নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক ৰোগ নিৰ্ণায়ক পৰীক্ষা কেন্দ্ৰ মুকলি

নতুন বছৰৰ ২ জানুৱাৰী দিনটো নলবাৰী ৰাইজৰ বাবে সোণালী দিন বুলি ক’লে ভূল কৰা নহ’ব নিশ্চয়। বিগত ৩ বছৰৰ পিছত প্ৰায় ১৩ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে এটা অত্যাধুনিক প্ৰযুক্তিৰ এম আৰ আই মেচিন অত্যাধুনিক ৰোগ নিৰ্ণায়ক পৰীক্ষা কেন্দ্ৰ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত মুকলি হ’ল।

চিকিৎসালয় খনৰ জৰুৰীকালীন বিভাগত এম আৰ আই মেচিনৰ কক্ষ এটি উদ্বোধন কৰি এনেদৰে কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম স্বাস্থ্য সেৱা নিগমৰ সহযোগত মুকলি কৰা এম আৰ আই কক্ষটো উদ্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পুনৰ কয় যে- ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে স্থাপন কৰা এই কেন্দ্ৰটো হ’ব প্ৰথম। এয়া আমাৰ বাবে গৌৰৱৰ বিষয়। উত্তৰ অসমৰ চৰকাৰী খণ্ড কোনো চিকিৎসালয়ত এই অত্যাধুনিক ৰোগ নিৰ্ণায়ক পৰীক্ষা কেন্দ্ৰ নাছিল।

প্ৰথম নলবাৰী চিকিৎসা মহাবিদ্যালয়ত কেন্দ্ৰটো উদ্বোধন কৰিবলৈ সক্ষম হোৱাত মই অত্যন্ত সুখ অনুভৱ কৰিছো।‌ ইয়াৰ বাবে আমি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো। ভাবিলে আচৰিত লাগে যে দক্ষিণ গাঁৱৰ এখন সৰু ৰাজ্যিক চিকিৎসালয়ৰ প্ৰাঙ্গণত গঢ়ি উঠিছে এখন বৃহৎ চৰকাৰী খণ্ডৰ চিকিৎসালয়। এইটো সম্ভৱ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত।

এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সমানুপাতে ৩,৬০০ টকা দি ৰোগীয়ে পৰীক্ষা কৰিব পাৰিব। আনহাতে এই চিকিৎসালয়খনত আয়ুস্মান আঁচনিৰ দ্বাৰা এতিয়ালৈকে প্ৰায় ২২ হাজাৰ ৰোগীয়ে সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত বহিঃবিভাগত ৪ লাখতকৈ অধিক ৰোগীক চিকিৎসা প্ৰদান কৰিছে।

এতিয়া মাত্ৰ চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে ইয়াৰ লগত জড়িত সকলোৱে সেৱাৰ মনোভাৱৰে কাম কৰিব লাগিব। চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক ডাঃ বাসৱদত্তা চৌধুৰীয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাই। অত্যাধুনিক ৰোগ নিৰ্ণায়ক পৰীক্ষা কৰা এম আৰ আই মেচিনৰ ওপৰত বক্তব্য প্ৰদান কৰে অসম স্বাস্থ্য সেৱা নিগমৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্মণনে।

জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত এই অত্যাধুনিক ৰোগ নিৰ্ণায়ক পৰীক্ষা কেন্দ্ৰটো নলবাৰীকে ধৰি অন্যান্য জিলাসমূহৰ ৰোগী সকলৰ চিকিৎসাৰ বাবে এক ভাবিব নোৱাৰা সুযোগ পাৱ। আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে নলবাৰীৰ বিভিন্ন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ এম আৰ আই মেচিনৰ সহায় ল’বলৈ আহ্বান জনায়।

সভাত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ মাধৱ চন্দ্ৰ ৰাজবংশী, নলবাৰী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মানৱ কুমাৰ চৌধুৰী, জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱাকে ধৰি চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী, বিশিষ্ট সমাজকৰ্মী তথা ৰাইজ উপস্থিত থাকে। শেষত অধীক্ষক ডাঃ মাধৱ চন্দ্ৰ ৰাজবংশীয়ে অনুষ্ঠানত উপস্থিত সকলোকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে এম আৰ আই মেচিনৰ প্ৰথমগৰাকী ৰোগী হিচাপে সফল ভাৱে ৰোগ নিৰ্ণায়ক পৰীক্ষা কৰে সদ্য অৱসৰী নলবাৰী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কৈলাশ ডেকাই।

নিয়মীয়া বাৰ্তা, ঘগ্ৰাপাৰ, ৩ জানুৱাৰী 
You might also like