নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ উজনি চেৰেপাইত আটক শিশু সৰবৰাহকাৰী : নিশা ঘৰত বেৰ কাটি সোমাল দুৰ্বৃত্ত

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত উজনি চেৰেপাইত কালি নিশা প্ৰায় ১২ বজাত পথৰ কাষৰ এঘৰ লোকৰ গৃহত এজন অচিনাক্ত লোক প্ৰৱেশ কৰি এটি কন্যা শিশুক অপহৰণৰ অপচেষ্ট চলায়৷ জানিব পৰা মতে উজনি চেৰেপাইৰ ভাস্কৰ পেগু আৰু বিনা পেগুৰ ঘৰত প্ৰৱেশ কৰি হাচান আলি নামৰ দুৰ্বিত্ত টোৱে বিনা পেগুৰ শোৱাৰ পাটিৰ পৰা ৪ বছৰীয়া কন্যা শিশুক কোলাত লৈ দৰ্জা মূখ পাঁওতেই প্ৰত্যক্ষ কৰি মাতৃয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ হুলস্থূল শুনি স্থানীয় ৰাইজে একত্ৰিত হৈ এই লোক জনক আটক কৰি গতালে আৰক্ষীক। অচিনাক্ত লোক জনে নিজকে বাবু আলি বুলি চিনাকী দিয়ে যদিও লগত নাই কোনো নথি পত্ৰ। পিছত আৰক্ষীৰ সন্মুখত লোক জনে নিজৰ পৰিচয় সুকীয়াকৈ দিয়া পৰিলক্ষিত হয়৷ আৰক্ষী সূত্ৰই লোক জন ধকুৱাখানাৰ সেঁউতি গাঁৱৰ চাজু আলিৰ পুত্ৰ হাচান আলি বুলি আমাক জানিবলৈ দিয়ে যদিও হাতত কোনো নথী পত্ৰ লাভ নকৰা লোক জনৰ সম্পৰ্কে আৰু তদন্ত কৰি লোক জনক ঘৰলৈ আৰক্ষীয়ে তদন্তৰ বাবে নিয়াৰ পিছতহে সঠিক উত্তৰ জানিব পৰা যাব বুলি আমাক অৱগত কৰিছে৷ ইফালে এই লোক জনৰ সৈতে আৰু তিনিজন শিশু অপহৰণ কাৰি গাড়ী সহ পলাই যাবলৈ সক্ষম হয় বুলি গাঁওবাসীয়ে আমাক অৱগত কৰে৷ নিশা ৰাইজে এই লোক জনক স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে ৷ ইফালে আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে প্ৰকৃত ঘটনাৰ ৰহস্য পোহৰলৈ আহিব বুলি বিভিন্ন জনে মন্তব্য কৰিছে৷ উল্লেখ যে মাজুলীত দীনক দিনে বৃদ্ধি পোৱা অচিনাক্ত লোকৰ বিচৰন, ফেৰিৱালা, চুলি বেপাৰি, মাজুলীৰ বাহিৰৰ পৰা অহা অনা হিন্দু পকা মিস্ত্ৰি সকলৰ পৰা মাজুলীৰ মহিলা, জীয়ৰী, বোৱাৰী আৰু শিশুক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সকলোকে সজাগ -সচেতন হৈ থাকিবলৈ দল-সংগঠনে মত প্ৰকাশ কৰাৰ লগতে৷ মাজুলীবাসীক বাহিৰৰ পকা মিস্ত্ৰিৰ পৰিৰ্বতে থলুৱা মিস্ত্ৰিক কামত লগাবলৈ আহ্বান জনাইছে হিন্দু জাগৰণ মঞ্চই৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like