নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰদেৱে সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথা প্ৰথমে চিন্তা কৰিছিলঃ নগাঁৱত সত্যৰঞ্জন বৰাৰ সংবাদ মেল

বিশেষ বাৰ্তা, ২৯ আগষ্ট : ভাৰতবন্দনা কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ভাৰতবৰ্ষৰ একমাত্ৰ মহাপুৰুষ। গুৰুজনাই ৪৮ বাৰ ভাৰত বন্দনা কৰিছিল। এইজন মহাপুৰুষক আজিও ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত চিনি পোৱা নাই। এই মন্তব্য সত্যৰঞ্জন বৰাৰ। আজি নগাঁও পৰ্যটন নিবাসত আয়োজিত সংবাদ মেলত বৰাই কয় – গুৰুজনাই প্ৰথম ৰাষ্ট্ৰবাদৰ কথা চিন্তা কৰিছিল। গুৰুজনাৰ সত্তাক আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস কৰিছো। গুৰুজনাৰ সৃষ্টিৰাজিক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবৰ বাবে কুটুম্ব সুৰক্ষা পৰিষদে প্ৰয়াস কৰিছে। গুৰুজনাৰ চিন্তা দৰ্শনক ৰাষ্ট্ৰীয়, আন্ত ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস চলি আহিছে। আজিও চলি আছে। কিন্তু গুৰুজনাক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কথা বাদেই আনকি অসমতেই বহুতে চিনি নাপায়। তেওঁ লগতে কয় অসমত আমি ৰবীন্দ্ৰনাথ ঠাকুৰ, স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী প্ৰতি বছৰে পালন কৰো। ইয়াত আপত্তি কৰিবলৈ নাই। দীনদয়াল উপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জীকে ধৰি কাৰ কাৰ জন্মজয়ন্তী পালন নকৰো। কিন্তু অসমৰ বাহিৰত কোনো এখন ৰাজ্যত শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী আন্তৰিকতাৰে পালন কৰা দেখিছেনে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমত জন্ম হোৱাটো ভুল আছিল নেকি বুলি মন্তব্য কৰি বৰাই কয় যিজন মহাপুৰুষক কোনেও চিনি নাপালে। শংকৰদেৱ গুৰুজনাক সকলোকে চিনি পাব লাগিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমেই সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথা কৈছিল। শংকৰদেৱ প্ৰথম মহাপুৰুষ যিয়ে সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ চিন্তা কৰিছিল। তেওঁ লগতে কয়- মহাপুৰুষ জনাই তাহানিতেই গো হত্যা মহাপাপ বুলি কৈ গৈছে। তেওঁ লগতে কয় – অসমত চাকৰি কৰি থকা বহু বাহিৰৰ বিষয়াই শংকৰদেৱৰ বিষয়ে নাজানে। ইয়াতকৈ দূৰ্ভাগ্যজনক কথা আৰু কি হব পাৰে। সেয়ে আমি গুৰুজনাৰ চিন্তা দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ প্ৰয়াস কৰিছো। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আদি বৰেণ্য ব্যক্তিসকলৰ কথা উল্লেখ কৰি বৰাই কয় এই সকল মনিষী অসমত জন্ম হোৱাটো ভুল আছিল নেকি? যাৰ বিষয়ে আমি নাজানো। কিন্তু ভাৰতৰ অন্য ৰাজ্যৰ মহাপুৰুষ বীৰ বীৰঙ্গনাক সকলোৱে চিনিপায়। বীৰ লাচিত বৰফুকনক সৌ সিদিনাহে জানিব পাৰিছো। আমি স্বাভিমান, ঐতিহ্য সকলো এৰিলো আমাৰ ভাষাটোও নোহোৱা হৈছে। আমি এতিয়াই এই কথাবোৰ ভালদৰে চিন্তা নকৰিলে আমি অসমীয়াসকলৰ কেবল শৰীৰটোহে থাকিব। আমি উত্তৰপ্ৰদেশত শংকৰজয়ন্তী পাতিবৰ বাৰে সংশ্লিষ্ট জিলা উপায়ুক্তক ইংৰাজীত আবেদন কৰিছিলোঁ। কিন্তু জিলা প্ৰশাসকে কলে হিন্দীত আবেদন কৰিব লাগিব। কিন্তু আমাৰ ইয়াত পৰীক্ষাত অসমীয়া বিষয়টো বাধ্যতামূলক নহয়। শংকৰদেৱ গুৰুজনাৰ নামত ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিশ্ববিদ্যালয়ত এখনো আসন কিয় নাই। কুটুম্ব সুৰক্ষা পৰিষদে ১৫ আৰু ১৬ অক্টোবৰত উত্তৰপ্ৰদেশৰ মথুৰা জিলাৰ বিন্দাবনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উদযাপন কৰাৰ পদক্ষেপ গ্ৰহন কৰিছে। গুৰুজনাৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি বৃহত্তৰ ভাৰতীয় সনাতন সত্তাৰ সেতুবন্দনৰ হেতু সূত্ৰধাৰ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত সকলোৰে সহযোগিতা কামনা কৰিছে সত্যৰঞ্জন বৰাই। শংকৰদেৱৰ আদৰ্শৰে বৃহত্তৰ অসমীয়া সমাজ খনক সমন্বয়ৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ তেওঁ আহ্বান জনায়। সাংস্কৃতিক অৰ্থনৈতিকভাবে অসমীয়া সমাজক স্বাবলম্বী কৰাৰ প্ৰয়াস কৰিছোঁ। তেওঁ অসমীয়া জাতিক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ জাতি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

You might also like