নাহৰকটীয়াত আলফা (স্বা:)ৰ নামত ধন দাবী : আতংকিত ব্যৱসায়ী-ঠিকাদাৰ
একাংশ ব্যৱসায়ী তথা ঠিকাদাৰে আলফা স্বাধীনৰ এই পত্ৰৰ বিষয়ে আৰক্ষীক যোগাযোগ কৰা সন্দৰ্ভত পুনৰ সংগঠনটোৱে হোৱাটছএপ মেছেজযোগে এইক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰি সংগঠনটোৰ সৈতে তেওঁলোকে কৰা এই আচৰণ গ্ৰহণ যোগ্য নহয় বুলি তেওঁলোকক পুনৰ সকীয়াই দিয়াত ব্যৱসায়ী সকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে
যি সময়ত অসম আৰক্ষীয়ে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা (স্বাধীন)ৰ শক্তি আৰু প্ৰভাৱ নাইকিয়া হৈ আহিছে বুলি দাবী কৰি আহিছে, তেনে সময়তে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত নিষিদ্ধ সংগঠনটোৱে অঞ্চলটোৰ বহুকেইগৰাকী ব্যৱসায়ীক পত্ৰ প্ৰেৰণেৰে বৃহৎ পৰিমাণৰ ধন দাবী কৰা ঘটনাই সমগ্ৰ অঞ্চলটোৰ ব্যৱসায়ী সকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে এক তথ্য অনুসৰি চলিত ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নাহৰকটীয়াৰ বহুসংখ্যক ব্যৱসায়ী তথা ঠিকাদাৰলৈ ৯১৭০৮৫৭৭২২৪৩ নম্বৰৰ পৰা তেওঁলোকৰ হোৱাটছএপ নম্বৰলৈ প্ৰেৰণ কৰা তথা আলফা (স্বাধীন)ৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক লেফ্টনেন্ট জেনেৰেল মাইকেল অসমে স্বাক্ষৰ কৰা তথা সহ বিত্ত সম্পাদক নিৰ্ণয় অসমে প্ৰেৰণ কৰা এই ধন দাবী পত্ৰ সমূহত সংগঠন টোৰ বিত্তীয় পুঁজি টনকিয়াল কৰাৰ লগতে তেওঁলোকৰ সন্মিলিত সশস্ত্ৰ স্বাধীনতা বিপ্লৱ খন আগুৱাই নিবলৈ প্ৰতিজন ব্যৱসায়ী তথা তেওঁলোকৰ বিত্তীয় প্ৰতিষ্ঠান সমূহৰ পৰা আশী লাখ কৈ টকা বৰঙণি বিচাৰিছে।
একেদৰে একেটা নম্বৰৰ পৰাই আলফাৰ সহকাৰী প্ৰচাৰ সচিব ৰূপে পৰিচিত ঈশান অসমেও কেইবাগৰাকীও ব্যৱসায়ীক ফোনযোগে যোগাযোগ কৰি পত্ৰ খন লাভ কৰাৰ নকৰাৰ নিশ্চিত কৰিছে যাৰ ফলত ব্যৱসায়ী সকল অধিক আতংকিত হৈ পৰে।
লক্ষণীয় কথা যে এই ঘটনাৰ ফলত স্বাভাৱিকতে নিৰাপত্তাহীনতাত ভোগা ব্যৱসায়ীসকলৰ একাংশই ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে যদিও কিছুসংখ্যক ব্যৱসায়ীয়ে এই তথ্য প্ৰকাশ নকৰাত এই প্রকৃততে কিমানসংখ্যক ব্যৱসায়ীলৈ আলফা স্বাধীনে এই পত্ৰ প্ৰেৰণ কৰিছে সেইয়া এতিয়াও নিশ্চিত হব পৰা নাই যদিও অঞ্চলটোৰ ৫গৰাকীৰো অধিক ব্যৱসায়ীলৈ এই পত্ৰ অহাৰ তথ্য ইতিমধ্যে নিশ্চিত হৈছে।
লক্ষণীয় কথা যে একাংশ ব্যৱসায়ী তথা ঠিকাদাৰে আলফা স্বাধীনৰ এই পত্ৰৰ বিষয়ে আৰক্ষীক যোগাযোগ কৰা সন্দৰ্ভত পুনৰ সংগঠনটোৱে হোৱাটছএপ মেছেজযোগে এইক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰি সংগঠনটোৰ সৈতে তেওঁলোকে কৰা এই আচৰণ গ্ৰহণ যোগ্য নহয় বুলি তেওঁলোকক পুনৰ সকীয়াই দিয়াত ব্যৱসায়ী সকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।
বিশেষকৈ এইয়া প্ৰকৃততেই আলফা স্বাধীনৰ পত্ৰ নে তেওঁলোকৰ নাম লৈ কোনো দুষ্ট চক্ৰই এনে কাণ্ড কৰি আছে সেইয়া এইপয্যন্ত নিশ্চিত নোহোৱাত সম্প্ৰতি চহৰখনৰ ব্যৱসায়ী সকলৰ মাজত এক চেপা উত্তেজনাই বিৰাজ কৰি আছে।
বিশেষ বার্তা, নাহৰকটীয়া, ৯ ফেব্ৰুৱাৰী