নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সক্ৰিয় ৰাজনীতি ত্যাগ বিজেপিৰ প্ৰাৰ্থিত্ববঞ্চিত ডাঃ হৰ্ষবৰ্ধনৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মাৰ্চঃ কালি বিজেপিয়ে ১৯ ৰাজ্যৰ ১৯৫ সমষ্টিত লোকসভা নিৰ্বাচনলৈ প্রার্থী ঘোষণা কৰা তালিকাত ৩৩ সাংসদ টিকটৰ পৰা বঞ্চিত হৈছে৷ এই টিকট বঞ্চিত ৩৩ সাংসদে এতিয়ালৈকে প্রত্যক্ষভাৱে দলীয় শীর্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰা নাই যদিও অসন্তুষ্ট হৈ আছে৷ কালি ঘোষিত তালিকাত দিল্লীৰ সাংসদ প্রাক্তন কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষৱর্ধনৰ নাম কর্তন কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতেই সাংসদ ডাঃ হর্ষৱর্ধনে সক্রিয় ৰাজনীতি এৰাৰ ঘোষণা কৰিছে৷ প্রাক্তন স্বাস্থ্যমন্ত্রী হর্ষৱর্ধনে কয়– ৩০ বছৰ গৌৰৱময় নির্বাচনী কেৰিয়াৰৰ সময়ত মই ৫ বাৰ বিধানসভা আৰু দুবাৰ সংসদীয় নির্বাচনত জয়ী হৈছিলোঁ৷ বৃহৎ ব্যৱধানেৰে এই যুঁজত জয়ী হৈছিলোঁ৷ দলৰ সংগঠনৰ বিভিন্ন সন্মানীয় পদবীত অধিষ্ঠিত হৈছিলোঁ৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ মন্ত্রিত্বও লাভ কৰিছিলোঁ৷ অৱশেষত মই শিৰনতে মোৰ শিপালৈ উভতিলোঁ৷ সক্রিয় ৰাজনীতি এৰাৰ আনুষ্ঠানিক ঘোষণা কৰা সাংসদ ডাঃ হর্ষৱর্ধনে অৱশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু দলীয় কর্মীক ধন্যবাদ জনাবলৈ নাপাহৰিলে৷ ৬৯ বছৰীয়া সাংসদ তথা প্রাক্তন কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষর্ৱনে সক্রিয় ৰাজনীতি এৰি চিকিৎসা পেছালৈ উভতি যাব বুলিও ঘোষণা কৰে৷ সামাজিক মাধ্যম এক্সযোগে ডাঃ হর্ষৱর্ধনে কয়– মই আগবাঢ়ি যাম, মই প্রকৃততে অপেক্ষা কৰিব নোৱাৰো৷ প্রতিশ্রুতি ৰক্ষা কৰিছোঁ৷ টোপনি যোৱাৰ পূর্বে অনেক মাইল যাবলৈ আছে৷ মোৰ এটা সপোন আছে৷ মই জানো আপোনালোকৰ আশীর্বাদ মোৰ ওপৰত সদায় থাকিব৷ মোৰ কৃষ্ণনগৰস্থিত ই এন টি ক্লিনিকে মোৰ ওভতাৰ বাবে অপেক্ষা কৰি আছে৷ মন কৰিবলগীয়া যে ক’ভিড কালত ডাঃ হর্ষৱর্ধনে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰাৰ পূর্বে দিল্লীৰ বিজেপি চৰকাৰৰ কালত স্বাস্থ্যমন্ত্রীও আছিল৷

You might also like