বিশেষ বাৰ্তা, ২ আগষ্ট : তিনিচুকীয়াত সদ্যোজাত শিশু বিক্ৰীৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ইতিমধ্যে এই ঘটনাৰে জড়িত জিনামণি গোহাঁই নামৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী এগৰাকীক তিনিচুকীয়া আৰক্ষীয়ে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ পৰা আটক কৰিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, ১৩ জুলাইত মাৰ্ঘেৰিটা FRUত বৰডুমছাৰ মৰাণ উপাধিৰ এগৰাকী মহিলাই এটি শিশু জন্ম দিছিল । তাৰ পাছতেই উক্ত মহিলাগৰাকীয়ে নৱজাতকক লৈ ছুটী নিদিয়াকৈ চিকিৎসালয়ৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত ২৩ জুলাইত নৱজাতকটি তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত আৰক্ষী কনিষ্টবল চিওজী তিৱাৰীক লক্ষাধিক টকাৰ বিনিময়ত স্বাস্থ্যকৰ্মী জিনামণি গোহাঁইৰ জৰিয়তে চমজাই দিয়ে ৷
আৰক্ষী কনিষ্টবল চিওজী তিৱাৰীক লক্ষাধিক টকাৰ বিনিময়ত নৱজাতকটিক চমজাই দিয়াৰ পাছতে ২৫ জুলাইত নৱজাতকটি অসুস্থ হৈ পৰাত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিয়াত চিকিৎসকে পোহৰলৈ আনে সমগ্ৰ ঘটনা। সেই সময়তে জিলা শিশু সুৰক্ষা বিভাগে নৱজাতকটি নিজৰ জিম্মাত লৈ চিকিৎসা প্ৰদান কৰাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়া সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
জিলা শিশু সুৰক্ষা বিভাগৰ এজাহাৰৰ ভিত্তিত শুকুৰবাৰে স্বাস্থ্যকৰ্মী জিনামণি গোহাঁইক আটক কৰিছে যদিও প্ৰসৱ কৰি অবৈধভাৱে গতাই দিয়া মহিলাগৰাকী আৰু অবৈধভাৱে নৱজাতকটিক চমজি লোৱা আৰক্ষী কনিষ্টবলগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ভূমিকা সন্দেহজনক ৷
সমগ্ৰ ঘটনাত মোটা অংকৰ ধনৰ লেনদেনৰ লগতে আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰী জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে জিলা শিশু সুৰক্ষা বিভাগৰ বিষয়াই ।