নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ জনজাতিৰ নিবনুৱাৰ বাবে দয়াল দাস পাণিকা স্বনিয়োজন আঁচনিৰ প্ৰ-পত্ৰ স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন বিধায়ক তৰংগ গগৈৰ

বিশেষ বাৰ্তা, ২৯ আগষ্টঃ চাহ জনজাতি নিবনুৱা যুৱক যুৱতীসকলৰ স্বনিয়োজনৰ বাবে অসম চৰকাৰৰ ৰূপায়ন কৰা শ্বহীদ দয়াল দাস পাণিকা স্ব-নিয়োজন আঁচনিৰ প-পত্ৰ স্বাক্ষৰ অনুষ্ঠান আজি নাহৰকটীয়াত অনুষ্ঠিত হয়।নাহৰকটীয়াৰ জ্যোতিবিষ্ণু সাংস্কৃতিক প্ৰকল্পত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ উদ্যোগত অনুষ্ঠিত হয় এই প-পত্ৰ স্বাক্ষৰ অনুষ্ঠানৰ।উল্লেখ্য যে চাহ জনজাতি নিবনুৱা যুৱক যুৱতী সকলে শ্বহীদ দয়াল দাস পাণিকা স্ব-নিয়োজ আঁচনিৰ প-পত্ৰত স্থানীয় বিধায়ক আৰু চাহ জনজাতি কল্যাণ বিভাগৰ অধ্যক্ষৰ স্বাক্ষৰ সংগ্ৰহ কৰি প-পত্ৰ জমা দিয়াৰ পিছত নিবনুৱা যুৱক যুৱতীসকলক ৰাজ্য চৰকাৰে ২৫ হেজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰে।পিছে এই প-পত্ৰ চাহ জনজাতি কল্যান বিভাগৰ অধ্যক্ষৰ স্বাক্ষৰ সংগ্ৰহৰ বাবে যুৱক যুৱতীসকলে বাটকুৰি বাই ডিব্ৰুগড়লৈ ঢাপলি মেলিব লগা হোৱাৰ উপৰিও প-পত্ৰ পূৰণত দালাল ৰাজৰ সৃষ্টি হোৱাত যুৱক যুৱতীসকলৰ বহু টকা পইচাৰ খৰচ হোৱাৰ উপৰিও বিপাঙত পৰে।পিছে চাহ জনগোষ্ঠীৰ এনে নিবনুৱা যুৱক যুৱতী সকলৰ সুবিধাৰ্থে তথা প-পত্ৰ পূৰণত দালাল ৰাজ বন্ধ কৰাৰ লক্ষ্যৰে বিধায়ক তৰংগ গগৈয়ে আজি নাহৰকটীয়াত এই প-পত্ৰ স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন কৰে।এই অনুষ্ঠান ডিব্ৰুগড়ৰ পৰা অহা চাহ জনজাতি কল্যান বিভাগৰ অধ্যক্ষ সুচিল তাচাৰ লগতে স্থানীয় বিধায়ক তৰংগ গগৈয়ে প্ৰায় দুই সস্ৰাধিক নিবনুৱা যুৱক যুৱতীৰ প-পত্ৰত স্বাক্ষৰ কৰে।বহু সময়ত বিধায়কৰ স্বাক্ষৰৰ বাবে হাবাথুৰি খাব লগা হোৱা এনে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে স্বয়ং বিধায়ক তৰংগ গগৈয়ে এনে অনুষ্ঠান আয়োজন কৰি স্বাক্ষৰ সংগ্ৰহৰ সুবিধা কৰি দিয়াৰ বাবে চাহ জনগোষ্ঠীয় লোক সকলে এতিয়া ভূয়সী প্ৰশংসা কৰিছে বিধায়ক তৰংগ গগৈক।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like