ভোট গণনা আগবঢ়াৰ লগে লগে অসমত বিজেপি নেতৃত্বাধীন NDA জোঁটে বিশাল অগ্ৰগতি লাভ কৰি ইতিমধ্যে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ ফলত ৰাজ্যখনত একেৰাহে তৃতীয় বাৰৰ বাবে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে NDA।
আনহাতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শিবিৰ বহু ক্ষেত্ৰতে পিছ পৰি থকা দেখা গৈছে।
গুরুত্বপূৰ্ণভাৱে, কংগ্ৰেছৰ সভাপতি তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ, অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ নেতা অখিলগগৈ— এই তিনিওজনেই ভোট গণনাত পিছ পৰি আছে।
এইদৰে অব্যাহত থাকিলে এইবাৰ ৰণত পৰাৰ দিশে তিনি গগৈ।
ডিজিটেল ডেস্ক, ৪ মে’