নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাদী কা অমৃত মহোৎসৱঃ আৰক্ষীৰ উদ্যোগত ধুবুৰীত বিশাল চাইকেল ৰেলী

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ‘আজাদি কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি আজি ধুবুৰী আৰক্ষীৰ উদ্যোগত এটা চাইকেল ৰেলি অনুষ্ঠিত হয়। আজি পুৱা ৮টা বজাত চহৰৰখনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপৰ পৰা কণকণ স্কুলীয়া ছাত্ৰ–ছাত্ৰীয়ে পতাকা দেখুৱাই ৰেলিটোৰ আনুষ্ঠানিক ভাৱে ‘ফ্লেগ অফ্’ কৰে। চহৰখনৰ জিটিবি ৰোডহৈ ধুবুৰী পৌৰসভা এলেকাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি ধুবুৰীস্থ আৰক্ষী ছাউনি পথাৰত উপস্থিত হোৱাৰ পিছত বিশাল সেই ‘ত্ৰিৰংগা চাইকেল ৰেলি’টোৰ সমাপ্তি ঘটে। আজিৰ সেই ৰেলিটোত ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পি, আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱ, অতিৰিক্ত উপায়ুক্ত ৰোজিৰাণী শৰ্মাকে ধৰি ধুবুৰী আৰক্ষী আৰু চিআৰপিএফৰ উচ্চপদস্থ বিষয়া–কৰ্মচাৰীসকলৰ উপৰিও সাধাৰণ ৰাইজেও অংশ গ্ৰহণ কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like