নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত ৬–২৫ ফেব্রুৱাৰীলৈ ভাৰতীয় সেনাৰ মুকলি নিয়োগ সমাৱেশ

সেনা বাহিনীত ভর্তি হ’ব খোজা যুৱক–যুৱতীসকলৰ্ বাবে উজনি অসমত ভাৰতীয় সেনাই এক মুকলি নিয়োগ সমাৱেশৰ আয়োজন কৰিছে৷ মুকলি সমাৱেশতHojai, Biswanath, Nagaon, Sonitpur আৰুMorigaon জিলাৰ প্রার্থীসকলে অংশগ্রহণ কৰিব পাৰিব৷

বিজ্ঞাপনৰ তথ্য অনুসৰি, সেনা বাহিনীত পূৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে–Soldier General Duty, Soldier Technical, Soldier Tradesman-All Arms 10th Pass আৰুSoldier Tradesman-All Arms 8th Pass৷Soldier General Duty পদৰ প্রার্র্থী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা দশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব Soldier Technical পদৰ প্রার্র্থী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা দ্বাদ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷Soldier Tradesman-All Arms 10th Pass পদৰ প্রার্র্থী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা দশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷Soldier Tradesman-All Arms 10th Pass পদৰ প্রার্র্থী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা অষ্ট শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷Soldier General Duty পদৰ প্রার্থীৰ বয়স ১৭১/২–২৩ বছৰৰ ভিতৰত হ’ব লাগিব৷

অর্থাৎ প্রার্থীৰ জন্ম ১ অক্টোবৰ, ১৯৯৯ আৰু ১ এপ্রিল, ২০০৩ৰ মাজত হোৱা হ’ব লাগিব৷Soldier Technical, Soldier Tradesman-All Arms 10th Pass আৰুSoldier Tradesman-All Arms 8th Pass পদৰ প্রার্থীৰ বয়স ১৭১/২–২৩ বছৰৰ ভিতৰত হ’ব লাগিব৷ অর্থাৎ প্রার্থীৰ জন্ম ১ অক্টোবৰ, ১৯৯৭ আৰু ১ এপ্রিল, ২০০৩ৰ মাজত হোৱা হ’ব লাগিব৷ মুকলি সমাৱেশলৈ যাওঁতে এডমিট কার্ড, ২০ কপী পাৰপত্র আকাৰৰ ফটো, শৈক্ষিক অর্হতাৰ প্রমাণ–পত্র, ডমিচিয়েল চার্টিফিকেট, কাষ্ট চার্টিফিকেট, কেৰেক্টাৰ চার্টিফিকেট, অবিবাহিতৰ প্রমাণ–পত্র, এনচিচিৰ চার্টিফিকেট, বেংক একাউণ্টৰ কপী, পানকার্ড, আধাৰ কার্ড ইত্যাদি নিব লাগিব৷ আগ্রহীসকলে অনলাইনযোগে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ ভাৰতীয় সেনাৰ বিভাগীয় ৱেবছাইটwww.joinindianarmy.nic.in & https://joinindianarmy.nic.in/BRAVOUserLogin.htm লগ–ইন কৰিব লাগিব৷

নাম পঞ্জীয়ন প্রক্রিয়া ২৫ ডিচেম্বৰৰ পৰা অহা ২৩ জানুৱাৰী, ২০২১লৈ অব্যাহত থাকিব৷ এডমিট কার্ডসমূহ প্রার্থীৰ নিজ নিজ ই–মেইল আই ডিত ২৪ জানুৱাৰীৰ পৰা ৫ ফেব্রুৱাৰী, ২০২১ তাৰিখৰ ভিতৰত উপলব্ধ হ’ব৷ নিয়োগ সমাৱেশ ৬ ফেব্রুৱাৰীৰ পৰা ২৫ ফেব্রুৱাৰী, ২০২১লৈ অনুষ্ঠিত হ’ব৷ সমাৱেশৰ স্থান–Mariani, (Army Recruiting Office-RO (HQ) Shillong)৷

You might also like