নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন শিক্ষা নীতিৰ সজাগতাৰ বাবে ৰাষ্ট্ৰজোৰা সজাগতা অভিযান বিদ্যা ভাৰতীৰ

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ অলপতে গৃহীত হোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰতি জনসমাজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে অহা ১১ চেপ্তেম্বৰৰ পৰা ৰাষ্ট্ৰব্যাপী সজাগতা অভিযান বিদ্যা ভাৰতীয়ে আৰম্ভ কৰিব। এই নীতিৰ অন্তৰ্গত সংশোধনৰ পৰিসীমা, মাপকাঠি আৰু ইয়াৰ প্ৰভাৱৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ লগতে প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব। ২৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে অনলাইনযোগে সামাজিক মাধ্যম আৰু ৱেবচাইট (www.mynep.in) ৰ জৰিয়তে বিভিন্ন আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

My-NEP প্ৰতিযোগিতা মুঠ ১৩ টা ভাষাত আৰু ভাৰত কেন্দ্ৰীক, সমগ্ৰ শিক্ষা, জ্ঞান আধাৰিত আৰু গুণগত শিক্ষা এই চাৰিটা উপ বিষয়ত অনুষ্ঠিত কৰা হ’ব। এই প্ৰতিযোগিতাক তিনিটা শাখাত বিভাজিত কৰা হৈছে – নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এটা শাখা, স্নাতক পৰ্যায়ৰ বাবে দ্বিতীয় শাখা আৰু নাগৰিক সকলৰ বাবে তৃতীয়টো শাখা। প্ৰতিটো শাখাৰ বিজয়ী প্ৰতিযোগীসকলক আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হ’ব। আনহাতে অংশগ্ৰহণকাৰী প্ৰতিগৰাকী প্ৰতিযোগীয়ে লাভ কৰিব একোখনকৈ প্ৰমাণপত্ৰ।

My-NEP প্ৰতিযোগিতাৰ অন্তৰ্গত হাতে অঁকা পেইন্টিং, মীম প্ৰস্তুতি, প্ৰধান মন্ত্ৰীলৈ পত্ৰ লিখা, ভাষণ প্ৰতিযোগিতা, ৰচনা লিখা প্ৰতিযোগিতা, চুটি ছবি (ফিল্ম) নিৰ্মাণ, ডিজিটেল ডিজাইনিং আৰু টুইটাৰ থ্ৰেড লিখন আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। এই শ্ৰেণীবদ্ধ প্ৰতিযোগিতাসমূহৰ বাহিৰেও ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভিন্ন বিষয়ক সামৰি এটা কুইজ প্ৰতিযোগিতাও অনলাইন মাধ্যমেৰে অনুষ্ঠিত কৰা হ’ব। বিজয়ী প্ৰতিযোগীসকলৰ নাম অহা ৫ অক্টোবৰ ২০২০ তাৰিখে ঘোষণা কৰা হ’ব।

যিহেতু এই ৰাষ্ট্ৰীয় শিক্ষা নীতি এটা বৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা হৈছে, কাজেই ইয়াৰ সজাগতা অভিযান যুৱক আৰু কৰ্মঠ স্বেচ্ছাসেৱকসকলৰ দ্বাৰা পৰিচালিত কৰিব লাগিব। NEP এম্বেচাদৰক MyNEP প্ৰতিযোগিতা সম্বন্ধীয় কাম-কাজৰ পৰিচালন আৰু নেতৃত্বৰ বাবে নিয়োগ কৰা হ’ব। ইয়াৰ উপৰিও বিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহেও এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সমৰ্থনত NEP প্ৰতিজ্ঞা লৈ সজাগতা আন্দোলনত অংশ গ্ৰহণ কৰিব পাৰিব।

এক সংবাদ মেলখন সম্বোধন কৰে বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় সম্পাদক তথা পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ব্ৰহ্মাজী ৰাও, সহ ক্ষেত্ৰ সংগঠন মন্ত্ৰী ড০ পৱন তিৱাৰী, শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী আৰু সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে। My-NEP প্ৰতিযোগিতাৰ আহ্বায়ক লালজী সোণাৰীয়ে কয় যে “আমাৰ সজাগতা অভিযানত অধিক সংখ্যক লোক যাতে জড়িত কৰিব পাৰি তাৰ বাবে NEP ক বিষয়বস্তুক প্ৰতিযোগিতালানিত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ইচ্ছুক তথা সচেতন নাগৰিকেও অংশ গ্ৰহণ কৰিব পাৰিব। NEP ৰ জৰিয়তে শিক্ষাৰ গুণাত্মকতা তথা বোধগম্যতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰাথমিক পৰ্যায়ৰ মাধ্যম হিচাপে মাতৃভাষাৰ পোষকতা কৰিছে। এই কথাৰ প্ৰতি দৃষ্টি ৰাখি MyNEP ৰ সকলোবিলাক প্ৰতিযোগিতা ইংৰাজী আৰু হিন্দীকে ধৰি ১৩ টা ভাষাত অনুষ্ঠিত কৰা হ’ব। প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি প্ৰতিযোগীসকল নিশ্চয় উপকৃত হ’ব।”

উক্ত কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে সংযোজক হিচাপে লালজী সোণাৰী আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ কাৰ্যক্ৰমৰ যোগাযোগৰ বাবে সু্ব্ৰত শৰ্মা বৰুৱাক মনোনীত কৰা হয়।

You might also like