নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ ম’বাইল এপ নিষিদ্ধ কৰিলে কেন্দ্রীয় চৰকাৰে

নিয়মীয়া বাৰ্তা, ২ মে’: দেশৰ সুৰক্ষা আৰু নিৰাপত্তালৈ ভাবুকি অহাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে ইতিপূর্বে ১১৮ ম’বাইল এপ নিষিদ্ধ কৰাৰ পিছত আজি পুনৰ ১৪টা ম’বাইল এপ নিষিদ্ধ ঘোষণা কৰিলে৷ কেন্দ্রীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রণালয়ে তথ্য প্রযুক্তি আইনৰ  ধাৰা ৬৯(ক)ৰ অধীনত এই ম’বাইল এপসমূহ নিষিদ্ধ কৰি আহিছে৷ দেশত ম’বাইল এপৰ জৰিয়তে বে–আইনী কার্যকলাপ সংঘটিত কৰাৰ প্রতি লক্ষ্য ৰাখি ২০২০ চনৰে পৰা চৰকাৰে ম’বাইল এপসমূহ নিষিদ্ধ কৰি আহিছে৷ আজি নিষিদ্ধ কৰা ১৪টা ম’বাইল এপৰ জৰিয়তে ভাৰতত থকা সন্ত্রাসবাদীয়ে গোপন বার্তাসমূহ পাকিস্তানস্থিত সন্ত্রাসবাদী নেতালৈ প্রেৰণ কৰি অহাৰ তথ্য লাভ কৰাৰ পিছতে এই পদক্ষেপ গ্রহণ কৰিছে৷ নিষিদ্ধ ঘোষণা কৰা ম’বাইল এপকেইটাৰ ভিতৰত আছে ক্রাইপভাইজাৰ, এনিগমা, চেফউইজ, উইকমি, মিডিয়াফায়াৰ, ব্রায়াৰ, বিচাট, নন্দবক্স, কোনিয়ন, ইমো, ইলিমেণ্ট, ছেকেণ্ডলাইন, জাংগী আৰু থ্রিমা আছে৷ তথ্য মতে এই ম’বাইল এপসমূহ কাশ্মীৰত থকা উগ্রপন্থীয়ে গোপনীয় বার্তা ইছলামাবাদস্থিত সন্ত্রাসবাদী সংগঠনৰ নেতালৈ প্রেৰণ কৰাত ব্যৱহাৰ কৰি আহিছে৷ নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ সন্ত্রাসবাদী আৰু অ’ভাৰগ্রাউণ্ড ৱর্কাৰে এই এপ ব্যৱহাৰ কৰাৰ নিশ্চিত হোৱাৰ পিছতে কেন্দ্রীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে৷ উল্লেখ্য যে উল্লেখিত নিষিদ্ধ এপসমূহৰ বিৰুদ্ধে কেন্দ্রীয় তথ্য আৰু প্রযুক্তি মন্ত্রণালয়ে বিভিন্ন সময়ত বিভিন্ন অভিযোগ লাভ কৰাৰ পিছতেই এপসমূহ  সূক্ষ্ম নিৰীক্ষণত ৰখা হয় আৰু এই নিৰীক্ষণৰ অন্তত এপকেইটাৰ দ্বাৰা দেশবিৰোধী কার্যকলাপত লিপ্ত হোৱাৰ তথ্য পোহৰলৈ আহে৷

You might also like