নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্ধনগ্ন পুৰুষৰে নৃত্য কৰি মুকুট হেৰুৱালে সুন্দৰীয়ে

🔹 মালয়েছিয়াৰ বিউটী কুইন ভিৰুক শাস্তি

বিশেষ বাৰ্তা, ১৫ এপ্রিল : এক অনুষ্ঠানত অংশ ল’বলৈ গৈ একাংশ অর্ধনগ্ন পুৰুষৰ সৈতে উদ্দাম নৃত্যত মত্ত হৈ শাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ল মালয়েছিয়াৰ শ্রেষ্ঠ সুন্দৰীয়ে৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে সুন্দৰীগৰাকীৰ মুকুট কাঢ়ি লোৱা হৈছে৷ অকল সেয়াই নহয়, প্রশাসনৰ তৰফৰ পৰা কঠোৰ সকীয়নি দিয়া হৈছে যে আগন্তুক দিনত কোনো সুন্দৰীয়ে এনে আচৰণ কৰিলে পৰিণতি ভয়াৱহ হ’ব৷ উল্লেখনীয় যে মাত্র কেইদিনমান পূর্বে থাইলেণ্ডলৈ গৈ এক অনুষ্ঠানত অর্ধনগ্ন একাংশ পুৰুষৰ সৈতে উদ্দাম নৃত্য কৰিছিল ভিৰু নিকাহ টেৰনিছিপে৷ যোৱা বছৰ মালয়েছিয়াৰ শ্রেষ্ঠ সুন্দৰী হিচাপে মুকুট লাভ কৰিছিল টেৰনিছিপে৷ অতি প্রতিভাশালী মডেল তথা বিউটী কুইন টেৰনিছিপে কাডাজানডুছুন কালচাৰেল এছ’চিয়েচন নামৰ এটা সংগঠনে আয়োজন কৰা প্রতিযোগিতাত মালয়েছিয়াৰ শ্রেষ্ঠ সুন্দৰীৰ খিতাপ লাভ কৰিছিল৷ কিন্তু নিজৰ আচৰণৰ বাবে সুন্দৰীৰ মুকুট ২৪ বছৰীয়া টেৰনিছিপৰ পৰা কাঢ়ি লৈছে সংগঠনটোৱে৷ স্মর্তব্য যে অর্ধনগ্ন পুৰুষৰ সৈতে বিউটী কুইনগৰাকীয়ে নাচি থকা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে মালয়েছিয়াৰ বিভিন্ন সংগঠনৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ ইয়াৰ পাছতে বিউটী কুইন টেৰনিছিপৰ সুন্দৰীৰ মুকুট কাঢ়ি লোৱা হয়৷

You might also like