নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছেছ ইণ্ডিয়া ইন্টাৰনেচনেল উইনাৰ মুকুট দুলীয়াজানৰ সুস্মিতা ফুকনলৈ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ VVN  Entertainmentৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ টাউন ক্লাবত দুখনকৈ সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। যোৱা ২৭ জুলাইত অনুষ্ঠিত  “মিছেছ ইণ্ডিয়া ইন্টাৰনেচনেল” আৰু “মিছেছ ৱৰ্ল্ড ৱাইড ক্ৰাউন ডিৱা এৱাৰ্ড” প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী খিতাপেৰে তৈলনগৰী দুলীয়াজানলৈ গৌৰৱ কঢ়িয়াই আনিছে সুস্মিতা ফুকনে। একেদিনাই অনুষ্ঠিত দুয়োখন প্ৰতিযোগিতাত আন কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে সুস্মিতাই । উত্তৰ-পূৰ্বাঞ্চলকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আশীৰো অধিক প্ৰতিযোগীয়ে যোগদান কৰা এই প্ৰতিযোগিতাত মিছেছ ইণ্ডিয়া ইন্টাৰনেচনেল উইনাৰ খিতাপ অৰ্জন কৰাৰ লগতে মিছেছ ৱৰ্ল্ড ৱাইড ক্ৰাউন ডিৱা এৱাৰ্ডত বিজয়ী হ’বলৈ সক্ষম হয় সুস্মিতাই। তদুপৰি বিচাৰকৰ দৃষ্টিত ছাব টাইটেলত বেষ্ট পাৰ্চনেলিটী আৰু বেষ্ট আনচাৰ সন্মান লাভ কৰে। দুয়োখন প্ৰতিযোগিতাত বিজয়ী সন্মান অৰ্জন কৰাৰ পাছতে মিছেছ ইউনিভাৰ্চ প্ৰতিযোগিতালৈ পোনপটীয়াকৈ নিৰ্বাচিত হৈছে সুস্মিতা। পৰৱৰ্তী পৰ্যায়ত “মিছেছ ইউনিভাৰ্ছ” আৰু “মিছেছ এছিয়া পেচিফিক”ৰ বাবে প্ৰস্তুতি চলাই থকা সুস্মিতাই মডেলিঙৰ প্ৰতি আগ্ৰহীসকলক উদ্দেশ্যি কয় যে ধৈৰ্য, কষ্টসহিষ্ণু আৰু যদি সাহসী মন থাকে, যিকোনো লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’বই । মনোবল দৃঢ় হ’লে কোনো বাধাই প্ৰাচীৰ হ’ব নোৱাৰে। অসম গেছ কোম্পানীৰ মুখ্য প্ৰৱন্ধক দেৱাশীষ বৰুৱাৰ পত্নী আৰু এগৰাকী সুকন্যাৰ মাতৃ সুস্মিতাই এই পৰ্যন্ত ৰাজ্য তথা বহিঃৰাজ্যৰ প্ৰায় ৭০খন সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন খিতাপ অৰ্জন কৰাৰ লগতে উচ্চ প্ৰশংসিত হৈছে।
প্ৰেৰক কৃষ্ণা গগৈ
You might also like