নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত ভোগালী বিহু পালন ‘সৃজন’ৰ

 নিয়মীয়া বাৰ্তা  ২৫ জানুৱাৰী: দেওবাৰে গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে ভোগালী বিহু উদযাপন কৰে বেচৰকাৰী সংস্থা সৃজনৰ সদস্যসকলে। ভোগালী বিহুৰ সময়ত এইসকল শিক্ষাৰ্থীৰ সৈতে বিহুৰ আনন্দ বিলাই লোৱাৰ বাবে সৃজনে এই পদক্ষেপ গ্ৰহণ কৰে। শিক্ষাৰ্থী সকলৰ সৈতে বিহুৰ জলপান গ্ৰহণ কৰে সৃজনৰ সদস্যসকলে। লাড়ু পিঠা দৈ চিৰাৰ জুতি লৈ আনন্দত আত্মহাৰা হৈ পৰে বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকল।

লগতে শিক্ষকৰ্থীসকলে দীৰ্ঘদিনে ভুগি অহা সমস্যাৰো বুজ লয় সংস্থাটোৱে। শিক্ষাৰ্থী সকলে সৃজনক এই কাৰ্যসূচীৰ জৰিয়তে মৰম বিলাই দিয়াৰ প্ৰচেষ্টাৰ শলাগ লয়। এই অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰীও উপস্থিত থাকে। উল্লেখযোগ্য যে আগন্তুক দিনবোৰতো এইসকল বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ সৈতে ভাল বেয়া সকলো সময়তে সহযোগ কৰিব বুলি জনায় সৃজনৰ সভাপতি সীমান্ত ঠাকুৰীয়াই।

You might also like