সম্ভাৱনাৰ দুৱাৰ
আপুনি এখন বিয়াৰ অভ্যর্থনা অনুষ্ঠানলৈ গৈছে নতুবা আন কোনো খাদ্যৰ অভ্যর্থনা অনুষ্ঠানলৈ আপুনি আমন্ত্রিত হৈছে৷ এনে অনুষ্ঠানবোৰত এতিয়া দেখিব, খাদ্য সম্ভাৰৰ মেটমৰা জুতি লোৱাৰ বাবে আপোনাৰ সন্মুখত আছে বুফে৷ তাহানিৰ পৰম্পৰাগত বিলনিয়াৰ সলনি এতিয়া বুফে জনপ্রিয়৷ এই বুফেত বিধে বিধে হৰেক ৰকমৰ খাদ্য সম্ভাৰ সজাই ৰখা থাকে৷ একাষে থৈ দিয়া হয় পৰিষ্কাৰ প্লেট–চামুচ৷ আপুনি প্লেট–চামুচ লৈ নিজৰ পছন্দৰ খাদ্য নিজ খেয়াল–খুচি মতে বাছি লৈ উদৰ পূৰাই খালেই হ’ল৷ ঠিক তেনেদৰেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্রজোঁট চৰকাৰখনে আমাৰ সন্মুখত কর্মৰ বুফে সজাই দিছে৷ চৰকাৰে খুলি দিছে সম্ভাৱনাৰ এখন বিশাল দুৱাৰ৷ এই দুৱাৰেৰে প্রৱেশ কৰি সজাই থোৱা বুফেৰ পৰা আপোনাৰ পছন্দ আৰু সক্ষমতা অনুসাৰে ‘কর্মসম্ভাৰ’ বাছি লৈ আগবাঢ়ি গ’লেই হ’ল৷ যোৱা পাঁচটা বছৰত ড০ শর্মা চৰকাৰে অভিলেখসংখ্যক প্রায় ২ লাখ চাকৰিৰ সৃষ্টি কৰি নিযুক্তি প্রদান কৰিছে৷ পৰৱর্তী সময়তো এই ধাৰা অক্ষুণ্ণ ৰখাৰ পূর্ণ সম্ভাৱনা আছে৷ সহজ অর্থত আগত বছৰবোৰত অসমত বহু চাকৰিৰ সৃষ্টি হ’ব৷ আমাৰ উপযুক্ত নিবনুৱাসকলে এই সম্ভাৱনাৰ সুযোগ গ্রহণ কৰাৰ বাবে প্রয়োজনীয় পূর্ণ প্রস্তুতি চলাব পাৰে৷ বিভিন্ন ক্ষেত্রৰ চাকৰিৰ নিযুক্তিৰ বাবে প্রয়োজনীয় পাঠ গ্রহণৰ উপৰি আন সংপৃক্ত স্কিলসমূহৰ উন্নতি সাধন কৰা আৰু প্রয়োজনসাপেক্ষে শাৰীৰিক সক্ষমতা বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব দিব লাগিব৷ চৰকাৰে বাণিজ্য খণ্ডত অপাৰ সুযোগৰ সৃষ্টি কৰিছে৷ সমগ্র উত্তৰ–পূবৰ ভিতৰতে সর্ববৃহৎ ঔদ্যোগিক খণ্ড ছেমিকণ্ডাক্টৰ যেনেদৰে স্থাপন কৰিছে ঠিক তেনেদৰে সৰু সৰু লঘু আৰু ক্ষুদ্র উদ্যোগো গঢ়াৰ বাবে বিভিন্ন আঁচনি সহজলভ্য কৰি তুলিছে৷ ইতিমধ্যে এনে আঁচনিৰ সুযোগ লৈ হাজাৰ হাজাৰ কর্মঠ যুৱক–যুৱতীয়ে স্বাৱলম্বিতাৰ পথত খোজ দিছে৷ সমান্তৰালকৈ যিসমূহ গুৰু উদ্যোগ, কল–কাৰখানা, বিশাল হোটেল–ৰিজ’ৰ্ট গঢ়ি উঠিছে অথবা স্থাপনৰ যো–জা চলি আছে সেইসমূহতো কেৱল নিয়োগ সৃষ্টিয়েই নহয়, এই গুৰু উদ্যোগসমূহক ভেটি হিচাপে লৈ বহু সৰু সৰু উদ্যোগ স্থাপনৰ প্রচুৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ এতিয়াৰ পৰাই অসমীয়াই হাতে–কামে এই সুযোগসমূহ লোৱাৰ বাবে পৰিকল্পিতভাৱে আগবাঢ়িব লাগিব৷
