নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাৰে ক’ভিডে প্রাণ ল’লে ৪৮জনৰ, আক্রান্ত ৩,২৯৯

ৰাজ্যজুৰি অব্যাহত ক’ৰোনাৰ সংহাৰ

নিয়মীয়া বাৰ্তা ১০ মেঃ  ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ সংহাৰ৷ নিতৌ বৃদ্ধি পাইছে আক্রান্ত লোকৰ সংখ্যা৷ দেওবাৰে দিনটোত ৰাজ্যত পুনৰ ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৩,২৯৯জন লোক৷ বিগত ২৪ ঘণ্টাত ৩৬,১৩৫টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তৰ হাৰ হৈছে ৯.১৩ শতাংশ৷ ইপিনে, দেওবাৰে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৪,০৪৫জন৷ বর্তমান বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৩৬,০০৫জন৷ দেওবাৰে নতুনকৈ আক্রান্ত হোৱাসকলৰ ভিতৰত ১,৩৪৬জন কামৰূপ মহানগৰ, ২২৮জন ডিব্রুগড়ৰ, ১৪৮জন তিনিচুকীয়াৰ আৰু ১৩৭জন কামৰূপ জিলাৰ৷ সমান্তৰালভাৱে আজি ক’ভিডত প্রাণ হেৰুৱাইছে ৪৮জন ৰোগীয়ে৷ মৃত্যু হোৱা লোকসকলৰ ১৭জনেই কামৰূপ মহানগৰ জিলাৰ৷ ইপিনে, মৃত্যু হোৱা লোকসকলৰ চাৰিজন কামৰূপ জিলাৰ, ডিব্রুগড়–কার্বি আংলং–শোণিতপুৰ– তিনিচুকীয়াৰ ৩জন, বঙাইগাঁও–কাছাৰ–যোৰ্ দুজন৷ তদুপৰি বৰপেটা, ধেমাজি, গোৱালপাৰা, হোজাই, নলবাৰী, শিৱসাগৰ, ওদালগুৰিত এজনকৈ লোকৰ আজি মৃত্যু ঘটিছে৷
ক’ভিডত নলবাৰীৰ যুৱকৰ কৰুণ মৃত্যু
মহামাৰী ক’ৰোনাত যোৱা ২৪ ঘণ্টাত নলবাৰীৰ দুজন লোকে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই নলবাৰী জিলাবাসীক আতংকিত কৰি তুলিছে৷ নলবাৰী উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ বনদীপ ডেকাৰ ভ্রাতৃ বিশ্বজিৎ ডেকা (৩৯)ৰ ক’ভিডত আক্রান্ত হৈ কালি মৃত্যু ঘটে৷ উল্লেখ্য যে সম্প্রতি গুৱাহাটীৰ বাসিন্দা যুৱ ব্যৱসায়ী বিশ্বজিৎ ডেকা ক’ভিডত আক্রান্ত হোৱাত প্রথমাৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল যদিও পৰৱর্তী সময়ত মহানগৰীৰে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷ অৱশেষত চিকিৎসাধীন অৱস্থাতে কালি পুৱা ৮.১৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুজন কণমানি পুত্র সন্তান, মাতৃ, তিনিজন ককাই–ভাই আৰু ভালেসংখ্যক আত্মীয়–কুটুম্বক ইহসংসাৰত এৰি যায়৷

যুৱ ব্যৱসায়ীজনৰ পত্নীৰ দেহতো ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি৷ যুৱ ব্যৱসায়ীজনৰ অকাল বিয়োগত নলবাৰীত গভীৰ শোকৰ ছাঁ পৰিছে৷ ইপিনে ক’ৰোনা মহামাৰীৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পোৱাৰ সমান্তৰালকৈ এই ৰোগত আক্রান্ত হৈ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বালিলেছাৰ শ্রীশ্রীকালী দেৱালয়ৰ সন্মুখৰ দেৱেন ৰাজবংশী (৭০) কালি ক’ৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ জানিব পৰা মতে, বিগত কেইবাদিনো ধৰি তেওঁ অসুস্থ হৈ আছিল৷ পূর্বৰে পৰা ক’ৰোনাৰ কেইবাটাও লক্ষণ থকা ব্যক্তিজন কালি হঠাৎ ঘৰতে মৃত্যু হোৱাৰ পিছত স্বাস্থ্য বিভাগৰ লোকে আহি ঘৰতে ক’ভিড পৰীক্ষা কৰাত মৃত দেৱেন ৰাজবংশী ক’ভিড পজিটিভ বুলি নিশ্চিত হয়৷আজি পুৱাৰ ভাগত ব্যক্তিজনক ক’ভিড প্রট’কল মানি গণেশ মন্দিৰৰ সমীপৰ শ্মশানত সৎকাৰ কৰা হয়৷
ক’ভিডত আক্রান্ত হৈ বিহপুৰীয়াত মহিলাৰ মৃত্যু
একাংশ অসচেতন লোকৰ বাবেই লখিমপুৰ জিলাৰ বিহপুৰীয়াতো ক’ৰোনা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ ক’ভিডতে আক্রান্ত হৈ দেওবাৰে বিহপুৰীয়াত এজন মহিলাৰ মৃত্যু হয়৷ জানিব পৰা মতে, বিহপুৰীয়া পৌৰসভাৰ ৯ নম্বৰ ৱার্ডৰ বাসিন্দা মামীৰা কটকী (৬৫) ক’ভিডত আক্রান্ত হৈ বিগত কেইবাদিন ধৰি হোম আইছ’লেচনত আছিল৷ শুকুৰবাৰে মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক লখিমপুৰলৈ নিয়া হয়৷ শেষত দেওবাৰে বিয়লি চিকিৎসাধীন অৱস্থাতে মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷
গোলাঘাটৰ বিশিষ্ট চিত্রশিল্পী সন্তোষ বৰাৰ ক’ভিডত মৃত্যু
ৰাজ্যৰ এজন বিশিষ্ট চিত্র আৰু ভাস্কর্য শিল্পী সন্তোষ বৰাৰ ক’ভিডত আক্রান্ত হৈ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ গোলাঘাট পুৰণা আমোলাপট্টি নিৱাসী শিল্পীজনৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৪ বছৰ৷ জানিব পৰা মতে, তেওঁ কেইদিনমানৰ পূর্বে অসুস্থ অনুভৱ কৰাত চিকিৎসালয়ত কৰা স্বাস্থ্য পৰীক্ষাৰ অন্তত শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰে আৰু গোলাঘাট ক’ভিড চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ চিকিৎসাধীন অৱস্থাত তেওঁৰ শৰীৰৰ অৱস্থা অধিক অৱনতি ঘটাত যোৱানিশা যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হৈছিল যদিও আজি পুৱা ৯.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷

উল্লেখ্য এখন ওচৰ–চুবুৰীয়াৰ বিবাহত অংশগ্রহণ কৰাৰ পিছতে তেওঁ অসুস্থ হৈ পৰিছিল৷ সেই বিবাহত অংশগ্রহণ কৰা আন কেইবাজনৰো শৰীৰত ক’ভিডৰ অৱস্থিতি পোৱা বুলি জানিব পৰা গৈছে৷ এজন স্বভাৱজাত চিত্র আৰু ভাস্কর্য শিল্পী ৰূপে সন্তোষ বৰা অকল গোলাঘাটতেই নহয়, অসমৰ বিভিন্ন স্থানতো পৰিচিত৷ শিল্পকলাক পেছা ৰূপে গ্রহণ কৰা সন্তোষ বৰাই গোলাঘাটৰ বিভিন্ন স্থানত চিত্রকলাৰ বিদ্যালয় আৰম্ভ কৰি চিত্রকলাৰ শিক্ষাদান কৰিছিল৷ মৃত্যুৰ সময়ত পত্নী, একমাত্র পুত্র আৰু দুই কন্যা সন্তানসহ পৰিয়ালৰ সদস্য আৰু আত্মীয়–স্বজনক