নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামত ১০ কোটি মূল্যৰ মাদক দ্ৰব্যসহ ২জনক আটক

বিশেষ বাৰ্তা, ৩০ এপ্ৰিল : মিজোৰামৰ চম্পাই জিলাত অসম ৰাইফলছ আৰু স্থানীয় আৰক্ষীয়ে অভিয়ান চলাই ৩.১৭ কোটি টকা মূল্যৰ হেৰ’ইনকে ধৰি প্ৰায় ১০ কোটি টকাৰ মাদক দ্ৰব্য উদ্ধাৰ কৰে। এই ঘটনাত ২জন অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। নিৰ্বাচনৰ সময়তে ম্যানমাৰৰ সীমান্তৱৰ্তী ৰাজ্য মিজোৰামত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাত আন্তঃৰাষ্ট্ৰীয় সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে তদন্তকাৰীয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অসম ৰাইফলছে গোপন তথ্যৰ ভিত্তিত চম্পাই জিলা আৰক্ষীৰ সৈতে অভিযান চলাইছিল। এই অভিযানৰ সময়ত সীমান্তৱৰ্তী জোখোৱাথাৰ এলেকাৰ মেইল ​​বুক পথৰ পৰা ৪৫৩ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয়। যাৰ বজাৰ মূল্য প্ৰায় ৩.১৭ কোটি। লগতে এজন লোকক আটক কৰা হয়। অভিযুক্তই ক’লৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল, সেয়া জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। তদুপৰি আইলেণ্ডত আৰক্ষী, চি আই ডি আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত উদ্ধাৰ হৈছে ২০ হাজাৰ ক্রিষ্টাল মেথ টেবলেট ৷ যাৰ বজাৰ মূল্য প্ৰায় ৬.৬৬ কোটি টকা। এই ঘটনাতো এজন ব্যক্তিক আটক কৰা হৈছে। মাদক দ্ৰব্যবিৰোধী অভিযানত এই সফলতাৰ খবৰ মঙলবাৰে ৰাজহুৱা কৰে প্ৰশাসনে। মন কৰিবলগীয়া যে উত্তৰ-পূবৰ ম্যানমাৰৰ সীমান্তৱৰ্তী মিজোৰাম আৰু মণিপুৰৰ দৰে ৰাজ্যত বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ সদায় চৰকাৰৰ বাবে চিন্তাৰ বিষয় হৈ আহিছে। মণিপুৰত সংঘৰ্ষৰ সুযোগ লৈ শেহতীয়া সময়ত এই ঘটনা বাঢ়িছে। এই ৰাজ্যসমূহত ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰাৰ বাবে প্ৰশাসনে তৎপৰতা অৱলম্বন কৰিছে।

You might also like