বাবে যথেষ্ট সম্ভাৱনা থকা ঠাই৷ অসমৰ এই জৈৱিক খেতিত উৎপাদিত শস্য পশ্চিম ভাৰতৰ বজাৰলৈ ৰে’লেৰে লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে৷ আজি তিনিচুকীয়াৰ পৰা মধ্যপ্রদেশলৈ কৃষকৰ সামগ্রী কঢ়িয়াই ৰে’ল চলিছে৷ এই ৰে’লেৰে ফলমূল, শাক–পাচলি দেশৰ বৃহৎ বৃহৎ বজাৰলৈ নিয়া হৈছে৷ ইয়াৰ দ্বাৰা অসমৰ অনেক যুৱক–যুৱতীয়ে কর্মসংস্থান উলিয়াবলৈ সক্ষম হৈছে৷ অসমৰ জলপথ আছিল দেশৰ আটাইতকৈ সুচল আৰু শক্তিশালী জলপথ৷ কিন্তু কংগ্রেছ চৰকাৰৰ শাসনত ইয়াক সম্পূর্ণৰূপে অৱহেলা কৰা হ’ল৷ যাৰ বাবে গোলকীয় বজাৰ দখলত ব্যর্থ হ’ল অসম৷ কিন্তু বিজেপি চৰকাৰে এই জলপথৰ জৰিয়তে অসম তথা উত্তৰ–পূবক দেশৰ আন বৃহৎ বজাৰৰ লগত সংযোগ কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে৷ যোগীঘোপাত এক বৃহৎ লজিষ্টিক পার্ক নির্মাণ কৰা হৈছে৷ কংগ্রেছৰ অপপ্রচাৰত ভোল নাযাবলৈ আহ্বান জনাই উপস্থিত ৰাইজক অসমৰ শান্তি–সম্প্রীতি–বিকাশ স্বার্থত বিজেপি আৰু মিত্রজোঁটৰ প্রার্থীসকলক জয়যুক্ত কৰাবলৈ আহ্বান জনায় প্রধানমন্ত্রীয়ে৷

ইয়াৰ পূর্বে নির্বাচনী সভাখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যখনৰ ক্ষিপ্র উন্নয়নৰ বাবে যি সুযোগ প্রদান কৰিলে, তাৰ বাবে অসমে আজি ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ দক্ষতা, যোগ্যতা প্রকাশৰ বাবে প্রধানমন্ত্রী মোদীয়ে যি সুযোগ প্রদান কৰিছে, তাৰ বাবে অসমৰ প্রতিটো জাতি–জনগোষ্ঠী আজি সন্মান সহকাৰে স্বাভিমানেৰে জীৱন নির্বাহ কৰিবলৈ সক্ষম হৈছে৷ আজি প্রধানমন্ত্রীৰ আগমনৰ পূর্বে মুখ্যমন্ত্রীয়ে চাবুৱাৰ এ টি ৰোডৰ পৰা তিনিচুকীয়াৰ জনামুখ খেলপথাৰলৈ বিশাল বাইক ৰেলী কৰি বিজেপি আৰু ইয়াৰ মিত্রজোঁটৰ প্রার্থীসকলৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ শনিবাৰে বিশাল নির্বাচনী সভাত মুখ্যমন্ত্রী সোণোৱালৰ লগতে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্যিক শ্রমমন্ত্রী সঞ্জয় কিষাণ, চাবুৱাৰ অগপ প্রার্থী পোনাকণ বৰুৱা, লাহোৱালৰ প্রার্থী বিনোদ হাজৰিকা, ডিগবৈৰ প্রার্থী সুৰেন ফুকন, মৰাণৰ প্রার্থী চক্র গগৈ, টিংখাঙৰ প্রার্থী বিমল বৰা আৰু ডিব্রুগড়ৰ প্রার্থী প্রশান্ত ফুকন উপস্থিত থাকে৷

You might also like