নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনৰ মৃত্যু ৰহস্য : চিআইডি কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ৰূপকমল কলিতা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ অক্টোবৰ : ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰা ছিংগাপুৰস্থিত অসমীয়াসকলৰ এজনে তদন্তত সহযোগ কৰাৰ বাবে আজি চিআইডিৰ ওচৰত হাজিৰ হয়৷ ৰূপকমল কলিতা নামৰ এই প্রবাসী অসমীয়াজনে ইতিমধ্যে আজি আহি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে ৷

কাহিলিপাৰা অঞ্চলৰ বাসিন্দা কলিতাক আজি দুপৰীয়া ১২:১০ বজাত কঠোৰ নিৰাপত্তাৰ মাজেৰে পুলিচৰ বাহনত চিআইডি মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ঘোষণা কৰিছিল যে ৰূপকমল কলিতাই অসম পুলিচৰ সৈতে যোগাযোগ কৰিছিল আৰু তদন্তকাৰী পুলিচৰ সন্মুখত হাজিৰ হৈ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহযোগিতা কৰাৰ সিদ্ধান্তৰ কথা জনাইছিল।

এছআইটিয়ে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ সৈতে লাজাৰাছ দ্বীপলৈ য়াট ভ্ৰমণত অংশগ্ৰহণ কৰা ছিংগাপুৰৰ আঠজন অসমীয়াক ৬ অক্টোবৰৰ ভিতৰত তদন্তকাৰী দলৰ সন্মুখত হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল। পুলিচৰ নিৰ্ধাৰিত সময়সীমা যদিও কালি শেষ হৈছিল, ৰূপকমল কলিতাই আজি পুলিচৰ সন্মুখত হাজিৰ হয়। এতিয়া জুবিন গাৰ্গৰ ৰহস্যজনক সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁক দীৰ্ঘ সময় ধৰি জেৰা কৰাৰ সম্ভাৱনা প্ৰকট হৈছে।

You might also like