পাৰ হৈ যোৱা পাঁচটা বছৰত সকলোতকৈ বেছি সম্ভাৱনাৰ দুৱাৰ খোল খাইছে ৰাজ্যৰ মহিলা আৰু যুৱতীৰ বাবে৷ উদ্যমিতা–অৰুণোদইৰ দৰে আঁচনিয়ে মহিলাসকলক নিজৰ ভৰিৰ ওপৰত দৃঢ়তাৰে থিয় দি স্বাৱলম্বী হ’বলৈ বিশাল সুযোগৰ ক্ষেত্র তৈয়াৰ কৰি দিছে৷ চৰকাৰে আগবঢ়োৱা ধনৰাশি পর্যায়ক্রমে সু–পৰিকল্পিতভাৱে সদ্ব্যৱহাৰ কৰিলে সেই ধনেৰে এতিয়াৰ একো একোটা ক্ষুদ্র উদ্যোগ এসময়ত বিশাল পৰিসৰত কৰিব পৰাৰ প্রচুৰ সম্ভাৱনা আছে৷ কিছু একাগ্রতা, কাম কৰাৰ দৃঢ় মানসিকতা আৰু সম্ভাৱনীয় বজাৰ দখলৰ পৰিকল্পনাই কেৱল অসমতে নহয়, সমগ্র দেশৰ ভিতৰতে অসমৰ মহিলা–যুৱতীক স্বাৱলম্বিতাৰ উচ্চ শিখৰলৈ লৈ যাব পাৰে৷ সুখৰ কথা যে ইতিমধ্যে চৰকাৰে আগবঢ়োৱা আঁচনিৰ ধনেৰে ৰাজ্যখনৰ বুজনসংখ্যক মহিলাই স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে৷ কার্যতঃ ড০ শর্মা চৰকাৰে খুলি দিয়া সম্ভাৱনাৰ দুৱাৰেৰে প্রৱেশ কৰি মহিলাসকলে ইতিমধ্যে অনন্য নজিৰ সৃষ্টি কৰিছে৷ অৱশ্যে এতিয়াও সুযোগ গ্রহণ আৰু প্রয়োগৰ বিস্তৰ সম্ভাৱনাৰ বহু পথ অতিক্রম কৰিবলৈ বাকী আছে৷ একেদৰে শিক্ষার্থীসকলৰ বাবেও মুকলি কৰি দিয়া হৈছে সম্ভাৱনাৰ এখন জ্যোতিষ্মান দুৱাৰ৷ নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্রীসকলক প্রদান কৰা ধনৰাশিয়ে তেওঁলোকক সকলো ধৰণৰ আর্থিক সমস্যা আঁতৰাই ৰাখি অধ্যয়নত সম্পূর্ণৰূপে মনোযোগ দিয়াৰ বাবে সুযোগৰ সৃষ্টি কৰিছে৷ ইয়াৰ ফলত ছাত্রীসকলে একাগ্রতাৰে অধ্যয়নত মনোনিৱেশ কৰি পৰীক্ষাৰ ফলাফল উন্নত কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যৎ জীৱনত পঢ়িব বিচৰা পাঠ্যক্রমত নামভর্তি কৰাৰ সম্ভাৱনাৰ দুৱাৰ খুলি দিছে৷ তেনেদৰে বছৰটোৰ পহিলা দিনটোতে চৰকাৰে ছাত্রসকলৰ বাবে যুগুতাই তোলা বাবু আঁচনিও আন এখন সম্ভাৱনাৰ দুৱাৰ৷ শিক্ষা জীৱনৰ এছোৱা অত্যন্ত গুৰুত্বপূর্ণ সময় স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীত আর্থিকভাৱে পিছপৰা ছাত্রসকলে যাতে আর্থিক বাধা নেওচি অধ্যয়নত মনোনিৱেশ কৰিব পাৰে তাৰ বাবে বাবু আঁচনি হ’ব ছাত্রসকলৰ এক বৃহৎ সকাহ৷ ব্যৱসায়–বাণিজ্যৰ পৰা কর্মসংস্থাপন–অধ্যয়নলৈকে ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰে খুলি দিয়া এই সম্ভাৱনাৰ দুৱাৰবোৰেৰে যদি অসমীয়াই পৰিকল্পিতভাৱে আগবাঢ়ি যাবলৈ সক্ষম হয়, তেন্তে আগন্তুক এটা দশকত অসমীয়া এক স্ব–নির্ভৰশীল আর্থিকভাৱে শক্তিশালী জাতি হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হ’ব৷