নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীক হত্যাৰ ভাবুকি দি ৰঙাঘৰত ধূপধৰাৰ যুৱক

পাকিস্তানৰ বাসিন্দা বুলি ফেচবুক একাউণ্টত পোষ্ট

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ  নিজকে পাকিস্তানৰ বাসিন্দা বুলি জাহিৰ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীক বোমাৰে হত্যা কৰাৰ লগতে চৰম দেশবিৰোধী তথা বিতর্কিত মন্তব্য ফেচবুকত পোষ্ট কৰি ৰঙাঘৰৰ আলোহী হ’বলগীয়াত পৰিছে গোৱালপাৰা জিলাৰ ধূপধৰা আমবাৰীৰ এজন যুৱক৷ ধূপধৰা আমবাৰীৰ মাহদুত আলম নামৰ যুৱকজনে যোৱা ২ ছেপ্টেম্বৰত নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে নিজকে পাকিস্তানৰ বাসিন্দা বুলি পৰিচয় দিয়াৰ লগতে পাকিস্তান জিন্দাবাদ, ইণ্ডিয়া মুর্দাবাদ বুলি দেশবিৰোধী মন্তব্য দিয়াৰ লগতে পাকিস্তানৰ পৰা বোমা আনি প্রধানমন্ত্রী নৰেন্দ্র মোদীক হত্যা কৰিব বুলি ভাবুকি দিয়াৰ সমান্তৰালকৈ ভাৰতীয় মানুহক হত্যা কৰিম, ৰাভা হাছঙৰ কার্যালয় জ্বলাই দিম বুলি ভাবুকি দিয়ে৷ মাহদুত আলমৰ এই বিতর্কিত পোষ্ট ভাইৰেল হৈ পৰাৰ লগে লগে ক্ষুণ্ণ হৈ পৰে ধূপধৰাবাসীৰ লগতে স্থানীয় দল–সংগঠন৷ যুৱকজনৰ এনে বিতর্কিত পোষ্টৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰা ধূপধৰা আঞ্চলিক ৰাভা ছাত্র সন্থা, ধূপধৰা অঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থা, ধূপধৰা আঞ্চলিক ছাত্র সন্থা, ধূপধৰাবডো আঞ্চলিক ছাত্র সন্থাৰ লগতে আন কেইবাটাও সংগঠনে ধূপধৰা আৰক্ষী থানাত মাহমুদ আলমৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰে৷ ইয়াৰ পাছতে ধূপধৰা আৰক্ষীয়ে ধূপধৰা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি/১২১/১২এৰ লগতে কেইবাটাও ধাৰাত ৭৩/২০ নম্বৰত গোচৰ ৰুজু কৰি মাহদুত আলমক আটক কৰি আজি জে’ল–হাজোতলৈ প্রেৰণ কৰিছে৷ এই ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে ধূপধৰাত৷ মন কৰিবলগীয়া যে ধৃত মাহদূত আলম কর্মসূত্রে পিতৃৰ স’তে গোৱাত থাকে৷ বিমানেৰে আজি পিতা পুত্র গোৱালৈ উভতি যোৱাৰ যো–জা চলাইছিল৷ ধৃত মাহদুত আলমে ফেচবুক একাউণ্টত বিগত ২ ছেপ্ঢেম্বৰত এনেধৰণৰ পোষ্টৰ লগতে পাকিস্তানৰ পতাকা তথা পাকিস্তান আর্মীৰ সমর্থনত কেতবোৰ ফটোও আপলোড কৰিছিল৷ উল্লেখ্য যে ধূপধৰাত সঘনে এইদৰে ফেচবুকত একাংশ যুৱকে দেশবিৰোধী পোষ্ট দি ৰঙাঘৰৰ আলহী হ’বলগীয়াত পৰিছে৷

You might also like