এৰি যোৱা শিল্পী সন্তোষ বৰাৰ মৃত্যুত গোলাঘাটৰ সর্বত্র শোকৰ ছাঁ পৰিছে৷ বৰাৰ মৃত্যুত গোলাঘাটৰ আর্ট ছ’চাইটীৰ সভাপতি হিমেন দাস, সদস্যত্রয় বেণু শইকীয়া, ৰূপ শইকীয়া, ভৰত বৰা, গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটীৰ সভাপতি ডাঃ অজিত বৰুৱা, উপ–সভাপতি অনিল শর্মা, প্রশাসনীয় সম্পাদক দীপমণি খাটনিয়াৰ, সাংস্কৃতিক সম্পাদক নীলোফাৰ ই মাহতাবী আৰু বিত্তীয় সম্পাদক মৃদুল কাকতি, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি বিকাশ শর্মা, সাধাৰণ সম্পাদক দ্বীপেন বৰা, গোলাঘাট নাগৰিক মঞ্চৰ সভাপতি তিলেশ্বৰ তামুলী, উত্তৰ–পূর্বাঞ্চলীয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি মাণিক বৰা, সম্পাদক হৰেন দাস, আন্তৰিকৰ সভাপতি ডাঃ মানস ৰয়, সম্পাদক জয়ন্ত বৰা আদিয়ে গভীৰ শোক প্রকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷
গোৱালপাৰাৰ ধূপধৰাত ক’ভিডত যুৱ চিকিৎসকৰ মৃত্যু
গোৱালপাৰা জিলাৰ পূব প্রান্তৰ ধূপধৰা থানাৰ অন্তর্গত আমবাৰীৰ এজন যুৱ চিকিৎসক ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা ঘটনাই সমগ্র অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে৷ মৃত যুৱ চিকিৎসকজন হ’ল আমবাৰীৰ খাদ্য আৰু অসামৰিক বিভাগৰ অধীক্ষক ভৈৰৱ ৰায়ৰ একমাত্র পুত্র ডাঃ প্রিয়ম পল্লৱ ৰায় (৩১)৷ পৰিয়ালৰ সূত্রে জানিবলৈ দিয়া মতে, যুৱ চিকিৎসক ৰায়ে দিল্লীত নেচনেল মেডিকেল কাউঞ্চিলত অধ্যয়ন কৰি থকা অৱস্থাত যোৱা ২৩ এপ্রিলত ক’ভিডত আক্রান্ত হৈ প্রথম অৱস্থাত গুৱাহাটী নেমকেয়াৰ হাস্পতালত এদিন চিকিৎসাধীন হৈ আছিল৷ পিছত জি এন আৰ চিলৈ তেওঁক স্থানান্তৰ কৰা হৈছিল যদিও ৮ মে’ৰ নিশা প্রায় ১০.১০ বজাত তেওঁ শ্বাস– প্রশ্বাসত কষ্ট পাই অকাল মৃত্যুক আঁকোৱালি লয়৷ উল্লেখ্য আজি প্রায় এবছৰ পূর্বে বিবাহপাশত আবদ্ধ হোৱা চিকিৎসক ৰায়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে পিতৃ–মাতৃ আৰু দুই ভগ্ণীসহ বহুতো আত্মীয়–স্বজনক ইহসংসাৰত এৰি যায়৷ তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোক ছাঁ পৰিছে৷
ক’ভিডত আক্রান্ত হৈ অৱসৰপ্রাপ্ত বেংক বিষয়াৰ মৃত্যু হোজাইত
হোজাইৰ অৱসৰপ্রাপ্ত বেংক বিষয়া বিভাষ দাসৰ ক’ভিডত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ ক’ভিড ভেকচিনৰ দ্বিতীয়টো ড’জ ল’বলৈ গৈ সংক্রমিত হৈছিল প্রয়াত দাস৷ কিছুদিন ঘৰতে অৱৰুদ্ধ হৈ থকাৰ পিছত নীলবাগান ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি হৈছিল যদিও পিছলৈ তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰিছিল৷ হোজাই বিষ্ণুপল্লী