নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্রেম : মহানগৰীৰ জ্যোতিকুছিত ডিঙি ৰেপি পত্নীক হত্যা

🔹 হত্যাকাৰী স্বামী লক্ষ্মণ বিশ্বাসক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ৬ এপ্রিল : পৰকীয়া প্রেমৰ ভয়াৱহ পৰিণতি৷ বিবাহবহিৰ্ভূত অবৈধ সম্পর্কৰ বাবেই মহানগৰীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড৷ মহানগৰীৰ জ্যোতিকুছিৰ ধপলীয়াত স্বামীয়ে ডিঙি কাটি নৃশংসভাৱে হত্যা কৰে পত্নীক৷ জ্যোতিকুছিৰ ধপলীয়াত ভাৰাতীয়া হিচাপে থকা লক্ষ্মণ বিশ্বাসে কালি নিশা পুত্র-কন্যা শুই থকাৰ সময়তে পত্নী দীপালী পোদ্দাৰক ডিঙি কাটি হত্যা কৰে৷ নিশা প্রায় ১.৩০ বজাত পত্নী দীপালীৰ মৃতদেহ বস্তাত ভৰাই ৰাজপথত পেলাবলৈ অনাৰ সময়তে ফটাশিল আমবাৰী থানাৰ টহলদাৰী আৰক্ষীৰ জালত পৰে লক্ষ্মণ বিশ্বাস৷ টহলদাৰী আৰক্ষীৰ দলটোৱে লক্ষ্মণ বিশ্বাসে কঢ়িয়াই অনা বস্তাটো পৰীক্ষা কৰাত পত্নী দীপালীৰ মৃতদেহ উদ্ধাৰ হয়৷ নিশাই ফটাশিল আমবাৰীৰ আৰক্ষীয়ে লক্ষ্মণ বিশ্বাসক গ্রেপ্তাৰ কৰি ঘটনা সন্দর্ভত সোধা-পোছা কৰে৷ আৰক্ষীৰ জেৰাত পৰকীয়া প্রেমৰ বাবেই লক্ষ্মণে পত্নী দীপালীক হত্যা কৰা বুলি স্বীকাৰ কৰে৷ আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি লক্ষ্মণৰ দ্বিতীয় পত্নী দীপালী পোদ্দাৰে তিনিজন যুৱকৰ সৈতে অবৈধ প্রেমৰ সম্পর্ক ৰক্ষা কৰি আহিছিল৷ ঘৰত থকা মোবাইলৰ ব্লুটুথ হেডফোনৰ জৰিয়তে পত্নীৰ অবৈধ সম্পর্কৰ কথা জানিব পাৰিছিল স্বামী লক্ষ্মণে৷ ইয়াকে লৈ প্রায়ে দুয়োৰে মাজত কাজিয়াৰ সূত্রপাত হৈছিল৷ কালি পুনৰ পত্নীয়ে এজন যুৱকৰ সৈতে কথা পাতি আছিল৷ পত্নীয়ে যুৱকজনক পকৰা আনিবলৈ কৈছিল৷ কিন্তু স্বামী লক্ষ্মণ ঘৰত থকাৰ বাবে যুৱকজনে ঘৰলৈ আহিবলৈ সাহস কৰা নাছিল৷ ইয়াকে লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্রপাত হয়৷ নিশা স্বামী লক্ষ্মণে সুৰাপান কৰি শুই থকা অৱস্থাত পত্নী দীপালী পোদ্দাৰক খুকুৰিৰে ডিঙি কাটি হত্যা কৰে৷ লক্ষ্মণে পত্নীৰ মৃতদেহ টুকুৰা টুকুৰকৈ কাটিবলৈ চেষ্টা কৰিছিল যদিও সফল নোহোৱাত বস্তাত ভৰাই ৰাস্তাত পেলাবলৈ নিয়াৰ সময়তে আৰক্ষীৰ জালত পৰে৷ ঘটনা সন্দর্ভত ফটাশিল আমবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like