নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা,  ৬ এপ্ৰিল : কোকৰাঝাৰ জিলাৰ অধীনৰ চিথিলা শংকৰ-আজান জাতীয় বিদ্যালয় প্ৰাংগণত আজি দিনৰ ১১ বজাত এখন সভা অনুষ্ঠিত কৰি এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় । উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ লগতে ইউপিপিএল দলৰ মুখপাত্ৰ আশ্ৰাফুল ইছলামৰ উপৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে। নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি সাংবাদিকৰ আগত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে কয় যে বিপিএফ দলত কোনো নেতা নাই । হাগ্ৰামা, চন্দন আৰু খাম্ফাই আছিল। ইয়াৰ ভিতৰত চন্দনে ইউপিপিএলত যোগদান কৰিব আৰু নিৰ্বাচনৰ পিছত খাম্ফাও আমাৰ লগত আহিব বুলি মন্তব্য আগবঢ়ায় তেওঁ। চিথিলাত অনুষ্ঠিত নিৰ্বাচনী সভাৰ দৰে ফকিৰাগ্ৰামৰ কৰাইটাৰী, দোতমা আদি অঞ্চলতো কেইবাখনো সভাত উপস্থিত থাকে জয়ন্ত বসুমতাৰী ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like