আজি গাঁওৰক্ষী বাহিনীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৪৯ চনৰ ২৯ জানুৱাৰীত যোৰহাটত ভূমিষ্ঠ হোৱা স্বেচ্ছাসেৱী সংগঠনটি পাছলৈ ১৯৫১ চনৰ আজিৰ এই দিনটোতে আত্মপ্ৰকাশ ঘটিছিল অসম গাঁওৰক্ষী বাহিনী হিচাপে আৰু সেইমৰ্মে ৰাজ্যজুৰি আজি পালন কৰা হয় গাঁওৰক্ষী বাহিনীৰ ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱস|
কামৰূপৰ নগৰবেৰা আৰক্ষী থানা এলেকাৰ প্ৰতিখন গাঁওৰক্ষী বাহিনীয়ে আজি নগৰবেৰা আৰক্ষী থানা চৌহদতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰে | পুৱাৰ ভাগত শ্ৰদ্ধাঞ্জলি, পুষ্পাঞ্জলি আদি অনুষ্ঠান ৰূপায়ণ কৰে নগৰবেৰা আঞ্চলিক মৌজা কমিটীৰ সভাপতি আৰু প্ৰাক্তন সভাপতি ক্ৰমে শ্যামাচৰণ ঠাকুৰীয়া আৰু উদয় শংকৰ মেধিয়ে | পতাকা উত্তোলন কৰে গাঁওৰক্ষী বাহিনীৰ সমন্বয়ক অভিজিৎ গগৈয়ে।
পৰৱৰ্তী সময়ত থানা গাঁওৰক্ষী বাহিনীৰ সভাপতি আব্দুল বাতেনৰ পৌৰোহিত্যত এখন সভাৰ আয়োজন কৰা হয় | উক্ত সভাত সীমান্ত পৰিদৰ্শক যোগেশ নাথ, নগৰবেৰা আৰক্ষী থানাৰ সহঃ উপ-পৰিদৰ্শক অতুল ডেকা, থানা গাঁওৰক্ষী বাহিনীৰ উপ-সভাপতি আব্দুল মজিদ, থানা গাঁওৰক্ষী বাহিনীৰ মুখ্য সম্পাদক জ্যোতিষ কলিতা আদিৰ লগতে বাকী গাঁওৰক্ষী বাহিনীৰ প্ৰতিনিধিসকল উপস্থিত থাকে| সভাৰ মাজতেই থানা গাঁওৰক্ষী বাহিনীৰ সম্পাদক জ্যোতিৰ্ময় পাঠকৰ পৰিচালনাত সম্বৰ্ধনা পৰ্ব সম্পন্ন হয় |
ভালেসংখ্যক গাঁওৰক্ষী বাহিনীৰ সদস্য, বিষয়ববীয়াৰ উপস্থিতিত সম্পন্ন হোৱা সভাৰ শেষত সকলোৱে গাঁওসমূহৰ পৰা সকলো ধৰণৰ অসামাজিক কাম বন্ধ কৰি সামাজিক শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আৰক্ষীক সহযোগ কৰাৰ সংকল্প লয় | মুঠতে সুকলমে সামৰণি পৰে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ আজিৰ কাৰ্যসূচী।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৯ জানুৱাৰী :