নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন মুখ্যমন্ত্রী বাছনিৰ পিছতে ঘগ্রাপাৰৰ লাটিমাত আনন্দৰ বন্যা

নিয়মীয়া বাৰ্তা ১০ মেঃ সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই দেওবাৰে অনুষ্ঠিত বিজেপি বিধায়িনী দলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শর্মা অসমৰ মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰাৰ লগে লগে তেওঁৰ পিতৃৰ গৃহভূমি নলবাৰী জিলাৰ ঘগ্রাপাৰৰ লাটিমাত আনন্দৰ বন্যা বিয়পি পৰিছে৷ খবৰটো বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে গাঁওখনৰ ডেকাৰ পৰা আবাল বৃদ্ধলৈকে সকলোৱে ক’ভিড প্রট’কল তথা সকলো নীতি–নির্দেশনা ৰক্ষা কৰি আনন্দ উল্লাসত ব্রতী হয়৷

উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শর্মা অসমৰ নতুন মুখ্যমন্ত্রী হোৱাটো খাটাং হৈ পৰাত অকল পিতৃৰ গৃহভূমিতে নহয়, সমগ্র নলবাৰী জিলাখনতে আনন্দৰ লহৰ উঠিছে৷ ড০ হিমন্ত বিশ্ব শর্মা বিজেপি বিধায়িনী দলৰ নেতা নির্বাচিত হোৱাৰ লগে লগে লাটিয়াৰ ৰাইজে তাল, খোল বজাই আনন্দ–উল্লাস প্রকাশ কৰে৷ তদুপৰি সন্ধিয়াৰ ভাগত গাঁওবাসীয়ে তেওঁৰ পিতৃগৃহৰ উপৰি অঞ্চলটোৰ ভালেমান মন্দিৰ আৰু নামঘৰত বন্তি প্রজ্বলন কৰে৷

ড০ হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক উত্তৰণত আনন্দ প্রকাশ কৰি তেওঁৰ খুৰাক তথা অৱসৰপ্রাপ্ত কৃতী শিক্ষক প্রভাত শর্মাই ‘নিয়মীয়া বার্তা’ক কয় যে আমি আজি বহুত আনন্দিত৷ সুখী হৈছেছা৷ পূর্বৰ পৰাই হিমন্ত বিশ্ব শর্মাৰ ককাক বিশ্বনাথ শর্মা তথা তেওঁৰ পুত্র কৈলাশ নাথ শর্মাৰ পৰিয়ালে সমাজৰ কাৰণে বহুত ত্যাগ কৰিছে৷ গাঁওখনত তেওঁলোকৰ ভূমিতে বিশ্বনাথ শর্মা মজলীয়া বিদ্যালয়, গোপাল গোসাঁইঘৰ, লাটিমা ৰাজ্যিক চিকিৎসালয় প্রতিষ্ঠা হৈছে৷ প্রভাত শর্মাই পুনৰ কয়, মোৰ দাদা তথা হিমন্ত বিশ্ব শর্মাৰ পিতৃ কৈলাশ নাথ শর্মাই কৈছিল যে ১৯৭৫ চনৰ জৰুৰীকালীন সময়ত মোৰ পাঁচজন পুত্রৰ এগৰাকীক দেশ সেৱাৰ বাবে উলিয়াই দিম৷ আজি দাদাৰ মৃত্যুৰ পিছত এই কথাটো উপলব্ধি কৰিছোঁ৷ মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শর্মাৰ গাঁওখনৰ লগতে ৰাজ্যখনৰ আৰু উন্নয়ন কৰিব, সেইটোৱেই আমি কামনা কৰিছোঁ৷

নিজৰ পিতৃগৃহটো চোৱা–চিতা কৰাৰ দায়িত্বত থকা খৰাক আৰু খুৰীয়েক দণ্ডপাণি শর্মা আৰু ভৱানী দেৱীয়ে সুখ অনুভৱ কৰি কয়, নিতুলহঁতৰ (ড০ হিমন্ত বিশ্ব শর্মাৰ ঘৰত মতা নাম) পুৰণি ঘৰখন আমি দুজনে চাই আছেছা৷ আমাক থাকিবলৈ আৰু চোৱা–চিতা কৰাৰ দায়িত্ব দিছে৷ তেওঁ আমাক ঘৰখন ভালকৈ ৰাখিবলৈ প্রায়ে কয়৷ দুয়োৱে ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হিচাপে সফল হোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰে৷ আন এজন সম্পর্কীয় খৰাক গিৰীশ শর্মাই কয়– আমি গৌৰৱ অনুভৱ কৰিছোঁ৷ আমাৰ ভতিজা ল’ৰা এতিয়া অসমৰ মুখ্যমন্ত্রী, ইয়াতকৈ সুখৰ খবৰ কি হ’ব পাৰে৷ অকল আমি বা গাঁওখনেই নহয় সমগ্র নলবাৰী জিলাখনেই আজি গৌৰৱান্বিত হৈছে৷

