নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱ যুৱক সংঘ-পুঁথিভৰালৰ ৰঙালী বিহু পালন

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিল : অসমৰ জাতীয় উৎসৱ বাপতিসাহোন ৰঙালী বিহুটি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় উত্তৰ হেকইপাৰা গাঁৱত । উত্তৰ হেকইপাৰা নৱ যুৱক সংঘ আৰু পুঁথিভৰালৰ উদ্যোগত চতুৰ্দশ সংখ্যক বিহুৰ দ্বিতীয় দিনা সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । হেকইপাৰা হৈছে চিৰাং জিলাৰ সীমান্তৱৰ্তী বাসুগাওঁ চহৰৰ কাষৰ । দ্বিতীয় দিনা সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত সৰভোগৰ ৰংমন বিহুৱা দল, অভয়াপুৰীৰ শুক্লধ্বজ লোকবাদ্য দল, স্থানীয় বিহুৱা দল, শিল্পীৰ উপৰি আমন্ত্ৰিত শিল্পী হিচাপে নীহাৰিকা হাজৰিকা আৰু প্ৰাঞ্জু পৰাণ আদি শিল্পীয়ে গীত-মাত পৰিৱেশন কৰি উপস্থিত শ্ৰোতা-দৰ্শকক আমোদ দিয়ে । বিশেষকৈ অভয়াপুৰীৰ শুক্লধ্বজ লোকবাদ্য দলটিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষ্টি-সংস্কৃতি মনোগ্ৰাহীকৈ দাঙি ধৰিবলৈ সক্ষম হয় । উল্লেখয্যোগ্য যে সাংস্কৃতিক অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত অনুষ্ঠিত হৈ যোৱা বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা, মঞ্চ মুকলি, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী ৰূপায়িত হয় । আৱশ্যে আগদিনা সন্ধিয়াও স্থানীয় শিল্পীসকলৰ দ্বাৰা নৃত্য-গীতৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল । আনহাতে, দুদিনীয়া কাৰ্যসূচীৰ ভিতৰত বিহু আৰু সংঘৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ আদি কাৰ্যসূচী অনুষ্ঠিত হয় । উল্লেখযোগ্য যে অঞ্চলটিত ইতিমধ্যে বাসুগাঁও মিলন সংঘৰ উদ্যোগত ৰঙালী বিহুৰ লগতে জৰেগাঁও কিৰণ সংঘৰ উদ্যোগত বিহু-বিষুৱা, শাকাতি উজানপাৰা, ভাটিপাৰা, ছালাকাটি, চন্দ্ৰপাৰা আদি ঠাইত বিষুৱ, ডাংতল, খাগ্ৰাবাৰী, বাসুগাঁও, থুৰিবাৰী, কুৰ্শাকাটি আদি ঠাইত ৰংজালী বৈশাগু ভিন ভিন কাৰ্যসূচীৰে পালিত হৈছে ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like