নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত নগা আৰক্ষীৰ অভিযান : বিলাসী বাহনৰ চালকক হত্যা কৰি গাড়ী লৈ উধাও হোৱা দুই কুখ্যাত ডকাইত গ্ৰেপ্তাৰ

নিয়মীয়া বার্তা :২৫ জুন: আজি হোজাইত নাগালেণ্ড আৰক্ষীয়ে অভিযান চলাই দুই কুখ্যাত ডকাইত গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি পুৱতি নিশা হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পুৱ যমুনা গাঁৱত হোজাই আৰক্ষীৰ সহযোগত অভিযান চলাই দুই কুখ্যাত ডকাইত গ্ৰেপ্তাৰ কৰে ।ধৃত ডকাইত দুটা ক্ৰমে চিতলমাৰিৰ আব্দুল লতিফ আৰু যমুনাগাঁৱৰ চালেহ আহমেদ ৷ ডিমাপুৰ আৰক্ষী, মোৰাঝাৰ আৰক্ষী আৰু গাঁও ৰক্ষী বাহিনীৰ সহযোগত পূৱ যমুনা গাঁওৰ পৰা গ্ৰেপ্তাৰ কৰে ডকাইত দুটাই বিগত ৬ দিন পুৰ্বে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা এখন ব্ৰিজা বাহনৰ চালকক হত্যা কৰি বাহনসহ সামগ্ৰী লুট কৰাৰ অভিযোগ ডকাইত দুটাৰ বিৰুদ্ধে৷ দুই ডকাইতৰ লগত আৰু বৃহৎ নেটৱৰ্ক থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ দুয়োকে গ্ৰেপ্তাৰ কৰি আজি হোজাই জিলা সদৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি দুয়োকে নাগালেণ্ড আৰক্ষীয়ে ডিমাপুৰলৈ লৈ যায়৷

প্ৰেৰক – কিশলয় ডি গোস্বামী

You might also like