বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ পুনৰ এজন অসমীয়াই প্ৰাণ হেৰুওৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। উত্তৰ প্ৰদেশৰ কানপুৰত তামুলপুৰ জিলাৰ নতুন হাউলী দৌলগুৰী চুবাৰ ৰবিচৰণ দাস (৩৮) নামৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু ঘটে।
প্ৰাপ্ত তথ্য অনুসৰি, গুজৰাটৰ এটা মাছ প্ৰচেছিং কোম্পানীত কৰ্মৰত ৰবিচৰণ দাস ঘৰলৈ উভতি আহি থকা অৱস্থাতেই ৰে’লৰ ভিতৰত ৰহস্যজনকভাৱে মৃত্যু ঘটে। কানপুৰ ৰে’ল আৰক্ষীয়ে ৰে’লৰ প্ৰস্ৰাৱাগাৰৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে।
হঠাৎ এই দুৰ্ঘটনাত পৰিয়ালটোত গভীৰ শোকৰ সৃষ্টি হৈছে। অৰ্থনৈতিক দুৰ্বলতাৰ বাবে মৃতদেহ ঘৰলৈ আনিব নোৱাৰি পৰিয়ালটোৱে চূড়ান্ত দুৰৱস্থাৰ সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে।
এই মৰ্মান্তিক পৰিস্থিতিত দুখীয়া পিতৃয়ে অসম চৰকাৰক মৃতদেহ ঘৰলৈ আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আবেদন জনাইছে। ঘটনাটোক লৈ অঞ্চলজুৰি শোক আৰু উদ্বেগৰ সৃষ্টি হৈছে।
ডিজিটেল ডেস্ক, ৯ ফেব্ৰুৱাৰী