নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত সমূহীয়া বিয়া: একেলগে দাম্পত্য জীৱন আৰম্ভ ১৫১ দম্পতীৰ

বিশেষ বাৰ্তা, ১৭ আগষ্ট: নাহৰকটীয়াৰ হজোৱা পথাৰস্থিত বাণিজ্যিক প্ৰকল্প পৰিসৰত আজি ডিব্ৰুগড় জিলাৰ বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দ্য হান্স ফাউণ্ডেছনৰ সহযোগত এক সামূহিক বিবাহ অনুষ্ঠান আয়োজন কৰা হয়। বিভিন্ন সামাজিক আৰু অর্থনৈতিক সমস্যাৰ বাবে নিজৰ বৈবাহিক জীৱন আৰম্ভ কৰিব নোৱাৰা ডিব্ৰুগড় জিলাৰ লগতে পাৰ্শ্বৱতী জিলাসমূহৰ মুঠ ১৫১ জোৰা দৰা কইনাৰ বিবাহ সমূহীয়া ভাৱে সম্পূৰ্ণ কৰা হয় আজিৰ এই অনুষ্ঠানত। প্ৰণিধানযোগ্য যে চাচনীৰ শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰৰ অধিকাৰ গজেন মহন্ত আৰু চাচনী চেঁচা সত্ৰৰ অধিকাৰ পৰেশ গোস্বামীয়ে ধৰ্মীয় ৰীতি নীতিৰে এই অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত আয়তীৰ উৰুলি-পুৰোহিতৰ মন্ত্ৰ ধ্বনিৰে মুখৰিত হোৱা অনুষ্ঠানটোত পাৰম্পৰিক নীতি নিয়মৰ মাজেৰে সম্পূৰ্ণ কৰা হয় এই বিবাহ কাৰ্যসূচী। উল্লেখযোগ্য যে দ্য হান্স ফাউণ্ডেছনে দীৰ্ঘদিন ধৰি এনেদৰে সমাজৰ আৰ্থিকভাৱে পিছপৰা লোকসকলক সহায়ৰ হাত আগবঢ়াই ৰাইজৰ প্রশংসাৰ পাত্ৰ হৈ আহিছে। আজিও দ্য হান্স ফাউণ্ডেছনে এনেদৰে সমাজৰ আৰ্থিকভাৱে পিছপৰা লোকসকলক সামূহিক ভাবে বিবাহ অনুষ্ঠান আয়োজন কৰি বিবাহৰ বান্ধোনত বান্ধি দিয়াত সহায় কৰাৰ লগতে ১৪৯ যোৰা দৰা-কইনাক নাহৰকটীয়াৰ বাণিজ্যিক প্ৰকল্প ক্ষেত্ৰতত সামূহিকভাৱে বিবাহৰ বান্ধোনত প্ৰৱেশৰ ব্যৱস্থা কৰি দিয়াৰ লগতে বিবাহৰ পৰৱৰ্তী সময়ছোৱাত এটা দম্পতীক চলিবৰ বাৰে প্ৰাৰম্ভিক যি সুবিধাৰ প্ৰয়োজন তাৰ বাবে প্ৰত্যেকগৰাকী দম্পতীলৈ সামগ্ৰীৰ এটি টোপোলা ফাউণ্ডেছনৰ তৰফৰ পৰা প্ৰদান কৰে। উল্লেখযোগ্য যে এই বিবাহ অনুষ্ঠানটোত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক বিধায়ক তৰংগ গগৈ, এ পি এলৰ উপাধ্যক্ষ হেমন্ত গগৈ, সমাজ সেৱক মিনাৰাম চুতীয়া, নামৰূপস্থ অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা ধৰ্মগুৰু জ্ঞানপাল ভিক্ষু আদি উপস্থিত থাকি দৰা কইনাক যুগ্ম জীৱনৰ আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like