নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মই জীয়াই আছোঁ’ : জী উঠিল অভিনেত্ৰী পুনম পাণ্ডে

বিশেষ বাৰ্তা, ৩ ফেব্ৰুৱাৰী : আশ্চৰ্যজনকভাৱে জী উঠিল অভিনেত্ৰী পুনম পাণ্ডে। শুকুৰবাৰে বলীউডৰ অভিনেত্ৰী, মডেল পুনম পাণ্ডেৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ অনুৰাগীসকল স্তম্ভিত হৈ পৰিছিল। ইমান কম বয়সতে মডেলগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সকলো শোকত ম্ৰিয়মাণ হৈ পৰিছিল। শুকুৰবাৰে ছ’চিয়েল মিডিয়াত পুনম পাণ্ডেৰ মৃত্যুক লৈ চৰ্চা চলিছিল। মুনাৱাৰ ফাৰুকী, কৰণ কুন্দ্ৰা, কৰণবীৰ, পূজা ভট্ট, কংগনা ৰাণাৱতেও  সমবেদনা জ্ঞাপন কৰিছিল। পুনমৰ মৃত্যুৰ খবৰক কোনেও বিশ্বাস কৰিব বিচৰা নাছিল। অৱশ্যে শনিবাৰে সকলোকে আচৰিত কৰি অভিনেত্ৰীগৰাকীয়ে নিজেই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি কয়- ‘মই জীয়াই আছোঁ।’ এই ঘটনাৰ পিছত নেট জগতত সমালোচনাৰ ধুমুহা বলিছে। সকলোৱে মডেলগৰাকীৰ এই ধৰণৰ ল’ৰা-ধেমালিক কটু সমালোচনা কৰিছে। অৱশ্যে পুনম পাণ্ডেই এই সন্দৰ্ভত কয়- আচলতে জৰায়ুৰ কৰ্কট ৰোগৰ বিষয়ে বিশেষ সজাগতা নাই। এই বিষয়ে সকলোকে অধিক সচেতন কৰিবলৈ তেওঁ ছাৰ্ভাইকেল কেন্সাৰত মৃত্যুৰ খবৰ বিয়পাই দিছিল। ইয়াৰ বিপৰীতে পুনম পাণ্ডেৰ এই কাৰ্যৰ পিছত অনুৰাগীয়ে অশ্লীল মন্তব্যৰে তেওঁক সমালোচনা কৰিছে।  অৱশ্য়ে এই কাৰ্যৰ বাবে মডেলগৰাকীয়ে ক্ষমাও খোজে।

You might also like