নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাম সলনি হ’ল গড়কাপ্টানী বিভাগৰ

লোকনির্মাণ বিভাগ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  সলনি হ’ল গড়কাপ্টানী বিভাগৰ নাম৷ এতিয়াৰে পৰা অসমত গড়কাপ্টানী বিভাগটো লোকনির্মাণ বিভাগ ৰূপেহে পৰিচিত হ’ব৷ গড়কাপ্টানী (গৃহ আৰু ৰাষ্ট্রীয় পথ) বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব ৰাজ ক্রৱর্তীয়ে আজি এক জাননীযোগে (নং বি এণ্ড এন এইচ/ই টি/৩৪/২০২০/১২) এই কথা প্রকাশ কৰে৷ জাননীখনত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্রী আৰু গড়কাপ্ঢানী মন্ত্রীৰ অনুমোদন সাপেক্ষে ৰাজ্যখনত গড়কাপ্টানী বিভাগক লোকনির্মাণ বিভাগ হিচাপে নামকৰণ কৰা হৈছে৷পিএমজিএছৱাই–৩ৰ প্রস্তুতিমূলক কাম–কাজৰ
পর্যালোচনা গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ তৃতীয় পর্যায়ৰ (পি এম জি এছ ৱাই–৩) প্রস্তুতিমূলক কাম–কাজৰ এখন পর্যালোচনা বৈঠকত মিলিত হয়৷ দিছপুৰ লাষ্টগেটস্থিত গড়কাপ্ঢানী বিভাগৰ কনভেনচন এণ্ড ট্রেইনিং চেণ্টাৰত মন্ত্রী ড০ শর্মাই সাংসদসকলৰ উপস্থিতিত প্রকল্প ৰূপায়ণ গোটৰ সৈতে মিলিত হৈ পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে৷ বৈঠকত প্রকল্প ৰূপায়ণ গোটৰ মুৰব্বীসকলো উপস্থিত থাকে৷ এই যোজনাৰ অধীনত আৰম্ভ হ’বলগীয়া প্রকল্পসমূহৰ কার্যসূচীৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়৷ সেই বৈঠকতে তেওঁলোকে মতামত আদিও দাখিল কৰে৷

You might also like