নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম টি–২০ত নিউজিলেণ্ডৰ জয়

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে প্রথম টি–২০ত চমকপ্রদ জয় সাব্যস্ত কৰিছে ঘৰুৱা দল নিউজিলেণ্ডে৷ ক্রাইষ্টচার্চত আজি অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত নিউজিলেণ্ডে অষ্ট্রেলিয়াক ৫৩ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ১৮৫ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ লৈ অষ্ট্রেলিয়াই ১৭.৩ অ’ভাৰত মাত্র ১৩১ ৰানতে ইনিংছ সামৰে৷ মিচ্ছেল মার্চে ৪৫, এষ্টন এগৰে ২৩ ৰান কৰাৰ বিপৰীতে আৰন ফিন্ছ (১), মেথিউ ৱেড (১২), জ’ছ ফিলিপ (২), গ্লেন মেক্সৱেল (১), মার্কাছ ষ্টইনিছ (৮) ব্যর্থ হয়৷ নিউজিলেণ্ডৰ হৈ স্পিনাৰ ইছ শোধীয়ে ৪টা, টিম ছাউদী আৰু ট্রেণ্ট ব’ল্টে দুটাকৈ উইকেট পায়৷

ইয়াৰ পূর্বে নিউজিলেণ্ডে উদীয়মান তাৰকা ডে’ভন ক’নৱেৰ অপৰাজিত ৯৯ ৰানৰ সহায়ত ৫ উইকেট হেৰুৱাই ১৮৪ ৰান সংগ্রহ কৰে৷ ডে’ভনে মাত্র ৫৯ বলৰ সন্মুখীন হৈ ১০টা বাউণ্ডেৰী আৰু তিনিটা অ’ভাৰ বাউণ্ডেৰীৰে ইনিংছটো সজায়৷ উল্লেখ্য যে কেইদিনমান পূর্বে অনুষ্ঠিত আই পি এলৰ নিলামত নিউজিলেণ্ডৰ আক্রমণাত্মক বেটছমেনগৰাকী উপেক্ষিত হৈছিল৷ কোনো দলে তেওঁক ক্রয় কৰা নাছিল৷

You might also like