নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ মনত উৎসাহ পাব৷ যোগাযোগত মন কৰিলে অনুকূলতা দেখা যায়৷ বন্ধু–বান্ধৰ পৰা কোনো সূত্রৰ সম্ভেদ পাব পাৰে৷ দৃঢ়তাৰে ব্যক্তিগত কামত আগুৱাব পাৰিব৷ দাম্পত্যত শুভ৷ বগা শুভ ৰং, শুভ সংখ্যা ৮৷
বৃষ ঃ মনটো গধুৰ গধুৰ লাগিব৷ চৰকাৰী কর্মচাৰীসকলৰ দুটা–এটা কষ্টদায়ক কাৰণ হ’ব পাৰে৷ খৰচ পাতিকে ধৰি ঘৰুৱাতো নিজে সক্রিয় ভূমিকা লোৱাটো দৰকাৰ হ’ব৷ ৪ শুভ সংখ্যা৷ ৰঙা শুভ ৰং৷
মিথুন ঃ পূর্ব দিনৰ তুলনাত আজি উন্নত৷ ঘৰুৱাতো বিশেষ বেয়া নহ’ব৷ নিজ কর্ম চিন্তাৰ উন্নতি হ’ব৷ যোগাযোগত উৎসাহ পাব৷ দূৰ যাত্রাতো সুফল দেখিব৷ দাম্পত্যত উদ্বেগ কিছু থাকিব৷ নীলা শুভ ৰং, ৩ শুভ সংখ্যা৷
কর্কট ঃ শাৰীৰিক দিশত নজৰ দিব লাগিব৷ দুই–এটা সমস্যাৰ মাজত পৰিব পাৰে৷ বন্ধু–বান্ধৱৰ লগত মন খুলি আলাপ কৰাটো কঠিন হ’ব৷ আর্থিকত মধ্যম৷ দাম্পত্যত মজলীয়া৷ বগা শুভ, ৪ শুভ সংখ্যা৷
সিংহ ঃ কর্মস্থানত কোনোৰ উদাসীন৷ জিৰণিৰ সুযোগ পালে আজি লোৱাৰ দৰকাৰ৷ বাকী পৰিৱেশ অনুকূল৷ দাম্পত্যতো বেয়া নাযাব৷ সন্তানৰ চিন্তা৷ নিজৰ ভৱিষ্যৎ লৈ সাময়িক উৎকণ্ঠা৷ শৰীৰ মধ্যম৷ ৰঙা শুভ ৰং, ১ শুভ সংখ্যা৷
কন্যা ঃ আজিৰ দিনটোত ঘৰুৱা কথাত মন ভালেই থাকিব৷ ব্যস্ততাৰ মূল্য কিছু পৰিমাণে লাভ কৰিব৷ গুৰুত্বপূর্ণ কামত এলাহ নকৰাই ভাল৷ বিদ্যাত মজলীয়া ফল৷ খৰচ বৃদ্ধি৷ সেউজীয়া শুভ ৰং, ৫ শুভ সংখ্যা৷
তুলা ঃ কামত উৎসাহ পাব৷ ঘৰুৱা দিশতো সহানুভূতি থাকিব৷ কিন্তু দাম্পত্যত কিছু সমস্যা থাকিলে দুশ্চিন্তা নাই৷ নিজে সক্রিয় ভূমিকা ল’লে অসম্পূর্ণ বিষয়ত অগ্রগতি ল’ব৷ বগা শুভ ৰং, ৬ শুভ সংখ্যা৷
বৃশ্চিক ঃ অলপ সতর্ক হৈ চলক৷ নতুন কাম–কাজৰ আৰম্ভণি আদিত আহুকাল থাকিব৷ বন্ধু–বান্ধৱৰ পৰা ভাল সহানুভূতি নাপাব৷ শৰীৰৰ দুর্বলতা থাকিব৷ বিদ্যাত মধ্যম৷ দাম্পত্যত বিশেষ জটিল নাই৷ ৰঙা শুভ ৰং৷ ৯ শুভ সংখ্যা৷
ধনু ঃ আজি কিছু ফৰকাল৷ বিদ্যার্থীৰ বাবেও বেয়া নহ’ব৷ মুঠতে আজি পৰিৱেশ অনুকূলেই দেখা যায়৷ তথাপি আপোন কোনো লোকৰ সৈতে মানসিক দ্বন্দ্বৰ সৃষ্টি হ’লেও ক্ষতিকাৰক নহ’ব৷ হালধীয়া শুভ, ৩ শুভ৷
মকৰ ঃ কিছু পৰিমাণে মনটো ফৰকাল থাকিব৷ কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্রশংসা পাব৷ কিছু ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তত উদ্বেগৰ সৃষ্টি যেন দেখিলে মনোবল বঢ়াওক৷ ক’লা শুভ ৰং৷ ৮ শুভ সংখ্যা৷
কুম্ভ ঃ সাৱধানেৰে কামত আগুৱাওক৷ শৰীৰৰ প্রতি একেবাৰে অৱজ্ঞা নকৰিব৷ অনাৱশ্যক উৎকৃষ্ট কাৰক৷ পঢ়া–শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব৷ নীলা শুভ ৰং৷ ৪ শুভ সংখ্যা৷
মীন ঃ সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব৷ পৰিৱর্তনীয় মনোভাবে ভ্রমণৰ উদ্যোগী হয়৷ ব্যৱসায়–বাণিজ্যত মজলীয়া ফল৷ প্রেম–প্রীতিত ভালেই দেখা যায়৷ ৰঙা শুভ ৰং৷ ১ শুভ সংখ্যা৷

You might also like