নিৱাসী প্রয়াত দাস সমাজৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগত জডিত আছিল৷ অংকুৰ সংঘৰ প্রাক্তন সভাপতি থকাৰ উপৰি বিষ্ণুপল্লী সার্বজনীন দুর্গাবাডী, ৰঙালী বিহু সন্মিলন আদিৰ লগতো জডিত আছিল৷ দাসৰ মৃত্যুত হোজাইৰ নৱনির্বাচিত বিধায়ক ৰামকৃষ্ণ ঘোষ, প্রাক্তন মন্ত্রী ডাঃ অর্ধেন্দু কুমাৰ দে’সহ বিভিন্নজনে শোক প্রকাশ কৰে৷
নগাঁৱত তিনিজনৰ মৃত্যু
আজি নগাঁও চহৰৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত চিকিৎসাধীন হৈ থকা দুজন ব্যক্তিৰ ক’ভিডত মৃত্যু ঘটে৷ মৃত ব্যক্তি দুজনক বেবেজীয়াৰ ৭০ বছৰীয়া বন্তি বৰা আৰু ধিং অঞ্চলৰ ৬০ বছৰীয়া আমিনুল ৰহমান বুলি চিনাক্ত কৰা হয় বুলি স্বাস্থ্য বিভাগৰ সূত্রই প্রকাশ কৰিছে৷ আজি পুৱা প্রায় ১১ বজাত নগাঁও পৌৰসভাৰ অন্তর্গত ২৩নং মহলাৰ পানীগাঁও ছয়আলিৰ কেশৱ চন্দ্র বৰা (৬৫)ৰ ক’ভিডত আক্রান্ত হৈ চিকিৎসা গ্রহণ কৰি থকা অৱস্থাতে নিজ গৃহতে মৃত্যু হয়৷ পিছত জিলা প্রশাসনৰ তত্ত্বাৱধানত নগাঁও চহৰৰ আমোলাপট্টি শ্মশানত সম্পূর্ণ ক’ভিড প্রট’কল মানি কেশৱ চন্দ্র বৰাৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ আজিপর্যন্ত জিলাখনত মুঠ ১২জন ব্যক্তিৰ ক’ভিডত মৃত্যু হয়৷
শোণিতপুৰত দুজনৰ মৃত্যু
ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৱে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে শোণিতপুৰবাসীকো ক্রমান্বয়ে আতংকিত কৰি তুলিছে৷ যোৱা ২৪ ঘণ্টাত জিলাখনত নতুনকৈ ৯৬গৰাকী লোক ক’ভিড ৰোগী চিনাক্ত হোৱাৰ লগতি দুগৰাকী ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে৷ আনহাতে আজি ৰঙাপৰাৰ ১নং ৱার্ডৰ কৈলাস শ্বাহৰ (৫৬) লগতে তেজপুৰ ঊষানগৰ নিৱাসী প্রতীম বৰদলৈয়ে (৫৩) ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাহ তেজপুৰবাসীক মর্মাহত কৰি তুলিছে৷ ডল্লেখ্য যে ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী ডচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৪ত হাহসুকল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ডত্তীর্ণ হোৱাৰ পিছত ডচ্চ শিক্ষা গ্রহণ কৰি ঘৰতে টিডচনৰ জৰিয়তে জীৱন নির্বাহ কৰি আহিছিল প্রতীম বৰদলৈয়ে৷ প্রণিধানযোগ্য যে বৰদলৈ পৰিয়ালটোৰ সদস্যসকলো ক’ভিডত আক্রান্ত হোৱাৰ পিছত শেহতীয়াকৈ পত্নী আৰু প্রতীম তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সন্তানসহ আন সদস্য নিজ বাসগৃহতে চিকিৎসাধীন হৈ আছিল৷ আজি প্রতীম বৰদলৈয়ে চিকিৎসা মহাবিদ্যালয় হাস্পতালতে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে৷ এগৰাকী সুদক্ষ গীটাৰবাদক হিচাপে পৰিচিত অমায়িক প্রতীম বৰদলৈৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷
