নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ বছৰীয়া কেৰিয়াৰ সামৰিবলৈ সাজু ইয়ান বেল

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ ইংলেণ্ডৰ একালৰ নির্ভৰযোগ্য মিডল অর্ডাৰ বেটছমেন ইয়ান বেলে অৱসৰ ঘোষণা কৰিছে৷ চলিত বর্ষৰ ঘৰুৱা ছিজনৰ পিছতে তেওঁ ২২ বছৰীয়া কেৰিয়াৰ সামৰিব৷ ৩৮ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে যোৱানিশা টুইটাৰত এই কথা ঘোষণা কৰে৷ ইংলেণ্ডৰ হৈ পাঁচবাৰ ঐতিহাসিক এছেজ শৃংখলা জয়ৰ সোৱাদ লাভ কৰা ইয়ান বেলে আন্তঃৰাষ্ট্রীয় ক্রিকেটত ২৬টা শতকসহ ১৩,৩৩১ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷

ইংলেণ্ডৰ হৈ চতুর্থ সর্বাধিক ৰান সংগ্রহ কৰা মিডল অর্ডাৰ বেটছমেনগৰাকীয়ে ১১৮খন টেষ্ট, ১৬১খন এদিনীয়া আৰু ৮খন টি–২০ মেচ খেলিছে৷ টেষ্টত তেওঁ ৭,২২৭ ৰান, এদিনীয়াত ৭,০১৯ ৰান আৰু টি–২০ত ১৮৮ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ সম্প্রতি তেওঁ কাউণ্টী ক্রিকেটত ৱাৰউইকশ্বেয়াৰ দলৰ হৈ খেলি আছে৷

You might also like