নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড নীতি শিথিল কৰিবলৈ মুখ্য সচিবক পত্র আয়োগৰ

বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ বাবে পদক্ষেপ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ   মহামাৰী ক’ৰোনাৰ বাবে স্থগিত হৈ থকা বিটিচি নির্বাচনক লৈ চৰম অনিশ্চয়তাই বিৰাজ কৰি থকাৰ সময়তে অসম ৰাজ্যিক নির্বাচন আয়োগে ৰাজ্যৰ মুখ্য সচিবলৈ দিয়া এখন পত্রই আশাৰ সঞ্চাৰ ঘটাইছে ৰাজনৈতিক দলসমূহৰ মাজত৷ ৰাজ্যিক নির্বাচন আয়োগৰ এক সূত্রই জানিবলৈ দিয়া মতে, যোৱা ২৬ আগষ্টত দেশৰ নির্বাচন আয়োগে ক’ভিড প্রট’কল অনুসৰণ কৰি সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰি বিহাৰকে ধৰি বিভিন্ন ৰাজ্যত হ’বলগীয়া নির্বাচনসমূহ অনুষ্ঠিত কৰাৰ বাবে এক গাইডলাইন প্রকাশ কৰে৷ সেই গাইডলাইন দেশৰ নির্বাচন আয়োগে প্রতিখন ৰাজ্যলৈ প্রেৰণ কৰে৷ নির্বাচন আয়োগৰ সেই গাইডলাইন প্রকাশ পোৱাৰ পাছতেই অসম ৰাজ্যিক নির্বাচন আয়োগেও স্থগিত হৈ থকা বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈ পৰে৷ ইয়াৰ অংশ হিচাপে ৰাজ্যিক নির্বাচন আয়োগে যোৱা ২৮ আগষ্টত অসমৰ মুখ্য সচিবলৈ এখন পত্র প্রেৰণ কৰে৷ পত্রখনত আয়োগে বিটিচি অঞ্চলত প্রযোজ্য হৈ থকা বাধা–নিষেধ শিথিল কৰিলে ক’ভিড প্রট’কল মতে যাৱতীয় সতর্কতামূলক ব্যৱস্থা অৱলম্বন কৰি স্থগিত হৈ থকা বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ বাবে আগ্রহ ব্যক্ত কৰে৷ অৱশ্যে ৰাজ্য চৰকাৰে সেই পত্র লাভৰ পাছত এই মুহূর্তলৈ কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি নির্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰৰ পৰা সেউজ সংকেত লাভ কৰিলেই অহা অক্টোবৰ মাহৰ শেষ ভাগত অথবা নৱেম্বৰ মাহৰ প্রথম ভাগত নির্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্রহণ কৰিব৷ ইতিপূর্বে আয়োগৰ তৰফৰ পৰা বি টি এ ডিৰ জিলা উপায়ুক্ত আৰু মহকুমাধিপতিসকল নিজ নিজ অঞ্চলত অধিক ভোটগ্রহণ কেন্দ্র স্থাপন কৰা সম্পর্কতো পর্যালোচনা কৰি প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে৷ ইয়াৰ মাজতেই যোৱা ১৭ ছেপ্ঢেম্বৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমত ক’ভিডজনিত পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সদ্যহতে বিটিচি নির্বাচন স্থগিত ৰাখিবলৈ এখন পত্র প্রেৰণ কৰে৷ অৱশ্যে এই বাতৰি যুগুতোৱাৰ পৰলৈকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিটিচি নির্বাচন পুনৰ স্থগিত ৰখা সম্পর্কতো আনুষ্ঠানিকভাৱে কোনো জাননী প্রকাশ কৰা নাই৷ বিটিচি নির্বাচনক লৈ এনে দোদুল্যমান পৰিস্থিতি বিৰাজ কৰাৰ সময়তে প্রতিটো ৰাজনৈতিক দলে অঞ্চলটোত বলৱৎ হৈ থকা ৰাজ্যপালৰ শাসনৰ প্রথম ছমাহৰ কার্যকাল শেষ হোৱাৰ পূর্বেই নির্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে৷ বি পি এফ, ইউ পি পি এল, গণ সুৰক্ষা পার্টী, এ আই ইউ ডি এফ আদি দলসমূহে অচিৰেই বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে৷ বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে