নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্ৰত অৱতৰণ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত : মোদী

বিশেষ বাৰ্তা, ২৩ আগষ্টঃ আজি ইতিহাস সৃষ্টি কৰিলে ভাৰতে। চন্দ্ৰযান-৩ চন্দ্ৰৰ পৃষ্ঠত ছফট অৱতৰণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ইয়াক লৈ সুখ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “যেতিয়া আমি আমাৰ চকুৰ সন্মুখত ইতিহাস ৰচনা হোৱা দেখিবলৈ পাওঁ তেতিয়া জীৱন ধন্য হৈ পৰে। ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হৈছে, য’ত আজিলৈকে পৃথিৱীৰ কোনো দেশেই পোৱা নাই। আজিৰ পৰা চন্দ্ৰৰ লগত জড়িত পুৰাকথাবোৰ সলনি হ’ব। চন্দা মামা বহু দূৰত বুলি কোৱা হৈছিল। এতিয়া ল’ৰা-ছোৱালীয়ে ক’ব যে চন্দা মামা মাত্ৰ ভ্ৰমণৰ বাট। আমি পৃথিৱীত এটা সংকল্প লৈছিলো আৰু লগতে চন্দ্ৰতো সেইটো বাস্তৱত পৰিণত কৰিছিলো। ভাৰত এতিয়া চন্দ্ৰত আছে।” তেওঁ কয়, “আগতে কোনো দেশ তাত (চন্দ্ৰৰ দক্ষিণ মেৰু) পোৱা নাই। আমাৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবেই আমি তাত উপনীত হ’লোঁ। এসময়ত কোৱা হৈছিল যে চন্দা মামা বহুত দূৰত, এতিয়া এদিনৰ বাটহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ প্ৰক্ৰিয়াটো চাবলৈ দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ চহৰৰ পৰা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) কেন্দ্ৰত যোগদান কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।

You might also like