🔹 অভিনেত্রী নন্দিনী কাণ্ডৰে ইউএছটিএমৰ আচার্যৰ সংযোগ
বিশেষ বাৰ্তা, ১ আগষ্ট : অভিনেত্রী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ মৃত্যুৰে হাস্পতালত যুঁজি থকাৰ সময়তে ছামিউল হকৰ পৰিয়ালক গোচৰ উঠাবলৈ হেঁচা প্রয়োগ কৰিছিল মেঘালয়ৰ ইউএছটিএমৰ আচার্য মহবুবুল হকে৷ মেধাৱী যুৱকজনৰ মৃত্যুৰ দুদিন পিছতে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মোমায়েক জেহিৰুল হকে৷
উল্লেখ্য যে আৰক্ষীৰ চমন মর্মে যোৱা ২৮ জুলাইত দিছপুৰ থানাত উপস্থিত হোৱা নন্দিনী কাশ্যপক জেৰা চলাই থকাৰ মাজতে নিজৰ ব্যক্তিগত সহায়কৰ দ্বাৰা ইউএছটিএম প্রাংগণলৈ আচার্য মহবুবুল হকে মতাই নিছিল যুৱকজনৰ পৰিয়ালৰ লোকক৷ মোমায়েক জেহিৰুল হকে কালি সদৰী কৰা মতে, মহবুবুল হকে গোচৰটো উঠাই লোৱাৰ বিনিময়ত তিনিটা কিস্তিত মুঠ ৫ লাখ টকা দিয়াৰ প্রস্তাৱ দিছিল৷ অকল এইখিনি ধনেই নহয়, ছামিউলৰ চিকিৎসাৰ সমগ্র ব্যয় বহন কৰাৰ প্রতিশ্রুতি দিছিল মহবুবুল হকে৷ তেওঁলোকৰ সন্মুখতে নন্দিনী কাশ্যপৰ সৈতে কথা পাতি প্রয়োজনীয় সকলো সহায় কৰাৰ প্রতিশ্রুতি দিয়া মহবুবুল হকে ছামিউলৰ মৃত্যুৰ পাছত কালিলৈকে কোনো খবৰ নকৰাক লৈ ক্ষুব্ধ হৈ পৰিছে পৰিয়ালটো৷
মৃত ছামিউল হকৰ পৰিয়ালৰ এই অভিযোগৰ পাছতে অভিনেত্রী নন্দিনী কাশ্যপৰ সৈতে ইউএছটিএমৰ আচার্য মহবুবুল হকৰ কি ধৰণৰ সম্পর্ক আছিল, তাক লৈ সৰৱ চর্চা চলিছে৷ ভয়ংকৰ পথ দুর্ঘটনাই এজন সম্ভাৱনাময় যুৱকৰ প্রাণ অকালতে কাঢ়ি নিলে৷ দুর্ভগীয়া পিতৃ–মাতৃয়ে পুত্রৰ মৃত্যুৰ ন্যায় বিচাৰি চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ জনাইছে৷ তাৰ পিছত এগৰাকী অভিযুক্তক ৰক্ষা কৰিবলৈ বিতর্কিত মহবুবুল হকে গোচৰ উঠাবলৈ ভুক্তভোগীৰ পৰিয়ালৰ মানুহক হেঁচা দিয়া বিষয়টোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷ নিজকে সততে শিক্ষাবিদ বুলি জাহিৰ কৰা বিতর্কিত মহবুবুল হকৰ এই কাণ্ডই ৰাজ্যৰ বিভিন্ন মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷
উল্লেখ্য যে মেঘালয়ৰ পাহাৰ খননেৰে অসমক প্লাৱিত কৰা মহবুবুল হকক পূর্বতেও আৰক্ষীয়ে ধনৰ বিনিময়ত ছাত্র–ছাত্রীক নকল কৰাৰ সুবিধা দিয়াক লৈ গ্রেপ্তাৰ কৰিছিল৷ উক্ত বিতর্কৰ চাঞ্চল্য মাৰ নৌযাওঁতেই অভিনেত্রী নন্দিনী কাশ্যপক ৰক্ষা কৰিবলৈ হাবু–ডুবু খাই পৰা মহবুবুল হকৰ এই কাণ্ডৰ পিছত আৰক্ষীয়ে তদন্তৰ আওতালৈ নিব নে নাই, সেয়াও সাম্প্রতিক সময়ৰ এক গুৰুত্বপূর্ণ প্রশ্ণ হৈ উঠিছে৷