নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : শ্রমৰ সন্মান মে’ দিৱস

পৃথিৱীৰ সকলো শ্রমিকৰ অৱদান উদ্যাপনৰ এই দিনটো মে’ দিৱস হিচাপে জনাজাত, যাৰ আন এটা নাম ‘আন্তঃৰাষ্ট্রীয় শ্রমিক দিৱস’টোও সমানেই পৰিচিত বা জনপ্রিয়৷ এই দিৱসটো উদ্যাপনেৰে সমগ্র বিশ্বই শ্রম আৰু শ্রমিকৰ মর্যাদা স্বীকাৰ কৰে৷ মূলতঃ শ্রমিক সংগ্রামৰ পৰা ডদ্ভৱ হোৱা এই মে’ দিৱস বিশ্বজুৰি শ্রমিকৰ অধিকাৰ আৰু মর্যাদাৰ স্মৰণ, চিন্তন আৰু প্রতিবাদৰ দিৱসলৈ বিকশিত হৈছে৷ মে’ দিৱসৰ শিপা ১৯ শতিকাৰ শেষৰ ফালে শ্রমিকৰ অধিকাৰৰ সংগ্রামৰ পৰাহ অনুসন্ধান কৰিব পাৰি৷ ১৮৮৬ চনত চিকাগোত কিছুসংখ্যক শ্রমিক গোট খাইছিল, দাবী কৰিছিল আঠ ঘণ্টাৰ কর্মদিন৷ শান্তিপূর্ণ প্রতিবাদটোত বোমা বিস্ফোৰণ হয়, প্রতিবাদৰ ৰূপ হিংসাত্মক হৈ পৰে৷ আৰক্ষী বিষয়া আৰু প্রতিবাদকাৰী ডভয় পক্ষৰে লোকৰ মৃত্যু হয়৷ বোমা বিস্ফোৰণৰ দোষীক কেতিয়াও চিনাক্ত কৰা হোৱা নাছিল যদিও এহ কাণ্ডৰ ফলত শ্রমিক কর্মীসকল অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ কেহবাজনক ফাঁচিও দিয়া হৈছিল৷ এহ ঘটনাৰ প্রতিক্রিয়া হিচাপে আন্তঃৰাষ্ট্রীয় সমাজবাদী সন্মিলনে শ্রমিক আন্দোলনৰ শ্বহীদসকলক সন্মান জনোৱাৰ লগতে শ্রমিকৰ অধিকাৰৰ পোষকতা কৰাৰ দিন হিচাপে ১ মে’ দিনটো ঘোষণা কৰে৷ কিন্তু বাস্তৱক্ষেত্রত দেখা গৈছে যে বহু দেশত মে’ দিৱস হৈছে এটা ৰাজহুৱা বন্ধৰ দিন মাত্র৷ কিন্তু বহু দেশত শ্রমিক সংঘ, ৰাজনৈতিক দল, সামাজিক সংগঠন আদিয়ে বিভিন্ন সমাৱেশ আদি অনুষ্ঠিত কৰে আৰু শ্রমিক আৰু সমাজৰ সম্বন্ধৰ কথা আলোচনা কৰে৷ এহ সমাৱেশসমূহ শ্রমিকসকলৰ বাবে নিজৰ ভাব প্রকাশৰ একোখন মঞ্চ হিচাপে কাম কৰে আৰু স্থিতাৱস্থাৰ পৰিৱর্তনৰ দাবী কৰে৷ মে’ দিৱস আৰম্ভ হোৱা সময়ত বিশ্বৰ যি ৰাজনৈতিক–সামাজিক পৰিৱেশ আছিল, আজি এশ সাতত্রিশ বছৰৰ পিছত সেই পৰিৱেশৰ সলনি হৈছে৷ কিন্তু এতিয়াও মে’ দিৱস আগৰ দৰেহ প্রাসংগিক হৈয়েহ আছে৷ সমাজৰ নানান পৰিৱর্তনৰ পিছতো বিশ্বজুৰি শ্রমিকৰ নিয়োগ, আয়ৰ বৈষম্য, শ্রমিকৰ অধিকাৰ আদি সমস্যাবোৰৰ বিশেষ পৰিৱর্তন হোৱা নাই৷

