ঢকুৱাখনা সম-জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হাৰ্হি মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহায়ক বীৰেন বৰুৱাই চৰকাৰী কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা উপলক্ষে শনিবাৰে মহাবিদ্যালয়ত এখন বিদায় সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকক্ষত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগে।
উপাধ্যক্ষ ড° দীপ দত্তই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক-কৰ্মচাৰী গোটৰ সম্পাদক শৰৎ চুতীয়াই। মহাবিদ্যালয়খনৰ সকলো শিক্ষক-কৰ্মচাৰী, পৰিচালনা সমিতি সদস্য আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থকা এই সভাত সম্বর্ধিত কৰ্মচাৰীগৰাকীৰ কৰ্মময় জীৱনৰ আলোকপাতেৰে অধ্যক্ষ ড° মানসজ্যোতি নেওগ, সহকাৰী অধ্যাপক ৰিণ্টু সন্দিকৈ, জিতু কুমাৰ চমুৱা, স্বপ্না গগৈ, পদ্মকান্ত দলে, প্ৰদীপ দত্ত, কৰ্মচাৰী দেৱানন্দ দত্ত আৰু সহধৰ্মিণী ৰেখা বৰুৱা আদিয়ে বক্তব্য প্ৰদান কৰি আৱেগিক হৈ পৰে।
সহকাৰী অধ্যাপক ৰাজেশ চেতিয়া আৰু ধ্ৰুৱজ্যোতি দত্তই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত শিক্ষক-কৰ্মচাৰীৰ গোট আৰু ছাত্র একতা সভাই গামোচা, সঁফুৰা, গ্ৰন্থৰ টোপোলা, সম্বর্ধনা পত্ৰ, ফুলৰ থোপা, উপহাৰ আদিৰে বিদায় সম্বর্ধনা জনায়। আনহাতে, সম্বর্ধনা গ্ৰহণ কৰি উক্ত সভাতে অৱসৰী বীৰেন বৰুৱাই কৰ্মক্ষেত্ৰৰ কথা সুঁৱৰি স্মৃতিকাতৰ হৈ উচুপি উঠে।
উল্লেখ্য যে ২০০৬ চনত চাকৰিত যোগদান কৰি নিয়মানুৱৰ্তিতা, কৰ্তব্যনিষ্ঠা আৰু সেৱাৰ মনোভাবেৰে সুদীৰ্ঘ ২০ বছৰীয়া কাৰ্যকালত হাৰ্হি মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ কাম-কাজ সুকলমে সম্পন্ন কৰাত অৱদান যোগোৱা জ্যেষ্ঠ সহায়ক বীৰেন বৰুৱাৰ কৰ্মদক্ষতা, নিয়মানুৱর্তিতা আৰু নিঃস্বার্থ সেৱাক কৃতজ্ঞতাৰে স্মৰণ কৰাৰ লগতে তেওঁৰ ব্যক্তিত্বৰ ভূয়সী প্রশংসা কৰে মহাবিদ্যালয়ৰ পৰিয়ালে।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৮ ফেব্ৰুৱাৰী :