গাঁওখনৰ গাঁওবুঢ়া ফৰমুদ আলীও আজি গৌৰৱান্বিত৷ তেওঁ কয়– মই মুখ্যমন্ত্রীৰ ওপজা গাঁৱৰ গাঁওবুঢ়া হিচাপে যথেষ্ট সুখী হৈছেছা৷ উল্লেখ্য যে গাঁওখনৰ বাসিন্দা তথা জ্যেষ্ঠ নাগৰিক দেৱেন দাস, উপেন দাস, গৌৰী দাস আৰু ফুকন দাসো সমানেই আনন্দিত আৰু উৎফুল্লিত৷ তেওঁলোকে মনৰ ভাব ব্যক্ত কৰি কয় যে মুখ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ উন্নয়নৰ গতি অধিক গতিশীল যে কৰিব, ই খাটাং৷ আমি ভগৱানৰ ওচৰত প্রার্থনা কৰিছোঁ যাতে তেওঁ ৰাজ্যৰ সকলো জাতি–জনগোষ্ঠীৰ সম–উন্নয়ন সম–ধিকাৰ আৰু সম–বিকাশেৰে উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰিব পাৰে৷ উল্লেখ্য যে নেতাগৰাকীৰ পিতৃৰ ওপজা ভূমি লাটিমা গাঁও আছিল যদিও ড০ হিমন্ত বিশ্ব শর্মাৰ জন্ম হৈছিল যোৰহাটত৷ তেওঁৰ পিতৃ প্রয়াত কৈলাশ নাথ শর্মা চাকৰি সূত্রে তেতিয়া যোৰহাটত আছিল৷ নলবাৰী জিলাৰ বিভিন্ন দল–সংগঠনে ৰাজ্যৰ নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক শুভেচ্ছা জ্ঞাপন কৰে৷ নলবাৰী কৃষি সামগ্রী প্রস্তুতকাৰী সংস্থা (নাপিয়া)ৰ সভাপতি বিনয় বর্মন আৰু সম্পাদক ভ্রমৰ মজুমদাৰে বিজেপি বিধায়িনী দলৰ নেতা ড০ হিমন্ত বিশ্ব শর্মাক শুভেচ্ছা জ্ঞাপন কৰিছে৷
গৃহ সমষ্টি জালুকবাৰীত আনন্দৰ জোৱাৰ
জালুকবাৰী সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শর্মা নতুন চৰকাৰৰ মুখ্যমন্ত্রী হিচাপে নির্বাচিত হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতেই সমষ্টিটোৰ অন্তর্গত বাইহাটা চাৰিআলি, বেজেৰা, শালমাৰা, মান্দাকাটা, ধোপাতাৰী, ৰুদ্রেশ্বৰ, ৰংমহল আদি অঞ্চলত উলাহৰ জোৱাৰ উঠে৷ বাইহাটা চাৰিআলিস্থিত বিজেপিৰ বেজেৰা মণ্ডলৰ কোষাধ্যক্ষ ধনঞ্জয় ডেকাৰ লগতে দিলীপ ডেকা (সাজে), নৰেন কাকতি, ঋতুৰাজ ডেকা, সুভাষ পাটোৱাৰীৰ নেতৃত্বত এটা ৪০–৫০জনীয়া দলে ফটকা ফুটাই, মিঠাই বিলাই আনন্দ প্রকাশ কৰে৷ সেইদৰে শালমাৰাত বিজেপিৰ যুৱ মর্চাৰ বেজেৰা মণ্ডলৰ সাধাৰণ সম্পাদক মানৱেন্দ্র ডেকাৰ নেতৃত্বত শতাধিক যুৱকৰ এটা দলে ফটকা ফুটাই নাচি–বাগি, মিঠাই খুৱাই আনন্দ প্রকাশ কৰে৷ একেদৰে বেজেৰা চ’কত বিজেপিৰ বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, বেদান্ত বৰুৱা, বেজেৰা জিলা পৰিষদৰ সদস্য অনিলৰাজ ডেকা, বেজেৰা পঞ্চায়তৰ নির্বাচনী প্রচাৰ সমিতিৰ সাধাৰণ সম্পাদকদ্বয় বনজিৎ ডেকা আৰু দণ্ডধৰ ভূঞাৰ নেতৃত্বত এটা ৫০জনীয়া দলে হিলৈ ফুটাই নাচি–বাগি মিঠাই পৰিৱেশন কৰি আনন্দ প্রকাশ কৰে৷ মুঠতে ড০ শর্মা মুখ্যমন্ত্রী হিচাপে নির্বাচিত হোৱাৰ লগে লগে সমগ্র সমষ্টিটোতে আবতৰীয়া দীপাৱলীসদৃশ পৰিস্থিতি সৃষ্টি হয়৷
শুৱালকুছিতো আনন্দৰ বন্যাঃ নামঘৰে নামঘৰে বন্তি প্রজ্বলন
ড০ হিমন্ত বিশ্ব শর্মা অসমৰ পৰৱর্তী মুখ্যমন্ত্রী হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে জালুকবাৰী সমষ্টিৰ অন্তর্গত বস্ত্রনগৰী শুৱালকুছিতো আনন্দৰ বন্যা বয়৷ শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি হেমচন্দ্র বৈশ্যই এই সন্দর্ভত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি কয় যে আমাৰ পৰম সৌভাগ্য যে জালুকবাৰী সমষ্টিৰ বিধায়কগৰাকী অসমৰ মুখ্যমন্ত্রী হ’ল৷ তাতকৈ আনন্দৰ কথা একো হ’ব নোৱাৰে৷ অসমবাসীয়ে বহু বছৰৰ মূৰত এগৰাকী যোগ্য মুখ্যমন্ত্রী লাভ কৰিলে৷ শুৱালকুছিৰ ঐতিহ্যমণ্ডিত বস্ত্রশিল্পয়ো এক নতুন জীৱন লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে৷ পশ্চিম শুৱালকুছি গাঁও পঞ্চায়তৰ সভাপতি কবিন দাসে ড০ শর্মা ৰাজ্যখনৰ পৰৱর্তী মুখ্যমন্ত্রী নির্বাচিত হোৱাত গভীৰ সন্তুষ্টি ব্যক্ত কৰি কয় যে আগন্তুক দিনত ৰাজ্যখনত এক শান্তিময় পৰিৱেশ সৃষ্টি হোৱাৰ উপৰি সকলো দিশতে অসমৰ উন্নতি সম্ভৱ হৈ উঠিব৷ শুৱালকুছি জিলা পৰিষদৰ প্রাক্তন সদস্য কৃষ্ণ দাসে কয় যে ড০ শর্মাৰ দৰে দক্ষ ৰাজনীতিবিদ দেশতে বিৰল৷ সকলোতে তেওঁ অতি দক্ষ৷ এতিয়াহে অসম সকলো ক্ষেত্রতে জয়জয়–ময়ময় হৈ পৰিব৷ মাত্র আমি তেওঁক সর্বতোপ্রকাৰে সহযোগ আগবঢ়াব লাগিব৷ ইফালে আজি ড০ শর্মা নির্বাচিত হোৱাত পূব শুৱালকুছি হিমন্ত বিশ্ব শর্মা অনুৰাগী দলে শুৱালকুছি নামঘৰসমূহত বন্তি প্রজ্বলন কৰি ড০ শর্মাৰ উজ্জ্বল ভৱিষ্যৎ আৰু সুস্বাস্থ্যৰ লগতে দীর্ঘ জীৱন কামনা কৰি ভগৱানৰ ওচৰত প্রার্থনা জনায়৷ সমষ্টিটোৰ গন্ধমৌ, বংশৰ, শিঙিমাৰী আদিতো বন্তি প্রজ্বলন কৰাৰ লগতে ফটকা ফুটাই আনন্দ প্রকাশ কৰে৷
এগছি চাকি জ্বলাই ড০ শর্মাক শুভাশিস জনালে বটদ্রৱাৰ সত্রাধিকাৰে
ড০ হিমন্ত বিশ্ব শর্মা অসমৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে মনোনীত হোৱাৰ পিছতে গুৰুজনাৰ জন্মস্থান বটদ্রৱা থানত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে৷ আজি বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্রীশ্রীনৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে ড০ শর্মাৰ মংগল প্রার্থনাৰে কীর্তন ঘৰত এগছি চাকি জ্বলাই শুভাশিস জনায়৷ ক’ভিডৰ দুর্যোগৰ পৰাও যাতে ৰাজ্যবাসীক ৰক্ষা কৰিব পাৰে তাৰ বাবেও প্রার্থনা জনায়৷ বটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱায়ো ড০ শর্মাক অভিনন্দন জ্ঞাপন কৰি কয় যে জাতিৰ সেৱা কৰিবলৈ গুৰুজনে যেন ড০ শর্মাক অধিক শক্তি দিয়ে৷ ড০ শর্মা মুখ্যমন্ত্রী হিচাপে নির্বাচিত হোৱাত বটদ্রৱাৰ সমাজ জীৱনৰ সৈতে জড়িত প্রাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰা, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকা, সমাজকর্মী তৰুণ পাঠক, বিপিন বৰা, পংকজ বৰুৱা, অধ্যাপক প্রাঞ্জল হাজৰিকা, বটদ্রৱা প্রেছ ক্লাবৰ পদুম কলিতা, কন্দর্প কুমাৰ কলিতা, দিব্যজ্যোতি বৰুৱা, জগন্নাথ কলিতা, অমৰজ্যোতি কলিতা আদিয়ে ড০ শর্মাক শুভেচ্ছা জ্ঞাপন কৰে৷ তদুপৰি গুৰুজনাৰ জন্মস্থানৰ সামগ্রিক উন্নয়নৰ স্বার্থত নগাঁৱৰ বিধায়ক ৰূপক শর্মাক অসম মন্ত্রীসভাত অন্তর্ভুক্ত কৰাৰ বাবে বটদ্রৱা থান পৰিচালনা সমিতিৰ লগতে বটদ্রৱাবাসীয়ে অনুৰোধ জনায়৷

You might also like