নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলত চেন্নাইৰ নেতৃত্বত ৰুতুৰাজ গাইকোৱাড

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ আইপিএল আৰম্ভ হোৱাৰ পূর্বে সলনি হ’ল চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক৷ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিলে মহেন্দ্র সিং ধোনীয়ে৷ ৰুতুৰাজ গাইকোৱাডক চিএছকেৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিলে ফ্রেনছাইজীটোৱে৷ আইপিএল আৰম্ভ হোৱাৰ ২৪ ঘণ্টা পূর্বে দলটোৰ অধিনায়ক সলনি হোৱাৰ কথা ঘোষণা কৰিলে চেন্নাই ছুপাৰ কিংছে৷ আজিৰ দিনটোতে ধোনীৰ সলনি আইপিএলৰ অধিনায়কসকলৰ ফটো শ্বুটত দেখা গ’ল গাইকোৱাডক৷ পূর্বতে ইংগিত দিছিল যে ধোনীয়ে দীর্ঘদিন ধৰি আইপিএলত অধিনায়কত্ব কৰিব নিবিচাৰে৷ তেওঁৰ উত্তৰাধিকাৰী কোন হ’ব সেই সম্পর্কে চলিছিল জল্পনা-কল্পনা৷ প্রথমে আছিল ৰুতুৰাজৰ নাম৷ ২৭ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে দীর্ঘদিন ধৰি অধিনায়কত্ব কৰিব পাৰে৷ এছিয়ান গেমছতো গাইকোৱাডে জাতীয় দলটোক নেতৃত্ব দিছিল৷ সেই হেতুকে চিএছকেৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হয় গাইকোৱাডক৷

You might also like