ডিজিটেল ডেস্ক, ৫ জুলাই : গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুত যান-বাহনৰ সুৰক্ষা আৰু শৃংখলা বজাই ৰাখিবলৈ মহানগৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এইক্ষেত্ৰত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ক্ষেত্ৰত কেইবাটাও কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।
নতুন নিৰ্দেশনা অনুসৰি সেতুৰ ওপৰত কোনোধৰণৰ বাহন ৰখোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সেতুত “No Parking, No Stopping” নিয়ম বলৱৎ কৰা হৈছে।
ইয়াৰ উপৰি সেতুৰ ওপৰত ফটো তোলাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি কোনো ব্যক্তিয়ে সেতুত ষ্টান্ট, ৰিলছ শ্বুটিং বা বিপজ্জনক কাৰ্যকলাপত লিপ্ত হ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে স্পষ্ট কৰি দিছে।
এই উদ্দেশ্যে সেতুৰ বিভিন্ন স্থানত “No Stunts, No Photography” লিখা সতৰ্কতামূলক ফলক সংস্থাপন কৰা হৈছে। একে সময়তে সেতুত আৰক্ষীৰ নজৰদাৰী যথেষ্ট বৃদ্ধি কৰা হৈছে আৰু নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জনসাধাৰণক সকলো নিয়ম মানি চলিবলৈ আহ্বান জনাইছে। সেতুৰ ওপৰত অপ্রয়োজনীয়ভাৱে বাহন ৰখোৱা, ফটো তোলা বা ষ্টান্ট প্ৰদৰ্শন নকৰি সকলোকে সুৰক্ষিত আৰু দায়িত্বশীলভাৱে যাতায়াত কৰিবলৈ অনুৰোধ জনাইছে।
উল্লেখ্য যে বিগত কিছুদিন ধৰি সেতুখনৰ মাজভাগত যান-বাহন ৰখাই একাংশ লোকে অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি আহিছিল। আনকি নিশাৰ ভাগত সেতুৰ ওপৰতে জন্মদিন উদযাপন, ফটো ছেছন আৰু অন্যান্য কাৰ্যকলাপ চলোৱাৰ ঘটনাও পোহৰলৈ আহিছিল। এনে ঘটনাত জড়িত দুই-এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰি ব্যৱস্থাও গ্ৰহণো কৰিছে। এই সকলো ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মহানগৰ আৰক্ষীয়ে কুমাৰ ভাস্কৰ বৰ্মা সেতুত নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰে।