নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত একেৰাহে চতুর্থ দিনলৈ দৈনিক ৪ লাখকৈ আক্রান্ত

নিয়মীয়া বাৰ্তা ১০ মেঃ বিশেষজ্ঞৰ সতর্কবাণীৰ লেখীয়াই দেশত ক’ভিড–১৯সৃষ্ট পৰিস্থিতি বিপজ্জনক হৈ উঠিছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশজুৰি সংহাৰী ৰূপ লোৱাত ৰাজ্যই ৰাজ্যই স্বাস্থ্য ব্যৱস্থা বিধ্বস্ত হৈ পৰিছে৷ আক্রান্তৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত চৰকাৰী হাস্পতাল, স্বাস্থ্যকেন্দ্র আদিত ক’ভিড ৰোগীৰ বাবে বিছনাৰ অভাৱ ঘটিছে৷ সমান্তৰালকৈ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাত শ্মশানত অন্তিম সৎকাৰৰ বাবে ঠাইৰ অভাৱ ঘটিছে৷ এক বিধ্বস্ত পৰিৱেশত চলি থকা দেশখনৰ কেইবাখনো ৰাজ্যত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পাই আছে৷

ক্রমাগত চাৰি দিন ধৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যাই ৪ লক্ষাধিক অতিক্রম কৰি আছে৷ ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা এদিনত ৪ লক্ষাধিক হোৱা বিশ্বৰ প্রথম দেশ ভাৰতত যোৱা ২৪ ঘণ্টাত ৪.০৩ লক্ষাধিক লোক আক্রান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্ত ৪ লক্ষাধিকক ধৰি দেশত মুঠ আক্রান্তৰ সংখ্যা হৈছে ২,২২,৯৬,৪১৪জন৷ যোৱা ৪ মে’ত আক্রান্তৰ সংখ্যাই ২ কোটি অতিক্রম কৰাৰ পিছত বিগত ৫ দিনত প্রায় ২১ লাখ লোক আক্রান্ত হৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ক্রমাগত দ্বিতীয় দিনৰ বাবে চাৰি সহস্রাধিক লোকৰ প্রাণহানি হৈছে৷ এই লৈ দেশত মুঠ প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২,৪২,৩৬২লৈ বৃদ্ধি পাইছে৷ মৃতকৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দেশত মৃতকৰ সংখ্যাই ২.৫ লাখ শীঘ্রেই অতিক্রম কৰিছে৷

স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশজুৰি প্রায় ১৭ কোটি লোকক ক’ভিড টিকা প্রদান কৰা হৈছে৷ ইপিনে দেশৰ ৰাজধানী দিল্লীত আক্রান্তৰ সংখ্যা সামান্য হ্রাস পালেও মৃতকৰ সংখ্যা বর্ধিত হৈ আছে৷ বিগত ২–৩ দিন ধৰি ৰাজধানী চহৰখনত ক’ভিড পজিটিভৰ হাৰ ৩৫ শতাংশৰ পৰা ২৩ শতাংশলৈ নিম্নগামী হৈছে৷ অর্থাৎ বিগত ৫ দিন ধৰি ৰাজধানীত আক্রান্তৰ হাৰ ২০ হাজাৰৰ তলত আছে৷ অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে৷ যোৱা ২৪ ঘণ্টাত ৩৩২জন লোকে প্রাণ হেৰুৱাইছে৷ ক’ভিড পৰিস্থিতি বিপজ্জনক হৈ থকাৰ বাবে ৰাজধানী দিল্লীত সম্পূর্ণ লকডাউন পুনৰ এসপ্তাহ বৃদ্ধি কৰা হৈছে৷

মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে  অহা ১৭ মে’লৈ লকডাউন ঘোষণা কৰিছে৷ আনপিনে উত্তৰ প্রদেশত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি হৈ থকাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰখনে অহা ১৭ মে’লৈ জনতা কার্ফিউ বৃদ্ধি কৰিছে৷ উল্লেখ্য যে যোৱা ২৯ এপ্রিলত ৰাজ্যখনত জনতা সান্ধ্য আইন বলৱৎ কৰাৰ পিছত পিছলৈ ১০ মে’লৈ বৃদ্ধি কৰি দিয়া হয়৷ ১০ মে’ত জনতা সান্ধ্য আইন সামৰণিৰ পূর্বে আজি পুনৰ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ১৭ মে’লৈ জনতা কার্ফিউ বৃদ্ধি কৰিছে৷ ইপিনে কেন্দ্রীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰতো জনতা কার্ফিউ এসপ্তাহ বৃদ্ধি কৰি ১৭ মে’লৈ বাহাল ৰাখিছে৷ প্রশাসনে ঘোষণা কৰা মতে এই সান্ধ্য আইন ১৭ মে’ৰ পুৱা ৭ বজালৈ বাহাল থাকিব৷ এই সময়ছোৱাত অনুমতিসাপেক্ষ বিবাহ কার্যসূচী সম্পন্ন হ’লেও কেৱল ২৫জন লোকহে সমৱেত হ’ব পাৰিব৷

You might also like