নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ প্ৰগতিৰ বাবে কাম কৰিছে নৰেন্দ্ৰ মোদীয়ে : পীয়ূষ হাজৰীকা

যোৰহাটত ৩১৮ কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান
যোগদান পৌৰ সদস্য, প্ৰাক্তন পৌৰ সদস্য, প্ৰাক্তন পঞ্চায়ত সভাপতি, ব্যৱসায়ীৰ
বিশেষ বাৰ্তা,  ৩ মাৰ্চঃ ৰাণা গোস্বামীৰ দল ত্যাগৰ পিছত এতিয়া যোৰহাটত কংগ্ৰেছ দল ত্যাগৰ জোৱাৰ উঠিছে। আজি যোৰহাটৰ বিজেপি কাৰ্যালয়ত কংগ্ৰেছ দলৰ পৌৰ সদস্য, প্ৰাক্তন পৌৰ সদস্য, গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, কেইবাখনো পঞ্চায়তৰ কৰ্মী, মণ্ডল কংগ্ৰেছ কৰ্মী আৰু বিশিষ্ট ব্যৱসায়ীকে ধৰি বিভিন্ন স্তৰৰ ৩১৮ কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে। মন্ত্ৰী পীয়ূষ হাজৰীকা উপস্থিত এই সকল কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰি গেৰুৱা দলটোক যোৰহাট জিলাত আৰু অধিক শক্তিশালী কৰি তুলিলে। বিজেপি নেতা শান্তনু পূজাৰীৰ নেতৃত্বত আজি এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বিজেপিত যোগদান কৰা প্ৰতিগৰাকীক আন্তৰিক শুভেচ্ছা জনাই মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে ভাল দিন ভাল ক্ষণত আপোনালোকে যোগদান কৰিছে। বিজেপি দল এখন বিশাল সাগৰ আৰু ইয়াত বিলীন হৈ আপোনালোকে দলটোক অধিক শক্তিশালী কৰিলে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে নতুন পুৰণা সকলো মিলি দলটোক আৰু অধিক গতিশীল কৰিব বুলি আশা ব্যক্ত কৰে। পৃথিৱীৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী আটাইতকৈ জনপ্ৰিয় ৰাজনৈতিক নেতা বুলি অভিহিত কৰি তেওঁ সামাজিক মাধ্যমত মোদীৰ সবাতকৈ বেছি অনুগামী থকা বুলি উল্লেখ কৰে। সেয়েহে তেওঁ তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ দিশে আগবহিছে বুলি ভাষণত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইগৰাকী দেশৰ প্ৰধানমন্ত্ৰীয়ে এইখন যোৰহাটত অসমীয়াৰ শৌৰ্য বিজ্যৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ ১৫০ ফুট উচ্চতাৰ বৃহৎ প্ৰতিমূৰ্তি উন্মোচন কৰি ৰাইজৰ বাবে উছৰ্গা কৰিব যিটো ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ বিষয়। তদুপৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ভ্ৰমণ কৰি জীপ ছাফাৰি, হাতী ছাফাৰি কৰি ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত নতুন দিশ মুকলি কৰি কাজিৰঙাক বিশ্ববন্দিত কৰিব বুলি আশা প্ৰকাশ কৰি এই সৌভাগ্যৰ অংশীদাৰিত্ব যোৰহাটো হব বুলি কয়। দেশৰ প্ৰগতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাম কৰিছে বুলি প্ৰসংগক্ৰমে উল্লেখ কৰি দলটোৱে পুৰণিসকলক শ্ৰদ্ধা কৰিছে বুলি কয়। সেয়ে এইবাৰ বহু জেষ্ঠ কাৰ্যকৰ্তাই লোকসভা নিৰ্বাচনত টিকট লাভ কৰা বুলি কয়। তেওঁ ভাষণ প্ৰসংগত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বত ৰাজ্যখনত এক নতুন দিগন্তৰ সূচনা হোৱা বুলি উল্লেখ কৰি অসম চৰকাৰে ৰূপায়ন কৰা বিভিন্ন অভিলাষী আঁচনিসমূহৰ জৰিয়তে সকলো স্তৰৰ লোক উপকৃত হোৱা বুলি উল্লেখ কৰি বৰ্তমান অসমত আন্দোলন বিবৰ্জিত এক পৰিবেশ সৃষ্টি হোৱা বুলি মন্তব্য কৰে। মন্ত্ৰী হাজৰিকাই জেষ্ঠ কনিষ্ঠ সকলো মিলি ৰাজ্য আৰু দেশক শক্তিশালী কৰি আগবঢ়াই নিয়াই আমাৰ সকলোৰে লক্ষ্য বুলি অভিহিত কৰি যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈক বিপুল ভোটত জয়ী কৰাবৰ বাবে আহবান জনাই। বিজেপি জিলা সভাপতি হেমন্ত কলিতাই আদৰণী ভাষণত কয় যে,বিজেপি ভাৰতৰ বুকুত এনে স্তৰলৈ গতি কৰিছে যে এতিয়া সকলো শ্ৰেণীৰ লোকৰ আগমন ঘটিছে।এতিয়া ভাৰতলৈ সমগ্ৰ বিশ্বই চাই আছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীৰ নেতৃত্বত অসমতো এক নতুন দিগন্তৰ সূচনা হোৱা বুলি কয় ।দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ কলগছ আৰু আম পাতৰ ৮৩৮খন তোৰণ নিৰ্মাণ কৰাৰ ব্যবস্থা কৰা হৈছে বুলি মন্তব্য কৰে সভাপতি হেমন্ত কলিতাই। আজি যোগদান সভাখনত  যোৰহাট পৌৰ সভাৰ ১৮নং ৱাৰ্ডৰ কংগ্ৰেছৰ পৌৰ সদস্য দেবাৰতি দত্ত,প্ৰাক্তন পৌৰ সদস্য প্ৰশান্ত দত্ত,পঞ্চায়তৰ তিনিবাৰ কৈ নিৰ্বাচিত সভাপতি যমুনা দাস,ব্যৱসায়ী সিদ্ধাৰ্থ শঙ্কৰ দত্ত,অসম কৃষি বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন বিষয়া দিলীপ দাস, চাওখাত মণ্ডল কংগ্ৰেছ ৰ সভাপতি ৰঞ্জিত বৰুৱা,৩৭ নং ৰজাহাউলি গাঁও পঞ্চায়তৰ মঞ্জু মালিৰ নেতৃত্বত ৮০গৰাকী কৰ্মীকে ধৰি ৩১৮গৰাকী কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। যোগদান অনুষ্ঠানত বিজেপিৰ নৱ নিযুক্ত উপসভাপতি ৰাণা গোস্বামী, যোৰহাটৰ প্ৰভাৰি পংকজ বৰবৰা,সহপ্ৰভাৰী বিনিতা শইকীয়া দে, ৰূপজ্যোতি কূৰ্মী, বিজেপি যোৰহাট জিলাৰ প্ৰাক্তন সভাপতি কামাখ্যা মোহন দাস প্ৰমুখ্যে ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
প্ৰেৰক ৰঞ্জিত ভূঞা
You might also like