নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত নির্মাণ হ’ব অসম অলিম্পিক ভৱনঃ মুখ্যমন্ত্রী সোণোৱালৰ ঘোষণা

নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ গুৱাহাটীক দেশৰ ক্রীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ সপোন দেখা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীত এটা অসম অলিম্পিক ভৱন নির্মাণৰ কথা ঘোষণা কৰিছে৷ কালি অনুষ্ঠিত অসম অলিম্পিক সন্থাৰ বার্ষিক সাধাৰণ সভাত সভাপতিৰ ভাষণত মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্যৰ ক্রীড়াৰ সামগ্রিক উন্নয়নৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটীত এটা অসম অলিম্পিক ভৱন নির্মাণৰ ব্যৱস্থা কৰা হ’ব৷

এই ভৱনত প্রতিটো ৰাজ্যিক ক্রীড়া সন্থাৰ কার্যালয় স্থাপন কৰা হ’ব৷ ৩৫খন জিলা ক্রীড়া সন্থা, ৩১খন ৰাজ্যিক ক্রীড়া সন্থা আৰু অসম অলিম্পিক সন্থাৰ প্রায় ২০০ প্রতিনিধিয়ে অংশ লোৱা সাধাৰণ সভাত মুখ্যমন্ত্রীৰ সৈতে উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ উপ–সভাপতি তথা মন্ত্রী সিদ্ধার্থ ভট্টাচার্য আৰু পীয়ূষ হাজৰিকা, ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থা আৰু হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন কুমাৰ দাস, ক্রীড়া সঞ্চালক ধর্মকান্ত মিলি আৰু অসম চৰকাৰৰ ক্রীড়া আয়ুক্ত তথা সভাৰ পর্যবেক্ষক মলয় বৰা৷

সভাত অসম অলিম্পিক সন্থাৰ ৱেবছাইট, নিউজ লেটাৰ আৰু এটা অডি’ ভিজুৱেল মুখ্যমন্ত্রী সোণোৱালে মুকলি কৰে৷ আজি সাধাৰণ সভাত অলিম্পিক ভৱন নির্মাণ, ক্রীড়া সন্থাৰ স্বীকৃতি, সংবিধান সংশোধনী, গ্রাছৰুট অলিম্পিক, ক্রীড়া সন্থাৰ বার্ষিক কার্যকলাপৰ প্রতিবেদন দাখিল আৰু গোৱা নেচনেল গেমছৰ ওপৰত প্রস্তাৱ গ্রহণ কৰা হয়৷

You might also like