নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত খাৱৈত বাগৰিল যাত্ৰীবাহী আল্ট্ৰা বাছ

ডিজিটেল ডেস্ক, ৫ জুলাই : দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোৱৰ্ধন অঞ্চলত দেওবাৰে এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী আল্ট্ৰা বাছ পথৰ কাষৰ খাৱৈত বাগৰি পৰাত যাত্ৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। অৱশ্যে কথমপি প্ৰাণৰক্ষা পৰে বাছখনত থকা বহু যাত্ৰীৰ।

এ এছ-২৫ এফ চি-৪৩২৪ নম্বৰৰ আল্ট্ৰা বাছখনে গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত কেইবাগৰাকীও যাত্ৰী কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোক আৰু আৰক্ষীয়ে তৎক্ষণাত উদ্ধাৰ অভিযান চলাই আহতসকলক চিকিৎসাৰ ব্যৱস্থা কৰে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম চলি থকাৰ ফলত পথৰ বিভিন্ন অংশত বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ বাবেই উক্ত অঞ্চলত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পথ নিৰ্মাণৰ সময়ত অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ আৰু যান-বাহন চলাচল সুসংহত কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকসকলে।

You might also like