নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১,৭০০ প্রজাতিৰ ঔষধি গছেৰে অসম হ’ব ‘মেডিচিন হাব’

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ ঔষধি গুণসম্পন্ন ১,৭০০তকৈও অধিক প্রজাতিৰ গছেৰে অসম কার্যতঃ ‘মেডিচিন হাব’ত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে৷ ইয়াৰ লগে লগে ৰাজ্যখন পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ অভিকেন্দ্র ৰূপে চিহ্ণিত হ’ব৷ অসম তথা উত্তৰ–পূর্বাঞ্চলত হাবি–বননিত থকা ঔষধি গছসমূহ চিনাক্তকৰণৰ ক্ষেত্রত বিশেষভাৱে গুৰুত্ব প্রদান কৰিছে কেন্দ্রীয় আয়ুস মন্ত্রালয়ে৷ সোমবাৰে আয়ুস মন্ত্রালয়ৰ অধীনৰ গুৱাহাটীস্থিত কেন্দ্রীয় আয়ুর্বেদিক গৱেষণা প্রতিষ্ঠান আৰু আঞ্চলিক হোমি’পেথিক গৱেষণা প্রতিষ্ঠান পৰিদর্শন কৰে কেন্দ্রীয় আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালে৷ পৰিদর্শনকালত কেন্দ্রীয় আয়ুস মন্ত্রী সোণোৱালে প্রতিষ্ঠানত গৱেষক–বিজ্ঞানী তথা সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে আয়ুসৰ গৱেষণা–প্রসাৰ সম্পর্কীয় বিভিন্ন বিষয় বিস্তৃতভাৱে আলোচনা কৰে৷

পাছত সংবাদ মাধ্যমেৰে হোৱা বার্তালাপত তেওঁ কয়– উত্তৰ–পূর্বাঞ্চলত যিমান গছ–গছনি আছে, তাৰ কিমানসংখ্যক ঔষধি গুণসম্পন্ন সেয়া আৱিষ্কাৰ কৰাটোৱে হৈছে এই প্রতিষ্ঠানৰ মূল লক্ষ্য৷ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি ভৱিষ্যতে এই ঔষধি গছসমূহৰ পৰা ঔষধ প্রস্তুত কৰি মানৱ সমাজৰ স্বাস্থ্য সুৰক্ষিত কৰাটো আন এক উদ্দেশ্য৷ অসম তথা উত্তৰ–পূর্বাঞ্চলত যিমান গাঁও–ভিতৰুৱা অঞ্চল আছে তাত বসবাস কৰা জনসাধাৰণৰ লগত কথা পাতিবলৈ এই গৱেষণা কেন্দ্রত থকা বিজ্ঞানী–গৱেষকসক মই আহ্বান জনাইছোঁ৷ বিভিন্নজনৰ মাজত হয়তো বিভিন্ন ধৰণৰ তথ্য মজুত আছে৷ যিবোৰ আনুষ্ঠানিকভাৱে সংগ্রহ হোৱা নাই৷ অসমৰ বুকুত ৪ হাজাৰতকৈ অধিক প্রজাতিৰ গছ–গছনি আছে৷ ইয়াৰ ভিতৰত ১,৭০০তকৈও অধিক প্রজাতিৰ গছ–গছনি ঔষধি গুণ থকা৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বুকুত লুকাই থকা বহু ঔষধি গুণসম্পন্ন গছ–গছনি এতিয়াও আৱিষ্কাৰ কৰিবলৈ বাকী আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আয়ুস তথা পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ প্রসাৰত যথেষ্ট গুৰুত্ব আৰোপ কৰাৰ কথাও তেওঁ উল্লেখ কৰে৷

বিশ্বত আয়ুসৰ বজাৰখনে এক লাখ কোটি টকা স্পর্শ কৰা বুলি মন্তব্য কৰি কেন্দ্রীয় আয়ুস মন্ত্রী সোণোৱালে পুনৰ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোনক সাৰোগত কৰি আয়ুস মন্ত্রালয়ে ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত যাৱতীয় সকলো পদক্ষেপ গ্রহণ কৰি আহিছে৷ এই দিশত অসম তথা উত্তৰ–পূবত থকা সুযোগ আৰু সম্ভাৱনাৰ অন্বেষণ কৰি আয়ুস ব্যৱস্থাক অধিক শক্তিশালী ৰূপ দিবলৈ বিজ্ঞানী তথা সংশ্লিষ্ট কর্তৃপক্ষক মই আহ্বান জনাইছোঁ৷ বিভিন্ন ৰাষ্ট্রৰ সৈতে কেন্দ্রীয় চৰকাৰে আয়ুস ব্যৱস্থাৰ গুৰুত্ব বৃদ্ধি আৰু ইয়াৰ প্রসাৰৰ বাবে সহযোগিতাৰে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে৷

কেন্দ্রীয় আয়ুস মন্ত্রী সোণোৱালে আয়ুস খণ্ডটোৰ গুৰুত্ব বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি এইক্ষেত্রত মনোনিৱেশেৰে দেশৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ প্রসাৰৰ ক্ষেত্রত অগ্রণী ভূমিকা ল’বলৈও যুৱপ্রজন্মক আহ্বান জনায়৷ উল্লেখ্য যে গুৱাহাটীৰ কেন্দ্রীয় আয়ুর্বেদিক গৱেষণা প্রতিষ্ঠান চৌহদত ২০১বিধ ঔষধি গুণসম্পন্ন গছৰ এখন উদ্যান স্থাপন কৰা হৈছে৷   কেন্দ্রীয় আয়ুস মন্ত্রী সোণোৱালে এই উদ্যানখনো পৰিদর্শন কৰে৷

উল্লেখ্য যে ঔষধি গুণসম্পন্ন গছেৰে পৰম্পৰাগত চিকিৎসাৰ দৰব প্রস্তুত কৰি অসম নিঃসন্দেহে দৰব প্রস্তুতকৰণৰ এক উল্লেখনীয় ক্ষেত্র হোৱাৰ প্রচুৰ সম্ভাৱনা আছে৷ এইক্ষেত্রত আয়ুস মন্ত্রালয়েও যথেষ্ঠ গুৰুত্ব প্রদান কৰিছে৷ স্মর্তব্য যে অসমত থকা ঔষধি গছসমূহৰ পৰা দৰব প্রস্তুতকৰণৰ সংঘবদ্ধ পৰিকল্পনা ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়ে ৰাজ্যখনলৈ প্রচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে৷

You might also like