বিশ্বায়ন, কর্মক্ষেত্রত ব্যৱহাৰ কৰা স্বয়ংক্রিয় যন্ত্রপাতিৰ ব্যাপক প্রয়োগ আদিয়ে অর্থনীতিৰ সলনি কৰিছে আৰু একে সময়তে কামৰ প্রকৃতিও সলনি কৰিছে৷ বহুক্ষেত্রত শ্রমিকৰ মাজত থকা অর্থনৈতিক আৰু সামাজিক বৈষম্যক আৰু অধিক ভয়াৱহ কৰি তুলিছে৷ তদুপৰি ক’ভিড মহামাৰীয়ে, বিশেষকৈ স্বাস্থ্যসেৱা, খুচুৰা আৰু মধ্যমীয়া আকৃতিৰ শ্রমখণ্ড আদিৰ শ্রমিকসকলক বিশেষভাৱে ক্ষতিগ্রস্ত কৰিছে৷ চৰকাৰে তাৎক্ষণিক ৰূপত শ্রমিকৰ কল্যাণতকৈ অর্থনৈতিক পুনৰুদ্ধাৰক অগ্রাধিকাৰ দিব লগা হৈছে, যাৰ ফলত শ্রমিকৰ অধিকাৰ ৰক্ষাৰ প্রসংগ যিমান সবলভাৱে আগবাঢ়িব লাগিছিল, সেই ধৰণে সম্ভৱ হৈ উঠা নাই৷ এই বিভিন্ন পৰিৱর্তন আৰু বাধা–বিঘিনিৰ মাজতো চলি থকা মে’ দিৱস শ্রমিকৰ মাজৰ সংহতি আৰু প্রতিবাদী মনোভাবৰ এটা প্রমাণ৷ ১৯ শতিকাৰ শেষৰ ফালৰ সংগ্রামৰ পৰা আৰম্ভ কৰি ডিজিটেল যুগত সমসাময়িক প্রকাশলৈকে মে’ দিৱসে আশাৰ সঞ্চাৰ কৰি আহিছে আৰু অধিক ন্যায়সংগত আৰু সমতাপূর্ণ পৃথিৱীৰ সন্ধানত মানুহক সংগঠিত কৰি আহিছে৷ কিন্তু এটা কথা ঠিক যে অর্গেনাইজড শ্রমিকৰ বাবে যিমানবোৰ কাম কৰা হয়, আনর্গেনাইজড ক্ষেত্রৰ শ্রমিকৰ বাবে তেনে ধৰণে চৰকাৰী বা সামাজিক সংগঠনে গুৰুত্ব দিয়া নাই৷ এটা কথা ঠিক যে এই শ্রমিকসকলক লৈ বহু ৰাজনৈতিক দলে নিজৰ সংগঠনৰ আকৃতি বৃদ্ধি কৰিব বিচাৰে আৰু ৰাজনৈতিক দলবোৰৰ মাজত থকা নীতি আৰু পৰিচালনাগত বিৰোধো শ্রমিকসকলৰ সামগ্রিক উন্নতিৰ পৰিপন্থী হৈ উঠে৷ শ্রমিকৰ নিয়োগ, মজুৰি, ভৱিষ্যৎ আৰু অধিকাৰ মূলতঃ এই চাৰিটা দিশৰ বাবে কৰিবলগীয়া আটাইখিনি কৰিব পাৰে দায়িত্বশীল চৰকাৰে৷ ৰাজনৈতিক দলবোৰে একত্রিত হৈ শ্রমিকৰ সামগ্রিক উন্নতিৰ বাবে চৰকাৰক বাধ্য কৰোৱাটোহে এই সময়ৰ আটাইতকৈ প্রয়োজনীয় কথা৷

You might also like