নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰ্ভৱতী SWAT কমাণ্ডো পত্নীক হত্যা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কৰ্মচাৰী স্বামীৰ

দিল্লীৰ পৰা এটা হৃদয়বিদাৰক ঘটনাৰ খবৰ পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, হাৰিয়ানাৰ সোনিপত জিলাৰ বাসিন্দা কাজল নামৰ এগৰাকী মহিলাক তেওঁৰ পতিয়ে অতি নিষ্ঠুৰভাৱে হত্যা কৰিছে। এই হত্যাকাণ্ডত যৌতুকৰ নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। কাজল দিল্লী আৰক্ষীৰ SWAT কমাণ্ডো ইউনিটত কৰ্মৰত আছিল, আনহাতে অভিযুক্ত স্বামী অংকুৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত ক্লাৰ্ক হিচাপে কৰ্মৰত আৰু দিল্লী কেণ্টত নিযুক্ত আছিল।

কাজল গন্নৌৰৰ বড়ী গাঁৱৰ বাসিন্দা আছিল আৰু চাৰি মাহৰ গৰ্ভৱতী আছিল। অভিযোগ অনুসাৰে, স্বামী অংকুৰ আৰু তেওঁৰ পৰিয়ালৰ লোকে একেলগে যৌতুকৰ দাবীত কাজলক হত্যা কৰে। এফালে কাজলৰ পৰিয়ালত নতুন অতিথিৰ আগমনৰ অপেক্ষা চলি আছিল, আনফালে অভিযুক্ত অংকুৰে তেওঁলোকৰ কন্যা আৰু গৰ্ভস্থ শিশুটিকো শেষ কৰি দিলে। কাজলৰ পৰিয়ালৰ অভিযোগ— যৌতুকৰ লোভত দুটা হত্যাকাণ্ড সংঘটিত হৈছে, এটা কাজলৰ আৰু আনটো চাৰি মাহৰ গৰ্ভস্থ ভ্ৰূণৰ। কাজলৰ অন্ত্যেষ্টিক্ৰিয়া ৰাষ্ট্ৰীয় সন্মানসহ সম্পন্ন কৰা হয়।

কাজল আৰু স্বামী অংকুৰ দিল্লীৰ দ্বাৰকা জিলাৰ মোহন গাৰ্ডেন থানাৰ অন্তৰ্গত এলেকাত বাস কৰিছিল। আৰম্ভণিতে এই ঘটনাত হত্যাচেষ্টাৰ গোচৰ ৰুজু কৰা হৈছিল, কিন্তু চিকিৎসাধীন অৱস্থাত কাজলৰ মৃত্যু হোৱাত গোচৰত এতিয়া হত্যাৰ ধাৰা সংযোজন কৰা হৈছে। অভিযুক্ত অংকুৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

তথ্য অনুসাৰে, ২৭ বছৰীয়া কাজলে ২০২২ চনত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। সেই সময়তে গন্নৌৰৰ বাসিন্দা অংকুৰৰ সৈতে তেওঁৰ চিনাকি হয়। বন্ধুত্বৰ পৰা আৰম্ভ হৈ এই সম্পৰ্ক প্ৰেমলৈ ৰূপান্তৰিত হয়। দুয়োজনে পৰিয়ালক বুজাই বিয়া পাতে।

বিয়াৰ আগতেই, ২০২৩ চনত কাজল দিল্লী আৰক্ষীৰ SWAT কমাণ্ডো দলত নিৰ্বাচিত হৈছিল। অংকুৰো দিল্লীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত ক্লাৰ্ক হিচাপে নিযুক্ত হৈছিল। কিন্তু বিয়াৰ মাত্ৰ ১৫ দিন পাছতেই অংকুৰৰ পৰিয়ালে গাড়ী আৰু যৌতুকৰ দাবীত কাজলক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন আৰম্ভ কৰে।

