নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশাৰ এভাৰেষ্টত ৰহস্যজনক শব্দৰ উৎসৰ সন্ধান বিজ্ঞানীৰ

নিয়মীয়া বাৰ্তা, ৫ মে’: সুউচ্চ পর্বত শৃংগ মাউণ্ট এভাৰেষ্টত নিশাৰ ভাগত অদ্ভুত তথা ৰহস্যময় শব্দ শুনা যায়৷ এই দাবী কৰি আহিছে বিজ্ঞানীসকলে৷ দীর্ঘদিন ধৰি এই ৰহস্য উদ্ঘাটনৰ চেষ্টা কৰি আহিছিল হিমবাহ বিজ্ঞানীৰ দলে৷ শেহতীয়াকৈ এদল হিমবাহ বিজ্ঞানীয়ে সেই শব্দৰ উৎসৰ সন্ধান লাভ কৰিছে৷ ৰহস্যময় তথা অদ্ভুত শব্দৰ উৎস প্রকাশ কৰিছে বিজ্ঞানীসকলে৷ হিমবাহ বিজ্ঞানী এভগেনি পোডলস্কিয়ে এই ৰহস্যময় শব্দৰ ব্যাখ্যা দিছে৷ এভগেনিৰ নেতৃত্বত ৰহস্যময় শব্দৰ উৎস উদ্ঘাটন কৰিবলৈ এসপ্তাহ ধৰি নেপালৰ দিশত থকা হিমালয়ত ট্রেক কৰিছিল৷ ট্রাকার্ডিং–এম্বো হিমবাহৰ ওপৰত পৰীক্ষা চলাইছিল বিজ্ঞানীৰ দলটোৱে৷ তিনি সপ্তাহ ধৰি এই হিমবাহৰ ওপৰত তন্নতন্নকৈ পৰীক্ষা চলায় এভগেনি আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে৷ এভগেনিয়ে দাবী কৰা অনুসৰি, হিমবাহৰ গভীৰত কম্পন জুখিবলৈ ছেঞ্চৰ বহুওৱা হৈছিল৷ ভূমিকম্পৰ তীব্রতা জুখিবলৈ যি প্রযুক্তি ব্যৱহাৰ কৰা হয়, সেই প্রযুক্তি ব্যৱহাৰ কৰে এভগেনি আৰু তেওঁৰ সতীর্থসকলে৷ এই পৰীক্ষাৰ সময়ত নিশাৰ এভাৰেষ্টত যি ৰহস্যময় শব্দৰ সৃষ্টি হয়, তাৰ সৈতে অত্যধিক শীতৰ এক নিবিড় সম্পর্ক থকাটো ধৰা পেলায় এভগেনিয়ে৷ নিশা তাপমাত্রা অত্যধিক কমি যোৱাৰ বাবে বৰফত ফাট মেলিবলৈ ধৰে আৰু তাৰ ফলতেই এভাৰেষ্টত নিশাৰ ভাগত অদ্ভুত শব্দ শুনিবলৈ পোৱা যায় বুলি দাবী কৰিছে এভগেনিসহ বিজ্ঞানীৰ দলটোৱে৷ অর্থাৎ হিমবাহৰ বৰফ ফাটি ৰহস্যজনক শব্দৰ সৃষ্টি হয় এভাৰেষ্টৰ বুকুত৷

You might also like