চাবুৱাত পুনৰ ক’ভিড ৰোগীৰ মৃত্যু
চাবুৱা ৰাজহ চক্রৰ বালিজান পানীএৰা গাঁও নিৱাসী ৭৫ বছৰীয়া নাথেশ্বৰ হেমৰম নামৰ ব্যক্তিজনৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হয়৷ বয়োজ্যেষ্ঠ ব্যক্তিজন কেইবাদিনো আছুতীয়াকৈ আছিল বুলি জানিব পৰা গৈছে৷
তিতকুছিত ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু
কামৰূপ জিলাৰ বিহদিয়া প্রাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তর্গত বেজেৰাৰ নিকটৱর্তী তিতকুছিৰ এজন ক’ভিড আক্রান্ত ৰোগীৰ আজি চিকিৎসালয়ত মৃত্যু হৈছে৷প্রাপ্ত তথ্য অনুসৰি তিতকুছিৰ প্রফুল্ল শর্মাৰ পুত্র কুশল শর্মা (৫১)ক আজিৰ পৰা এসপ্তাহ পূর্বে ক’ভিড পজিটিভ চিনাক্ত হোৱাত শিঙিমাৰীৰ মডেল হাস্পতালৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি কৰোৱা হয়৷ প্রায় এসপ্তাহ চিকিৎসাধীন অৱস্থাতে থাকি আজি পুৱা চিকিৎসালয় সূত্রই কুশল শর্মাৰ মৃত্যু হোৱাটো নিশ্চিত কৰাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে৷ উল্লেখ্য যে কুশল শর্মাৰ বৃদ্ধা মাতৃসহ পৰিয়ালৰ আন লোকক স্বাস্থ্য বিভাগৰ ফালৰ পৰা ক’ভিড টেষ্ট নকৰাত ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ফলত স্থানীয় লোকসকল মৃত্যুৰ খবৰ পোৱাৰ পিছতো কুশল শর্মাৰ বাসগৃহত পৰিয়ালৰ লোকক খবৰ ল’বলৈ উপস্থিত হোৱাৰ পৰা বিৰত আছিল৷
লখিমপুৰত এজনৰ মৃত্যু ক’ভিডত
ক’ভিড–১৯ৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰা লখিমপুৰত আজি পুনৰ এজনৰ মৃত্যু হৈছে৷ ক’ভিড–১৯ত আক্রান্ত হৈ লখিমপুৰ মেডিকেলত চিকিৎসাধীন হৈ থকা বিহপুৰীয়াৰ মীৰা দেৱী (৬৮) নামৰ মহিলাগৰাকীৰ আজি মৃত্যু হয়৷ ইয়াকে লৈ জিলাখনত ক’ভিড–১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩জনলৈ বৃদ্ধি পালে৷ ইফালে, জিলাখনত আজিৰ দিনটোত ৪২জন লোক ক’ভিড পজিটিভ বুলি ধৰা পৰিছে৷ এইসকলৰ ভিতৰত আছে ধলপুৰৰ ৪জন, বিহপুৰীয়াৰ ৬জন, নাওবৈচাৰ ২জন আৰু লখিমপুৰ চিভিল হাস্পতালত ২৯জন৷
বৰভাগত পুনৰ ক’ভিড আক্রান্ত যুৱকৰ মৃত্যু
নলবাৰী জিলাৰ বৰভাগৰ পাণ্ডুলা গাঁও নিৱাসী বিনন্দ লহকৰ (৩৫)ৰ ক’ভিড আক্রান্ত হৈ আজি সন্ধিয়া জি এম চি এইচত মৃত্যু হয়৷ তেওঁক পৰহি হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ উল্লেখ্য যে কালি অঞ্চলটোৰ বৰশিমলুৱাৰ এজনৰ যুৱকৰো ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটিছিল৷ ইয়াকে লৈ অঞ্চলটোত ক’ভিড আক্রান্ত হৈ এইপর্যন্ত চাৰিজনে মৃত্যুক সাবটিলে৷

You might also like