দুই–এদিনতে এই সম্পর্কত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি অচিৰেই বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰক প্রয়োজনীয় পদক্ষেপ গ্রহণৰ দাবী জনাব৷ মহিলাৰীয়ে আজি নিজ সমষ্টি দেৱৰগাঁৱৰ উল্টাপানীত এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰি সেই কথা প্রকাশ কৰে৷ মহিলাৰীয়ে এই সম্পর্কত ক’ৰোনা ৰোগ যদি অহা ২০ বছৰতো শেষ নহয়, ২০ বছৰ ধৰি বিটিচি নির্বাচন অনুষ্ঠিত নোহোৱাকৈ থাকিব নেকি বুলি প্রশ্ণ কৰে৷ ক’ৰোনা সংক্রমণৰ প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰি অচিৰেই বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ তেওঁ দাবী জনায়৷ এই সম্পর্কত তেওঁ কয় যে আমেৰিকাতো ৰাষ্ট্রপতি নির্বাচনৰ যো–জা চলিছে৷ বিহাৰ, পশ্চিমবংগতো নির্বাচনৰ প্রস্তুতি চলিছে৷ এনে অৱস্থাত ৰাজ্যপালৰ শাসনৰ প্রথম ছমাহ উকলাৰ পূর্বেই বিটিচি নির্বাচন অনুষ্ঠিত কৰি অঞ্চলটোত গণতান্ত্রিক শাসন প্রৱর্তনৰ ব্যৱস্থা কৰিব লাগে৷ সেইদৰে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱেও অচিৰেই সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰি বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায়৷ আজি বাগ্সাৰ মছলপুৰত এক দলীয় কার্যসূচীত অংশগ্রহণ কৰি বড়োৱে কয় যে যোৱা এপ্রিল মাহত যেতিয়া বিটিচি নির্বাচনৰ দিন স্থিৰ কৰা হৈছিল, তেতিয়া অসমত ক’ভিডৰ ভয়াৱহতা নাছিল৷ কিন্তু সেই সময়ত বি পি এফে ষড়যন্ত্র কৰি ৰাজ্য চৰকাৰৰে লগ লাগি সেই নির্বাচন পিছুৱাইছিল৷ বি পি এফ দল যিহেতু ৰাজ্য চৰকাৰৰ অংশীদাৰ, সেয়ে তেওঁলোকে সেই সময়ত নির্বাচন পিছুৱাবলৈ সক্ষম হৈছিল৷ সেই মুহূর্তত নির্বাচন অনুষ্ঠিত হ’লে বি পি এফৰ পৰাজয় নিশ্চিত আছিল বাবেই নির্বাচন পিছুওৱাৰ ব্যৱস্থা কৰিছিল৷ এতিয়াও তেওঁলোকে একেই কাৰণতে ৰাজ্য চৰকাৰৰ জৰিয়তে নির্বাচন পুনৰ পিছুৱাব বিচাৰিছে৷ ছমাহ আগত বি পি এফৰ যিটো ভয় আছিল, এতিয়াও সেই একেই ভয় আছে বাবেই ষড়যন্ত্র কৰি বাৰে বাৰে নির্বাচন পিছুওৱাৰ ব্যৱস্থা কৰি আহিছে৷ কাৰণ নির্বাচন অনুষ্ঠিত হ’লেই বি পি এফ ক্ষমতালৈ নাহিব আৰু বিগত সময়ছোৱাত কৰা দুর্নীতি–ভ্রষ্টাচাৰৰ বাবে তেওঁলোক জে’ললৈ যাব লগা হ’ব৷ ইপিনে গণ সুৰক্ষা পার্টীৰ সভাপতি কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়ায়ো ৰাজ্যপালৰ শাসনৰ প্রথম ছমাহ উকলাৰ পূর্বেই বিটিচি নির্বাচন অনুষ্ঠিত কৰি নতুন পৰিষদক কার্যভাৰ গ্রহণৰ ব্যৱস্থা কৰিবলৈ নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰক দাবী জনায়৷ ক’ভিড প্রট’কলৰ সতর্কতা অৱলম্বন কৰি নির্বাচন অনুষ্ঠিত কৰাৰ তেওঁ পোষকতা কৰে৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলেও বাৰে বাৰে বিটিচি নির্বাচন পিছুওৱাৰ পৰিৱর্তে নতুন ব্যৱস্থাৰে সকলো ধৰণৰ সতর্কতামূলক ব্যৱস্থা অৱলম্বন কৰি নির্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায়৷ এনে অৱস্থাত বিটিচি নির্বাচনক লৈ ৰাজ্য চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়াহে লক্ষণীয় হ’ব৷

You might also like