আৰক্ষীৰ মতে, ২২ জানুৱাৰীৰ নিশা প্ৰায় ১০ বজাত মোহন গাৰ্ডেনস্থিত ফ্লেটত দম্পতীৰ মাজত তৰ্ক-বিতৰ্ক হয়। সেই সময়তে অভিযুক্ত অংকুৰে কাজলৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ চলায়। আক্ৰমণত কাজলৰ মূৰত গুৰুতৰ আঘাত লাগে আৰু ঘটনাস্থলীতেই তেওঁ অচেতন হৈ পৰে। পৰৱৰ্তী সময়ত অংকুৰেই আহত কাজলক মোহন গাৰ্ডেনস্থিত তাৰক হাস্পতাললৈ লৈ যায়, য’ত তেওঁক আইচিইউত ভৰ্তি কৰা হয়। চিকিৎসকৰ প্ৰতিবেদন অনুসাৰে, কাজলৰ মূৰৰ কেইবাটাও অংশত গভীৰ আঘাত, কাটি যোৱাৰ দাগ আৰু কাণৰ পৰা তেজ ওলাই থকা লক্ষ্য কৰা যায়।

২০২৪ চনত কাজল দিল্লীলৈ স্থানান্তৰিত হৈছিল, তথাপিও স্বামী অংকুৰে গাড়ী আৰু টকাৰ দাবীত তেওঁক প্ৰায়ে মাৰধৰ কৰিছিল বুলি অভিযোগ। ২২ জানুৱাৰীত অংকুৰে কাজলৰ ভাতৃক ফোন কৰি কাজলক হত্যা কৰাৰ কথা জনায় আৰু মৃতদেহ লৈ যাবলৈ কয়। এই খবৰ পোৱাৰ পিছতেই পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি দেখি হতভম্ব হৈ পৰে। তৎক্ষণাৎ দিল্লী আৰক্ষীত অভিযোগ দাখিল কৰা হয়।

কাজলৰ পিতৃয়ে জনায় যে তেওঁৰ কন্যাই বহু কষ্টৰে দিল্লী আৰক্ষীৰ কমাণ্ডো হিচাপে এই স্থান লাভ কৰিছিল। কিন্তু ২২ জানুৱাৰীত অংকুৰে লোহাৰে মূৰত আঘাত কৰি তেওঁক হত্যা কৰে বুলি তেওঁ অভিযোগ কৰে। তেওঁ লগতে কয় যে সেই সময়ত কাজল চাৰি মাহৰ গৰ্ভৱতীও আছিল।

মৃতক কাজলৰ পৰিয়ালৰ অভিযোগ অনুসাৰে, বিয়াৰ পাছৰে পৰা যৌতুকক লৈ স্বামী আৰু শহুৰৰ পৰিয়ালৰ লোকসকলে কাজলক মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল। কম যৌতুক আৰু গাড়ী নোপোৱা বুলি প্ৰায়ে কটূক্তি কৰা হৈছিল। কেইবাবাৰো মীমাংসাৰ চেষ্টা কৰা হৈছিল যদিও পৰিস্থিতিৰ কোনো উন্নতি নহ’ল। কাজলৰ মাতৃৰ মতে, কাজল গৰ্ভৱতী অৱস্থাতো এই নিৰ্যাতনৰ পৰা ৰেহাই নাপালে।

মহিলাগৰাকীৰ ভাতৃয়ে অভিযোগত উল্লেখ কৰে যে ডিউটীৰ পৰা ঘূৰি আহিলেও কাজলক ঘৰৰ সকলো কাম কৰিবলৈ বাধ্য কৰা হৈছিল। ২০২৪ চনত পুত্ৰ সন্তান জন্মৰ পাছতো এই নিৰ্যাতন বন্ধ নহ’ল। ভাতৃৰ মতে, ঘটনাৰ নিশা অভিযুক্ত অংকুৰে ফোন কৰি কাজলক হত্যা কৰাৰ ভাবুকি দিয়ে আৰু কিছু সময় পাছতেই কাজলৰ মৃত্যুৰ খবৰ দিয়ে।

ডিজিটেল ডেস্ক, ২৯ জানুৱাৰী

You might also like